নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

নগাওঁ জিলাৰ ১৯৮ খন গাঁৱৰ ডেৰ লক্ষাধিক লোক বানৰ কৱলত

বৰঘুলি-ভূৰবন্ধাত বানাক্ৰান্তৰ হাহাকাৰ

নিয়মীয়া বাৰ্তা  ২৩ জুলাই : বৰপানী নদীয়ে সৃষ্টি কৰা নগাঁও জিলাৰ কচুৱা-লংজাপ আদিৰ বান পৰিস্থিতি আজিও অপৰিবৰ্তিত হৈ আছে। উল্লেখ্য যে কাৰ্বি-লাংপি জলবিদ্যুৎ প্ৰকল্পই চাৰিটা গেটেৰে পানী এৰি দিয়াত জিলাখনৰ কামপুৰ ৰাজহ চক্ৰৰ বিভিন্ন অঞ্চলত বৰপানী নদীয়ে আজি তিনিদিনৰ পৰা তাণ্ডব সৃষ্টি কৰি আহিছে। ফলত এই অঞ্চলৰ ৬০ খনৰো অধিক গাওঁ বানৰ কবলত পৰিছে। আজি নতুনকৈ আৰু ১০ খন গাওঁ বানৰ কবলৰ পৰিছে। বহু বানাক্ৰান্তৰ বিলৈ বিপত্তি নোহোৱা হৈছে। নগাঁও জিলা প্ৰশাসনে দিয়া তথ্য অনুসৰি আজি কামপুৰ ৰাজহ চক্ৰৰ ১৯,৩৫১ জন লোকক বান সাহায্য প্ৰদান কৰে। সেই অনুসৰি ৰাজহ চক্ৰটোৰ ১৫ টা সাহায্য কেন্দ্ৰৰ জৰিয়তে প্ৰশাসনে বানাক্ৰান্ত ৰাইজৰ মাজত ৩০১ কুইন্টল চাউল, ৫৮ কুইন্টল ডালি আৰু ১৭ কুইন্টল নিমখ বিতৰণ কৰে। প্ৰশাসনে জনোৱা তথ্য অনুসৰি কামপুৰ ৰাজহ চক্ৰৰ অধীনত ৩৫০ টা পুখুৰী আৰু তিনিখন স্কুল এইবাৰ বানত ক্ষতিগ্ৰস্ত হৈছে। আনহাতে কপিলি নৈৰ বাহনী পানী আজি কতিয়া পাম আৰু কাকতি গাঁৱৰ ভঙা মাথাউৰিৰে পানী সোমাই কামপুৰ অঞ্চলৰ কুৰিখনৰো অধিক গাওঁ প্লাবিত কৰে। জিলা প্ৰশাসনে দিয়া তথ্য অনুসৰি আজিলৈকে জিলাখনৰ ১৯৮ খন গাওঁ বানৰ কবলত পৰিছে। ১৯,৩৩৩ হেক্টৰ কৃষি ভূমিৰ বানত ক্ষতিগ্ৰস্ত হৈছে। তদুপৰি ১,৫২,৫৯০ গৰাকী লোক ক্ষতিগ্ৰস্ত হৈছে। আনহাতে প্ৰায় ৯১ হাজাৰ সৰু বৰ পশুধন বানপানীৰ ফলত ক্ষতিৰ সন্মূখীন হৈছে। জিলা প্ৰশাসনে বানাক্ৰান্তক কিছু সাহায্য প্ৰদান কৰিছে যদিও জিলাখনৰ ৭০ শতাংশৰ অধিক বানাক্ৰান্তই সাহায্য নোপোৱাৰ অভিযোগ উঠিছে। শিশু আৰু পশুধনক খাদ্য সামগ্ৰীৰ যোগান ধৰা নাই। ইপিনে কলিয়াবৰৰ বানাক্ৰান্ত বৰঘূলি অঞ্চলত এতিয়া কেৱল চৌদিশে হাহাকাৰ। এফালে যদি বানৰ তাণ্ডৱ আনফালে অব্যাহত আছে ব্ৰহ্মপুত্ৰৰ প্ৰৱল গড়াখহনীয়া। যাৰ বাবে বানপানীৰ মাজতো আশ্ৰয়ৰ বাবে নিজৰ ঘৰ-দুৱাৰ, ভাঙি আশ্ৰয় লৈছে শিলঘাট-ধিং মাথাউৰিত। বিগত এটা মাহে অপৰিবৰ্তিত হৈ আছে বান পৰিস্থিতি। মানুহৰ লগতে পোহনীয়া জীৱজন্তুৰো আশ্ৰয় নোহোৱা হৈছে। শিলঘাট-ধিং মাথাউৰিত বন্যাৰ্ত আৰু গড়াখহনীয়াগ্ৰস্তই প্লাষ্টিকৰ ত্ৰিপালৰ তলত আশ্ৰয় লব লগীয়া হৈছে। মানুহ, গৰু, ছাগলী আৰু অন্যান্য জীৱজন্তুৰে সহাৱস্থান কৰিব লগীয়াত পৰিছে এইসকল বানাক্ৰান্ত লোকে।খাদ্যসামগ্ৰী, বিশুদ্ধ খোৱাপানী, আৰু পশুখাদ্যৰ অভাৱত ভুগিছে এইসকল বানাক্ৰান্ত লোকে।বান সাহায্যৰ নামত চৰকাৰে কেৱল কিঞ্চিত পৰিমাণৰ চাউল আৰু ডালি দিয়েই দায়িত্ব সামৰিছে। উক্ত অঞ্চলৰ একমাত্ৰ ৰাজ্যিক পথটোও পানীৰ তলত। যাৰ ফলত ব্যাহত হৈছে উক্ত অঞ্চলৰ যাতায়ত ব্যৱস্থা।বৰঘূলি অঞ্চলৰ একমাত্ৰ উচ্চ শিক্ষাৰ অনুষ্ঠানটিও এটা পানীৰ তলত। ইপিনে উক্ত অঞ্চলৰ একমাত্ৰ উচ্চ শিক্ষাৰ চৰকাৰী অনুষ্ঠান বৰঘূলি হাই মাদ্ৰাছালৈ ব্ৰহ্মপুত্ৰৰ খহনীয়াই সৃষ্টি কৰিছে তীব্ৰ ভাবুকিৰ। তিনি চাৰিবছৰ পূৰ্বে দহ বাৰ কিলোমিটাৰ আঁতৰত থকা ব্ৰহ্মপুত্ৰ এতিয়া সাত শ মিটাৰ ওচৰত আহি পাই গৈছে। প্ৰতিদিনাই খহাই গৈছে নদীৰ গড়া।এই অঞ্চলৰ বান আৰু গড়াখহনীয়া নিয়ন্ত্ৰণৰ বাবে চৰকাৰে কিছু পদক্ষেপ লৈছিল যদিও বিষয়া-ঠিকাদাৰৰ চৰম দুৰ্নীতি আৰু গাফিলটিৰ বাবে বান-গড়াখহনীয়া নিয়ন্ত্ৰণ কৰিবলৈ সক্ষম হোৱা নাই বিয়াগোম জলসম্পদ বিভাগটি। খহনীয়া নিয়ন্ত্ৰনটো বাদেই, কেৱল উক্ত অঞ্চলটিৰ বান নিয়ন্ত্ৰণৰ বাবেই ২০১৬ চনৰ পৰা বৰ্তমানলৈকে বিভাগে ব্যয় কৰিছে কেইবা শ কোটি টকা। কিন্তু বিভাগৰ অকৰ্মণ্য আৰু দুৰ্নীতিগ্ৰস্থ বিষয়া আৰু ঠিকাদাৰৰ বাবে বান নিয়ন্ত্ৰণ কৰিবলৈ সক্ষম হৈ উঠা নাই বিভাগটিয়ে।যাৰ বাবে এতিয়া নৈ পৰীয়া ৰাইজে ইয়াৰ কূফল ভোগকৰিবলীয়া হৈছে৷আনপিনে চামগুৰিৰ লাওঁখোৱাৰ ভূৰবন্ধা পঞ্চায়ততো একেই অৱস্থা বানাক্ৰান্ত ৰাইজৰ৷লাওখোৱাত পুনৰ অৱনতি ঘটিছে বান পৰিস্থিতিৰ।অকস্মাত বৃদ্ধি পোৱা ব্ৰহ্মপুত্ৰৰ বাঢ়নী পানীৰ জলস্তৰে বুৰাই পেলাইছে ভগামুখৰ বিস্তীৰ্ণ অঞ্চল।
৬নং ভগামুখত বাঢ়নী পানীয়ে ছিঙি নিছে বুঢ়াচাপৰি বন্যপ্ৰাণী অভয়াৰণ্যলৈ যোৱা মূল প্ৰবেশ পথৰ এচোৱা।৬নং আৰু ৭নং ভগামুখলৈও যাতায়তৰ অন্যতম পথ আছিল বানে ছিঙি নিয়া পথটোৰ বাবে এতিয়া হাহাকাৰ লাগিছে বহু সংখ্যক বন্যাৰ্ত পৰিয়ালৰ মাজত। ইপিনে আজি জলসম্পদ বিভাগে জনোৱা তথ্য অনুসৰি জিলখনৰ শিলঘাটত ব্ৰহ্মপুত্ৰ নদী বিপদ সীমাৰ ৪৭ ছেন্টিমিটাৰ ওপৰেৰে, কামপুৰত কপিলী বিপদ সীমাৰ ৯৪ ছেন্টিমিটাৰ ওপৰেৰে, নগাওঁ চহৰত কলং নৈ বিপদ সীমাৰ ৩৫ ছেন্টিমিটাৰ ওপৰেৰে আৰু ৰহাত কলং নৈ বিপদসীমাৰ ২ ছেন্টিমিটাৰ ওপৰেৰে বৈ আছে।

You might also like