নিয়মীয়া বাৰ্তা , ২৩ জুলাইঃ এজাক মানুহ । মানুহবোৰে নদীৰ মাজে মাজে কিবা এটা বিচাৰিছে। কিন্তু আপুনি মই ভৱাৰ দৰে এইসকল ৰাইজ নদীখনত বিচৰা নাই মাছ কিম্বা বানত উঠি অহা খড়ি আদি । বিচাৰিছে এইসকল কৃষক ৰাইজে নিজেই ৰোৱা সেউজীয়া ধাননি পথাৰখনহে। কাৰণ নদী যেন লগা ঠাই খন কোনো নদী নাছিল আছিল শ শ কৃষকৰ পথাৰহে। যোৱা কেইদিনমান আগলৈকে ইয়াতে আছিল শতাধিক কৃষক ৰাইজক এখন বিশাল খেতি পথাৰৰ । কিন্তু হঠাৎ শতাধিক খেতিয়কৰ বিশাল খেতি পথাৰৰ পৰিণত হলগৈ এক বিশাল নদী লৈ। কপালৰ ঘাম বোৱাই ৰুৱা সেউজীয়া ধাননি পথাৰখন বিচাৰি পোৱাটো বাদেই, ইজনে সিজনৰ পথাৰৰ সীমাও যেন বিচাৰি হাহাকাৰ সৃষ্টি হৈছে কৃষক ৰাইজৰ মাজত। জোনাইৰ মিছমৰা আৰু কাৰিচুক পথাৰত তচনচ কৰিলে ডেকা, পতে, চেৰেন নদীৰ প্ৰলংঙ্কাৰী বানে। ডেকা, পতে, সেৰেন নদীৰ বানে অঞ্চলটোৰ শ শ কৃষি ভূমিত ৰুৱা ধান মহটিয়াই পেলাই পুতি পেলালে বলি পলহে। যাৰ ফলত বৃহৎ অঞ্চলটোৰ খেতিয়ক ৰাইজৰ সেউজীয়া ধাননি পথাৰ বালি পলসৰ তলত পুত গৈ পৰিণত হলগৈ এক বিশাল নদীলৈ। অঞ্চলটোৰ ১০০ শতাংশ লোকে কৃষি কৰ্মৰ ওপৰতে জীয়াই থকা অঞ্চলটোৰ ৰাইজ খেতি পথাৰসমূহ ভৱিষ্যতে মৰুভূমি পৰিণত হোৱাৰ সম্ভাৱনা অনাগত দিনত পৰিয়ালক লৈ কেনেদৰে জীয়াই থাকিব , ইয়াক লৈ শংকিত হৈ পৰিছে কৃষক ৰাইজে। জোনাইৰ মিছামৰা , কৰিচুকৰ ৰাইজৰ দুৰ্ভগীয়া কৃষকসকলে কৃষি বিভাগ তথা চৰকাৰক এনে দুৰ্যোগৰ প্ৰতি চকু মেলি চাবলৈ আহ্বান জনাইছে।