নিয়মীয়া বাৰ্তা, ২৩ জুলাইঃআহক আমি সকলোৱে হাতে-হাত ধৰি বানাক্ৰান্ত ৰাইজক সহায় কৰো ” এই উদ্দেশ্য আজি অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদ ধেমাজি জিলা সমিতিৰ উদ্যোগত জোনাই আঞ্চলিক আৰু জোনাইৰ সমাজ কৰ্মীৰ সহযোগত আজি চিয়াং নদীৰ বানৰ কবলত পৰা ধেমাজি জিলা জোনাই মহকুমাৰ বানে বিধ্বস্ত কৰা বেৰাচাপৰি অঞ্চল পৰিদৰ্শন আৰু বানাক্ৰান্ত ৰাইজৰ বুজ লৈ বৰ্নাত্যৰ মাজত বান সাহাৰ্য বিতৰণ কৰি সহায়ৰ হাত আগবঢ়ায়৷ অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদ ধেমাজি জিলা সমিতিয়ে জোনাইৰ বানে বিধ্বস্ত কৰা বেৰা চাপৰি অঞ্চলত তিনিশতাধিক পৰিয়াললৈ বান সাহাৰ্য বিতৰণ কৰে৷ লগতে বানাক্ৰান্ত অঞ্চল সমূহত ৰাইজৰ খোৱা পানীৰ অসুবিধাৰ প্ৰতি লক্ষ্য ৰাখি ৪ টা দমকল স্থাপন কৰি দিয়ে৷ লগতে চাউল, দাইল, মিঠাতেল, আলু, মম, চয়াবিন, বিস্কুট , নিমখ, মেক্সো পেকেট আদি প্ৰয়োজনীয় খাদ্য সামগ্ৰী বানাক্ৰান্ত ৰাইজক সাহায্য প্ৰদান কৰে।
উক্ত বান সাহাৰ্য কাৰ্যসূচীত অংশগ্ৰহণ কৰা অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ ধেমাজি জিলাৰ সভাপতি জ্ঞান শৰ্মাই অতিশ্ৰীঘ্ৰে ধেমাজি জিলাৰ বানপানী সমস্যাৰ স্থায়ী সমাধানৰ দাবী জনায় কয় বানপীড়িত ৰাইজক পয্যাপ্ত পৰিমাণৰ সাহায্য দিয়াৰ লগতে বানত ঘৰ-বাৰী ক্ষতি হোৱা ৰাইজক উপযুক্ত ক্ষতিপূৰণ দিবলৈ দাবী জনোৱাৰ উপৰিও বিগত সময়চোৱাত চৰকাৰৰ কিছুমান অভিলাষী আঁচনি আছিল নদীৰ সুতি সোমালে চৰকাৰে প্ৰতিটো পৰিয়ালক ৩৭,৫০০ টকা কৈ ক্ষতিপূৰণ দিব বুলি ঘোষণা কৰিছিল গতিকে চৰকাৰে যাতে ঘোষণাতেই সীমাবদ্ধ নাথাকি বানাক্ৰান্ত ক্ষতিপূৰ দিয়ক৷ মুখ্য মন্ত্ৰী সৰ্বানন্দ সোনোৱালে চকু মেলি চাওক ১৪ জুলাইত জোনাইৰ বানপানী বুজ লব আহি যৰ পৰা বানপানী আৰম্ভ হৈছে তাত ৫ মিনিট সময় থিয় হৈ ৰাইজক হাতযোৰ কৰি গুচি যায়৷ থলুৱা ৰাইজৰ লগত ৰাজনীতি কৰা বন্ধ কৰক ৷ লগতে সভাপতি গৰাকীয়ে পুনৰ কয় ধেমাজি জিলাত বহুত চৰকাৰী মাটি বেদখল হয় আছে তাৰে সামান্য অংশ হলেও বানাক্ৰান্ত ৰাইজক থাকা সুবিধা কৰি দিবলৈ চৰকাৰক দাবী জনায় অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে৷ আজিৰ সাহায্য প্ৰদান কাৰ্যসূচীত ধেমাজি জিলা সাধাৰণ সম্পাদক বিষ্ণু শৰ্মা, উপদেষ্টা নীল গগৈ, সাংগঠনিক সম্পাদক ধীৰাজ মিৰি, প্ৰচাৰ সম্পাদক জিতেন মিলি, জোনাই আঞ্চলিকৰ সভাপতি খগেন ডেকাকে ধৰি বহুকেইগৰাকীৰ বিষয়বৱীয়াও কৰ্মীয়ে উপস্হিত থাকে৷