নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

তিনিবাৰলৈ চেষ্টা বিফল, চতুর্থবাৰতহে ৰাজাক হত্যা সোনম গেঙৰ

🔹 ৫ অভিযুক্তৰ স্বীকাৰোক্তিত ‘হনীমুন কাণ্ড’ৰ শিহৰণকাৰী তথ্য

বিশেষ বাৰ্তা, ১৪ জুন : সমগ্র দেশ কঁপাই তোলা ইন্দোৰৰ ট্রেন্সপ’ৰ্ট ব্যব্যৱসায়ী ৰাজা ৰঘুবংশীৰ নৃশংস হত্যাকাণ্ড যে প্রেম আৰু বিশ্বাসঘাতকতাৰ এক লোমহর্ষক কাহিনী সেয়া মেঘালয় আৰক্ষীৰ এছআইটিৰ তদন্তত স্পষ্ট হৈছে৷ ৰাজা হত্যাকাণ্ডৰ মাষ্টাৰমাইণ্ড আছিল ৰাজ কুছৱাহা৷ ৰাজাৰ নৱবিবাহিত পত্নী সোনম ৰঘুবংশীৰ প্রত্যক্ষ সহযোগিতাত হত্যাকাণ্ডৰ সমস্ত পৰিকল্পনা ৰচনা কৰিছিল৷ যাক মেঘালয়ৰ সেউজ পাহাৰৰ বুকুত বাস্তৱ ৰূপ দিয়ে বিশাল, আকাশ আৰু আনন্দই৷ ইয়াৰ মূলতে আছিল সোনম–ৰাজৰ অবৈধ প্রণয়৷ ইতিমধ্যে সোনম–ৰাজসহ ৫ অভিযুক্তকেই গ্রেপ্তাৰ কৰিবলৈ সক্ষম হৈছে এছআইটিয়ে৷ মধ্যপ্রদেশ–উত্তৰ প্রদেশৰ পৰা ট্রেনজিট ৰিমাণ্ডত আনি শ্বিলংস্থিত সত্র ন্যায়াধীশৰ আদালতৰ পৰা ৮ দিনৰ জিম্মাত লৈ এছআইটিয়ে আটাইকে মাৰাথন জেৰা অব্যাহত ৰাখিছে৷ জেৰাকালত ৫ অভিযুক্তই দিয়া স্বীকাৰোক্তিৰ আধাৰত ‘হনীমুন কাণ্ড’ৰ কেতবোৰ শিহৰণকাৰী তথ্য সংবাদ মাধ্যমৰ আগত সদৰী কৰিছে মেঘালয় আৰক্ষীয়ে৷

পূব খাচিপাহাৰ জিলাৰ আৰক্ষী অধীক্ষক বিবেক ছিয়েমে সকলো অভিযুক্তই ইতিমধ্যে অপৰাধ স্বীকাৰ কৰাৰ কথা উল্লেখ কৰি কয় যে ২৩ মে’ত ঘটনা সংঘটিত কৰাৰ পূর্বেও ৰাজাক হত্যা কৰাৰ বাবে তিনিবাৰ পৰিকল্পনা কৰা হৈছিল৷ অৱশ্যে গুৱাহাটীৰ পৰা চেৰাপুঞ্জীলৈ তিনি স্থানত ৰচনা কৰা এই পৰিকল্পনাকেইটা ব্যর্থ হয়৷ গুৱাহাটীতেই ৰাজাক প্রথম হত্যাৰ অপচেষ্টা চলোৱা হয়৷ ইয়াৰ পাছত নংগ্রিয়াত আৰু মাৱলিখিয়াটতো অনুৰূপ চেষ্টা চলাইছিল যদিও সোনম–বিশাল–আকাশ–আনন্দ সফল নহ’ল৷ অৱশেষত ২৩ মে’ত চোহৰাৰ উম্বলাইৰ ৰিয়াট আর্লিয়াং পার্কিংলটৰ ৱেইছ’ডং জলপ্রপাতৰ সমীপত নৱবিবাহিত পত্নী সোনমৰ নির্দেশত তথা চকুৰ সন্মুখতে অতি নৃশংসভাৱে বিশাল–আকাশ–আনন্দই স্বামী ৰাজাক হত্যা কৰে৷ নাৰকীয় কাণ্ড সংঘটিত কৰিয়েই ৰাজাৰ নিথৰ দেহ পেলাই দিয়া হৈছিল এটা দ’ গিৰিখাদত৷ য’ৰ পৰাই যোৱা ২ জুনত অভিযানকাৰী দলে উদ্ধাৰ কৰে ৰাজাৰ উৱলি যোৱা মৃতদেহ৷ আৰক্ষী অধীক্ষক ছিয়েমে কয় যে ১১ মে’ত বিবাহ সম্পন্ন হোৱাৰ পাছত ২০ মে’ত ইন্দোৰৰ পৰা বেংগালুৰু হৈ বিমানেৰে ৰাজা–সোনম গুৱাহাটীত উপস্থিত হৈছিল যদিও তাৰ এদিন পূর্বে অর্থাৎ ১৯ মে’তে ৰে’লযোগে আহি বিশাল–আকাশ–আনন্দই পাণবজাৰৰ ‘আনন্দ লজ’ত বাহৰ পাতিছিল৷ পিছদিনা নৱদম্পতী গুৱাহাটী আহি পোৱাৰ পাছত ৰাজাক হত্যা কৰাৰ পৰিকল্পনা কৰা হৈছিল৷ কিন্তু তেওঁলোক সফল নহ’ল৷ গুৱাহাটীত কামাখ্যা মন্দিৰ দর্শন কৰি মেঘালয় অভিমুখে ৰাওনা হোৱা ৰাজা–সোনমক শ্বিলঙৰ পৰাই স্কুটীৰে তিনি হত্যাকাৰীয়ে অনুসৰণ কৰিছিল৷ ইতিমধ্যে নৱদম্পতীয়ে মাৱলাখিয়াটত উপস্থিত হৈ নংগ্রিয়াটৰ শিপাৰা হোমষ্টেত অৱস্থান কৰে৷ তাৰ পৰাই তেওঁলোকে ভাৰাত লোৱা এখন স্কুটীৰে ফুৰিবলৈ বুলি ওলাই যায় আৰু বিখ্যাত লিভিংৰুট–ডাবলডেকা দলং দর্শন কৰে৷ এই সময়ছোৱাতো ৰাজাক হত্যাৰ পৰিকল্পনা ৰচা হৈছিল৷ ২২ মে’ৰ নিশাটো একেটা হোমষ্টেত কটোৱা ৰাজা–সোনমে ২৩ মে’ৰ পুৱা চেকআউট কৰি ডাবলডেকাৰ দলং–ৱেইছ’ডং জলপ্রপাতৰ সৌন্দর্য উপভোগ কৰিবলৈ যায়৷ এই সময়ছোৱাতো তিনি হত্যাকাৰীয়ে দুয়োকে অনুসৰণ কৰি গৈছিল৷ ডাবলডেকাৰ দলঙৰ সমীপত ট্রেকিং কৰাৰ সময়ত পর্যটকৰ বেশত থকা তিনি হত্যাকাৰীয়ে ৰাজাৰ সৈতে কথা–বতৰা পাতে৷ কিন্তু তাত এগৰাকী মহিলাৰ দোকান থকাৰ পৰিপ্রেক্ষিতত হত্যাকাৰীয়ে সুযোগ ল’ব নোৱাৰিলে৷ এইবাৰ ৰাজাক লৈ যোৱা হয় ৱেইছ’ডং জলপ্রপাতৰ দিশে৷ তাতেই হত্যাকাণ্ডটো দুপৰীয়া ২ বজাৰ পৰা ২.৩০ বজাৰ ভিতৰত সংঘটিত কৰা হয়৷

আৰক্ষী অধীক্ষক ছিয়েমে জানিবলৈ দিয়া মতে, বিশাল–আকাশ–আনন্দক যদিও ছুপাৰি কিলাৰ বুলি কোৱা হৈছে, প্রকৃততে সেয়া নহয়৷ সোনমে পৰিয়ালৰ হেঁচাত পৰিহে ৰাজাৰ সৈতে বিবাহপাশত আবদ্ধ হৈছিল৷ প্রকৃততে সোনম আৰু ৰাজৰ মাজত আছিল প্রেমৰ সম্পর্ক৷ সেয়েহে ৰাজৰে থকা বন্ধুত্বৰ স্বার্থতহে তিনি ঘাতকে এই দুষ্কার্য সংঘটিত কৰিছে৷ হত্যাকাণ্ড সংঘটিত কৰাৰ পাছত সোনমে তেজেৰে লুতুৰি–পুতুৰি ছার্ট আৰু ৰেইনকোট আকাশক দিয়ে আৰু চাৰিও অভিযুক্তই দুখন স্কুটীত উঠি ঘটনাস্থলীৰ পৰা আঁতৰি আহে৷ এখন স্কুটী সোনমে চলাইছিল আৰু আনখন স্কুটী চলাইছিল আনন্দই৷ আনন্দই চলোৱা স্কুটীখনেই পূর্বে ৰাজা–সোনমে ভাৰাত লোৱা৷ যিখন পাছত আনন্দই শ্বিলং–চোহৰা পথত পেলাই থৈ যায়৷ শ্বিলঙৰ এবি পইণ্টত আকাশে সোনমৰ ৰেইনকোটটো পেলাই দিয়ে আৰু সোনমক স্কুটীত উঠাই পুলিচ বাজাৰত উপস্থিত হয়৷ এইবাৰ পূর্বৰ পৰিকল্পনা অনুসৰি সোনমে এটা বোর্খা পিন্ধি এখন টেক্সি ভাৰাত লৈ শ্বিলঙৰ পৰা আহি গুৱাহাটীত উপস্থিত হয়৷ তাৰ পাছত আইএছবিটিৰ পৰা বাছেৰে শিলিগুৰি–পাটনা–আৰা–লক্ষ্ণৌ হৈ অৱশেষত ২৬ মে’ত গৈ পায় ইন্দোৰ৷ নিৰুদ্দেশ অথবা অপহৰণৰ বলি হোৱা নাটক ৰচনা কৰি ২৬ মে’ৰ পৰা ৮ জুন পর্যন্ত ইন্দোৰত অবৈধ প্রেমিক ৰাজৰ ভাৰাঘৰতে আত্মগোপন কৰি আছিল সোনমে৷ তাত থাকিয়েই স্বামীৰ মৃতদেহ উদ্ধাৰৰ পৰা সমগ্র ঘটনাক্রমক লৈ টিভিত সম্প্রচাৰিত বাতৰি চাই সম্ভাব্য পৰিস্থিতিৰ গতি–বিধি সোনমে নিৰীক্ষণ কৰি আছিল৷

আৰক্ষী অধীক্ষক ছিয়েমে কয় যে গুৱাহাটীৰ পৰা গৈ শিলিগুৰিতেই আত্মপ্রকাশ কৰি ৰাজাৰ হত্যাকাণ্ড আৰু নিজে অপহূত হোৱাৰ নাটক কৰিবলৈ সোনমক অবৈধ প্রেমিক ৰাজে পৰামর্শ দিয়ে৷ কিন্তু সেই পৰিকল্পনা বাস্তৱায়িত নহ’ল৷ আৰক্ষীয়ে ৮ জুনত উত্তৰ প্রদেশৰ ললিতপুৰৰ পৰা অন্যতম অভিযুক্ত আনন্দক গ্রেপ্তাৰ কৰাৰ লগে লগে ৰাজে বুজি উঠিছিল যে আৰু পলাই থকাটো সম্ভৱ নহ’ব৷ সেয়েহে সোনমক গাজীপুৰলৈ পঠিয়াই দি অপহৰণৰ নাটক কৰিবলৈ নতুনকৈ পৰামর্শ দিয়ে৷ সেইমতেই সোনম উপস্থিত হৈছিল গাজীপুৰৰ নন্দগঞ্জ কাশীধাবাত৷ তাৰ পৰাই ফোন কৰি সোনমে অপহৰণকাৰীৰ কবলৰ পৰা ৰক্ষা পৰা বুলি নিজ পৰিয়ালক জানিবলৈ দিছিল৷ কিন্তু ইতিমধ্যে তাত উপস্থিত হৈছিল আৰক্ষী৷ আৰক্ষীৰ ওচৰত আত্মসমর্পণ কৰাৰ পাছত সোনমক সেইদিনাই মাজনিশা প্রায় ১ বজাত গ্রেপ্তাৰ কৰা হয়৷ অকল ৰাজাক হত্যা কৰাই নহয়, বিবাহৰ পূর্বেও সোনম–ৰাজে ৰচনা কৰিছিল দুটা ভয়ংকৰ ব্লুপ্রিণ্ট৷ ইয়াৰ মূলতে দুয়োৱে সংসাৰ পতা৷ আৰক্ষী অধীক্ষক ছিয়েমে এই সন্দর্ভত জানিবলৈ দিয়া অনুসৰি বিবাহৰ পূর্বে ফেব্রুৱাৰী মাহতে সোনমক অন্তর্ধান কৰাৰ পৰিকল্পনা ৰচনা কৰা হৈছিল৷ প্রথম পৰিকল্পনা আছিল নৈত সোনমৰ সলিল সমাধি ঘটা আৰু দ্বিতীয় পৰিকল্পনা কোনো এগৰাকী যুৱতী–মহিলাৰ মৃতদেহ সোনমৰ স্কুটীত জ্বলাই দিয়া, যাতে সকলোৱে সোনমৰ মৃত্যু হোৱা বুলি ভাবে৷ এই পৰিকল্পনা কার্যকৰী হ’লে দুয়োৱে গোপনে সংসাৰ গঢ়াৰ সপোন দেখিছিল৷

আৰক্ষী অধীক্ষক ছিয়েমে কয় যে ৮ দিনৰ জিম্মাত লোৱাৰ পাছত ৫ অভিযুক্তক জেৰাৰ অন্তত এইখিনি তথ্য বর্তমানলৈকে পোহৰলৈ আহিছে৷ প্রয়োজনসাপেক্ষে আমি আকৌ তেওঁলোকক জিম্মাত বিচাৰিম৷ আমি তদন্ত সম্পূর্ণ কৰি ৯০ দিনৰ ভিতৰত আদালতত অভিযোগনামা দাখিলৰ লক্ষ্য নির্ধাৰণ কৰিছোঁ৷ ইফালে, মেঘালয় আৰক্ষীৰ ইষ্ট ৰেঞ্জৰ মহাপৰিদর্শক ডিএনআৰ মাৰাকে সংবাদ মাধ্যমৰ আগত অপাৰেচন হনীমুন সন্দর্ভত কেতবোৰ গুৰুত্বপূর্ণ তথ্য প্রকাশ কৰিছে৷ তেওঁ প্রকাশ কৰা মতে, হত্যাৰ বলি হোৱা ৰাজাৰ নৱবিবাহিত পত্নী সোনম আৰক্ষীৰ লকআপত আৱেগিক হৈ পৰিছে৷ কিন্তু সঁচাই আৱেগিক হৈছে নে নাটক কৰিছে, তাক লৈ সন্দেহ আছে৷ এফালে সোনমে যদি অবৈধ প্রেমিক ৰাজক মাষ্টাৰমাইণ্ড বুলি কয়, আনহাতে ৰাজে মাষ্টাৰমাইণ্ড আখ্যা দিয়ে সোনমক৷ ৰাজ–সোনমকে ধৰি ৫ অভিযুক্তই এতিয়াও তদন্তকাৰী বিষয়াক বিভ্রান্ত কৰাৰ চেষ্টা অব্যাহত ৰাখিছে৷ হত্যাত জড়িত থকাৰ কথা আটায়ে স্বীকাৰ কৰিলেও ভাষ্যৰ মিল নাই৷ অৱশ্যে বর্তমানলৈ ৫ অভিযুক্তৰ ভাষ্য পৃথকে পৃথকেহে গ্রহণ কৰা হৈছে৷ পৰৱর্তী সময়ত ইজনক সিজনৰ মুখামুখি কৰোৱাই জেৰা চলোৱা হ’ব৷ প্রকৃততে হত্যাকাণ্ডটোৰ মাষ্টাৰমাইণ্ড কোন, সেয়া আমি প্রতিষ্ঠা কৰিব লাগিব৷ যাৰ বাবে এতিয়াও তদন্ত অব্যাহত আছে৷ এতিয়ালৈ ক্রাইম ছীন ৰিক্রিয়েচন হোৱা নাই বুলিও তেওঁ জানিবলৈ দিয়ে৷ শীর্ষ আৰক্ষী বিষয়াজনে কয় যে শ্বিলং আৰু চেৰাপুঞ্জীত ক্রাইম চীন ৰিক্রিয়েচন কৰা হ’ব৷ তেওঁলোকে আমাৰ আগত সঁচা কথা কোৱা বুলি আমি যেতিয়ালৈকে ধাৰণা কৰিব নোৱাৰিম, তেতিয়ালৈকে জেৰা চলি থাকিব৷ এতিয়া এজনে যদি এটা কৈছে, আনজনে কৈছে আন এটা৷ এজনে আন এজনক দোষ জাপি দিয়াৰ চেষ্টা কৰি আছে৷ আমি সন্তুষ্ট হোৱাৰ পাছতহে ক্রাইম ছীন ৰিক্রিয়েচন কৰা হ’ব৷

You might also like