ক’ভিড কালত বিপন্ন শৈশৱ
ক’ভিড–১৯ বা ক’ৰোনা ভাইৰাছ মহামাৰীয়ে বিশ্বজুৰি সর্বনাশী ৰূপ ধাৰণ কৰাৰ সময়তে বিভিন্ন যুদ্ধ আক্রান্ত দেশৰ পৰিস্থিতি অধিক ভয়াৱহ হৈছে৷ বিশেষকৈ মধ্যপ্রাচ্যৰ যুদ্ধ–সংঘর্ষত বিধ্বস্ত দেশসমূহত ক’ভিড সংকটৰ সময়ছোৱাত ভয়াৱহ খাদ্য সংকটে দেখা দিছে৷ এই দেশসমূহৰ ভিতৰত লেবানন, য়েমেন আৰু ছিৰিয়াৰ পৰিস্থিতি অধিক জটিল হৈ পৰিছে৷ ছিৰিয়াৰ বিদ্রোহী নিয়ন্ত্রিত অঞ্চলত আবদ্ধ হৈ থকা কেইবালাখো লোকৰ ক’ভিড–১৯ৰ সংক্রমণ প্রতিৰোধৰ নাই নূ্যনতম সুযোগ৷ ২০১১ চনৰ পৰা গৃহযুদ্ধত আক্রান্ত হৈ থকা দেশখনৰ মুঠ জনসংখ্যাৰ আধাসংখ্যকেই গৃহহীন তথা স্থানচ্যুত হৈছে৷ ইফালে, কেইবানিযুতো লোকে প্রতিৱেশী ৰাষ্ট্রত আশ্রয় লৈছে৷ যুদ্ধৰ হিংস্রতাই ইতিমধ্যে দেশখনত প্রাণ কাঢ়িছে পাঁচ লক্ষাধিক লোকৰ৷ নিহত লোকসকলৰ প্রায় এক লাখেই শিশু৷ ভয়াৱহ এই যুদ্ধত কিমান লাখ লোক ঘুণীয়া হ’বলগীয়া হ’ল তাৰ প্রকৃত তথ্য বিচাৰি পাবলৈ নাই৷ যুদ্ধই পংগু কৰা দেশখনত নাই উপযুক্ত চিকিৎসা ব্যৱস্থা৷ ইতিমধ্যে বোমা–ক্ষেপণাস্ত্রত ধ্বংস হৈছে বহু স্বাস্থ্যকেন্দ্র৷ হাস্পতালবোৰ এতিয়া মাথোঁ একো একোটা ধ্বংসস্তূপ৷ গতিকে সাধাৰণ চিকিৎসা প্রদান কৰাৰেই দেশখনত সুবিধা নাই৷ এনে দুর্যোগৰ মাজত ক’ভিড–১৯ মহামাৰীৰ মোকাবিলা দেশখনত এতিয়া সপোন মাথোন৷ অৱশ্যে বিদ্রোহী নিয়ন্ত্রিত অঞ্চলত আবদ্ধ হৈ থকা অসহায়, দুর্গত জনতালৈ শেহতীয়াকৈ মানৱীয় সাহায্য প্রেৰণৰ সিদ্ধান্ত লৈছে ৰাষ্ট্রসংঘৰ নিৰাপত্তা পৰিষদে৷ ১৫ সদস্যবিশিষ্ট ৰাষ্ট্রসংঘৰ নিৰাপত্তা পৰিষদৰ পাঁচ স্থায়ী সদস্যৰ ভিতৰত ৰাছিয়া আৰু চীনে এইক্ষেত্রত তীব্র আপত্তি দর্শাইছিল যদিও ব্রিটেইন, ফ্রান্স আৰু আমেৰিকাৰ হেঁচাত নিৰাপত্তা পৰিষদে ছিৰিয়ালৈ মানৱীয় সাহায্য প্রেৰণৰ পক্ষত সিদ্ধান্ত গ্রহণ কৰে৷ তুৰস্ক সীমান্তৰে ছিৰিয়ালৈ এই সাহায্য প্রেৰণ কৰা হৈছে যদিও ক’ভিড কালৰ সংকটৰ মোকাবিলা কৰাৰ ক্ষেত্রত সেয়া অতি সামান্য হিচাপে চিহ্ণিত হৈছে৷ গতিকে দেশখনত কিমান শিশু পুনৰ অর্ধাহাৰ, অনাহাৰ আৰু অপুষ্টিৰ গ্রাসত পৰে তাক অনুমান কৰাটো টান৷ মধ্যপ্রাচ্যৰ অন্য এখন দেশ লেবাননত ক’ভিড–১৯ৰ পৰীক্ষাৰ পৰা বঞ্চিত হৈছে নাৰী সমাজ৷ ইতিমধ্যে চৰকাৰবিৰোধী বিক্ষোভত উত্তাল হৈ থকা লেবাননত ক’ভিড মহামাৰীৰ সংক্রমণ প্রতিৰোধৰ ক্ষেত্রত বিশেষ ব্যৱস্থা গ্রহণ কৰা হোৱা নাই৷ দেশখনত ক’ভিড–১৯ৰ পৰীক্ষা চলোৱা হৈছে অতি কমকৈ৷ কিন্তু মহিলাৰ ক্ষেত্রত এই পৰীক্ষা শূন্য বুলি ক’লেও ভুল কৰা নহয়৷ লেবাননতো ছিৰিয়াৰ দৰে ভয়ংকৰ পৰিস্থিতিয়ে দেখা দিব পাৰে৷ শেহতীয়াকৈ পৰিস্থিতি অধিক জটিল হৈ পৰা দেশখন হৈছে য়েমেন৷ যুদ্ধৰ হিংস্রতাই য়েমেনত সকলো মানৱীয় চর্ত উলংঘা কৰিছে৷ যুদ্ধই দেশখনত সৃষ্টি কৰিছে ভয়াৱহ খাদ্য সংকট৷ যুদ্ধবিধ্বস্ত দেশখনত ইতিমধ্যে কলেৰাই মহামাৰীৰ ৰূপ ধাৰণ কৰিছে৷ কলেৰাত প্রাণ হেৰুৱাইছে বহু শিশুৱে৷ খাদ্য সংকট, কলেৰাৰ সংহাৰৰ মাজতে প্রাণঘাতী ক’ৰোনাই কঢ়িয়াই আনিছে নতুন দুর্যোগ৷ ৰাষ্ট্রসংঘৰ শাখা সংস্থা ইউনিচেফৰ পৰা সদৰী কৰা অনুসৰি ক’ভিড–১৯ মহামাৰীৰ বাবেই য়েমেনত কেইবানিযুতো শিশু নতুনকৈ দুর্ভিক্ষৰ কবলত পৰিব পাৰে৷ এই শিশুসকলৰ জীৱন ৰক্ষা কৰিবলৈ হ’লে প্রয়োজন কমেও পঞ্চাশ কোটি ডলাৰৰ৷ ভয়াৱহ মানৱীয় সংকট চলি থকা দেশখনত প্রয়োজনীয় সাহায্যৰ ব্যৱস্থা কৰা নহ’লে আগষ্ট মাহৰ শেষলৈ প্রায় ২৫ হাজাৰ শিশু মৃত্যুমুখত পৰিব পাৰে বুলি ইউনিচেফে ঘোষণা কৰিছে৷ ইতিমধ্যে পাঁচ বছৰীয়া যুদ্ধই দেশখনৰ শিশু প্রজন্মৰ জীৱনলৈ নমাই আনিছে অন্ধকাৰ৷ এতিয়া আকৌ আহিছে ক’ৰোনাই কঢ়িওৱা দুর্যোগ৷ য়েমেনৰ অসংখ্য লোকৰ বাবে অনাগত দিনবোৰ হ’ব অধিক ভয়াৱহ৷
বিশ্বজুৰি অব্যাহত থকা দুর্যোগৰ মাজত যুদ্ধবিধ্বস্ত দেশসমূহত যে হেৰাই যাবলৈ ধৰিছে শৈশৱ সেই কথাক কোনে গুৰুত্ব দিব৷ এই দেশবোৰত প্রজন্মৰ পাছত প্রজন্ম কেৱল বন্দী হৈ পৰিছে অশিক্ষাৰ অন্ধকাৰত৷ অপুষ্টি, অস্বাস্থ্য এতিয়া শিশুসকলৰ সহচৰ৷ বোমা–ক্ষেপণাস্ত্রৰ শব্দত কঁপি থকা এই দেশবোৰত শিশুৰ বাবে প্রতিটো পুৱা হৈ পৰে হিংস্রতাৰ শিহৰণকাৰী অভিজ্ঞতাৰে ভৰা৷ মাতৃৰ বুকুৰ মাজৰ পৰা ওলাই যোৱা শিশুটি পুনৰ জীৱন্তে ঘূৰি আহিবনে তাৰ কোনো নিশ্চয়তা নাই৷ ৰাষ্ট্রসংঘই বাৰে বাৰে এই ভয়াৱহ পৰিস্থিতিৰ সময়ত সংঘর্ষজর্জৰ দেশসমূহৰ সংকটক গুৰুত্ব দিবলৈ প্রতিখন দেশক আহ্বান জনাইছে৷ কিন্তু ৰাষ্ট্রসংঘৰ এই আহ্বান গুৰুত্বহীন হৈ পৰিছে৷ কোনো এখন দেশেই ভয়াৱহ পৰিস্থিতিক লৈ উদ্বেগ প্রকাশ কৰা নাই৷ সেইবাবে বিভিন্ন সামাজিক সংগঠন মানৱাধিকাৰ সংস্থাৰ শংকা বাঢ়িছে– পৃথিৱীৰ পৰা হেৰাই যাব নেকি মানৱীয়তাৰ সকলো চর্ত৷