নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বৃহস্পতিবাৰে গুৱাহাটীত ২১৯, ডিব্রুগড়ত ৮৯, দৰঙত ৫৪, গোলাঘাটত ৪২ আক্রান্তঃ ওদালগুৰিত ১৭ নিৰাপত্তাৰক্ষী পজিটিভ

নিয়মীয়া বাৰ্তা, ২৪ জুলাইঃ  ভাৰত চৰকাৰে অহা ১৫ আগষ্টৰ ভিতৰত ৰাজ্যখনত ক’ভিড ৰোগীৰ সংখ্যা ৬৫ হাজাৰলৈ বৃদ্ধি পাব বুলি আশংকা কৰাৰ পৰিপ্রেক্ষিতত অসমৰ স্বাস্থ্য বিভাগে ক’ভিড যুঁজৰ বাবে যুদ্ধকালীন তৎপৰতা চলাই আছে৷ গুৱাহাটী মহানগৰীতেই ৮টাকৈ নতুন স্থানত ক’ভিড কেয়াৰ চেণ্টাৰ স্থাপন কৰি ১০ হাজাৰখন বিছনা সাজু কৰাৰ লক্ষ্য স্থিৰ কৰি পূর্ণগতিত সেই কামত নামি পৰিছে৷ স্বাস্থ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই আজি পলাশবাৰী আৰ বি উচ্চতৰ মাধ্যমিক আৰু বহুমুখী বিদ্যালয় খেলপথাৰত নির্মীয়মাণ ক’ভিড কেয়াৰ চেণ্টাৰৰ কাম–কাজৰ অগ্রগতিৰ বুজ লয়৷ প্রায় ৭০০গৰাকী ক’ভিড আক্রান্ত ৰোগীক ৰাখিব পৰাৰ ব্যৱস্থাৰে চেণ্টাৰটোৰ নির্মাণকার্য পূর্ণগতিত চলি আছে বুলি সাংবাদিকৰ আগত মন্ত্রী ড০ শর্মাই জানিবলৈ দি কয় যে এই চেণ্টাৰটো অহা ২ আগষ্টত মুকলি হ’ব৷ চেণ্টাৰটোত গোৱালপাৰা, বকো আৰু দক্ষিণ কামৰূপৰ জনসাধাৰণ উপকৃত হ’ব বুলিও তেওঁ প্রকাশ কৰে৷ সাংবাদিকৰ আগত তেওঁ অহা অক্টোবৰ মাহৰ ভিতৰত ক’ভিড–১৯ৰ প্রতিষেধক ওলোৱাৰ আশা প্রকাশ কৰে৷

সেইদৰে মন্ত্রী ড০ শর্মাই আজিৰ দিনটোতে আজাৰাৰ গিৰিজানন্দ চৌধুৰী ইনষ্টিটিউট অৱ মেনেজমেণ্ট এণ্ড টেকন’লজীত নির্মীয়মাণ এহেজাৰখন বিছনাযুক্ত ক’ভিড কেয়াৰ চেণ্টাৰ আৰু নেহৰু ষ্টেডিয়ামত নির্মীয়মাণ ৮৫০খন বিছনাযুক্ত ক’ভিড কেয়াৰ চেণ্টাৰ দুটাত উপস্থিত হৈ কাম–কাজৰ অগ্রগতিৰ বুজ লয়৷ ইপিনে, আজিৰ দিনটোতে জালুকবাৰীৰ আয়ুর্বেদিক কলেজ হাস্পতালত পিপিপি আর্হিত স্থাপন কৰা মলেকুলাৰ বায়ল’জী লেবৰেটৰীটো আনুষ্ঠানিকভাৱে শুভ উদ্বোধন কৰে৷ ইয়াৰ লগে লগে ৰাজ্যখনত ক’ভিড ৰোগীৰ ছোৱাব পৰীক্ষাৰ লেবৰেটৰী ১৬টালৈ বৃদ্ধি পালে৷ লেবৰেটৰীটো উদ্বোধন কৰি সংবাদ মাধ্যমৰ আগত মন্ত্রী ড০ শর্মাই কয় যে একেই ব্যৱস্থাৰে সোণাপুৰ চিভিল হাস্পতালত আৰু সামৰিক বাহিনীৰ হাস্পতালতো আন দুটা লেবৰেটৰী স্থাপনৰ লক্ষ্য স্বাস্থ্য বিভাগে কৰিছে৷ ইপিনে, ৰাজ্যখনত ক’ভিডত আক্রান্ত আৰু ৪জন লোকৰ মৃত্যু হৈছে৷ স্বাস্থ্যমন্ত্রী ড০ শর্মাই টুইটাৰযোগে প্রকাশ কৰা অনুসৰি বি এল অজিত সাৰিয়া (৭৫,কামৰূপ মেট্র’), বলদেৱ সিং (৪৩, জম্মু–কাশ্মীৰ), ছামিম আহমেদ (৪০,কৰিমগঞ্জ) আৰু দিলীপ কুমাৰ ৰায় (৫৩, কোকৰাঝাৰ) ক’ভিডত আক্রান্ত হৈ মৃত্যুমুখত পৰে৷

ইয়াৰ লগে লগে ৰাজ্যখনত ক’ভিডত আক্রান্ত হৈ মৃত্যুমুখত পৰা লোকৰ সংখ্যা ৭০গৰাকীলৈ বৃদ্ধি পালে৷ সেইদৰে আজিৰ দিনটোত নতুনকৈ ১০৪৭ গৰাকী লোকৰ দেহত ক’ভিডৰ অৱস্থিতি ধৰা পৰে৷ ইয়াৰে ২১৯গৰাকী গুৱাহাটী মহানগৰীৰ৷ ইয়াৰ লগে লগে ৰাজ্যখনত মুঠ ক’ভিড ৰোগীৰ সংখ্যা ২৮৭৯১গৰাকীলৈ বৃদ্ধি পালে৷ আনহাতে আজি বিভিন্ন হাস্পতালৰ পৰা ১৩৪৯ গৰাকীয়ে ৰিলিজ লাভ কৰে৷ এতিয়ালৈ মুঠ ২০৬৯৯গৰাকী চিকিৎসালয়ৰ পৰা ৰিলিজ লাভ কৰিছে৷ বর্তমান বিভিন্ন হাস্পতালত ৮০১৯গৰাকী চিকিৎসাধীন হৈ আছে৷ ৰাজ্যখনত ক’ভিড ৰোগীৰ হাৰ বর্তমান ৫.২৫ শতাংশলৈ হ্রাস পালে৷

You might also like