নিয়মীয়া বাৰ্তা ২৩ জুলাইঃ এটাৰ পিছত এটাকৈ অহা বানত বিপয্যস্ত পবিতৰা অভয়াৰণ্য ৰ জীৱ কুলৰ টাৰ্গেট হৈ পৰিছে চোৰাং চিকাৰী ৰ। এই ভয়ংকৰ তথ্য সদৰী কৰিছে মৰিগাঁও জিলাৰ আৰক্ষী অধীক্ষক ডঃ নন্দ সিং বৰকলা ই। মৰিগাঁও জিলাৰ নৱ নিযুক্ত আৰক্ষী অধীক্ষক গৰাকীয়ে প্ৰকাশ কৰিছে যে বানৰ ভয়াবহ অৱস্থাৰ মাজতে চোৰাং চিকাৰীয়ে পবিতৰাৰ দুটা দুষ্প্ৰাপ্য বনৰীয়া মহ ধৰি বিক্ৰী কৰাৰ লগতে এটা মহ আৰু এটা বনৰীয়া গাহৰি হত্যা কৰিছে মাংস ৰ বাবে।
ইতিমধ্যে এই সংক্ৰান্তত আৰক্ষী অধীক্ষক গৰাকীৰ তৎপৰতা ত মায়ং আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে দীপাংকৰ বিশ্বাস আৰু নজৰুল ইছলাম নামৰ দুটা ক। আৰক্ষী অধীক্ষক গৰাকীয়ে এই গোচৰ তো তদাৰকী কৰাৰ বাবে অতিৰিক্ত আৰক্ষী অধীক্ষক শোভাষীস বৰুৱাক দায়িত্ব প্ৰদান কৰিছে। এই চক্ৰ তোৰ জড়িত প্ৰতিজনৰে বিৰুদ্ধে আৰক্ষীয়ে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিব বুলি আৰক্ষী অধীক্ষক গৰাকীয়ে প্ৰকাশ কৰিছে।