এপিডব্লিউৰ অধ্যক্ষ অভিজিৎ শর্মাৰ বিৰুদ্ধে ১০ কোটিৰ মানহানি গোচৰ
নিয়মীয়া বাৰ্তা, ২৪ জুলাইঃ আসাম পাব্লিক ৱর্কছ (এপিডব্লিউ)ৰ অধ্যক্ষ অভিজিৎ শর্মাৰ বিৰুদ্ধে ১০ কোটি টকাৰ মানহানিৰ গোচৰৰ লগতে আন এটা ফৌজদাৰী গোচৰ ৰুজু কৰিছে বিশিষ্ট ব্যৱসায়ী ৰাজীৱ বৰাই৷ শেহতীয়াকৈ শর্মাই সংবাদ মাধ্যমযোগে উত্থাপন কৰা কেইবাটাও অভিযোগৰ বাবে এই গোচৰ ৰুজু কৰিছে ব্যৱসায়ীজনে৷ আজি গুৱাহাটীত এখন সংবাদ মেলত বৰাই এই কথা সদৰী কৰাৰ লগতে এ পি ডব্লিউৰ অধ্যক্ষ শর্মাক উভতি ধৰি তেওঁৰ বিৰুদ্ধে উত্থাপন কৰা অভিযোগসমূহ এসপ্তাহৰ ভিতৰত প্রমাণ কৰিবলৈ প্রত্যাহ্বান জনাইছে৷ অন্যথা ৰাজহুৱাকৈ অনা এই অভিযোগৰ বাবে তেওঁৰ ওচৰত ক্ষমা বিচাৰিবলৈ দাবী জনাইছে বৰাই৷ সংবাদ মেলত তেওঁ কয়– ‘অভিজিৎ শর্মাই মোৰ বিৰুদ্ধে কেইবাটাও অভিযোগ উত্থাপন কৰিছে৷ প্রথম অভিযোগ অনুসৰি মই মুখ্যমন্ত্রীৰ এখন বিশেষ ফটোৰ হ’র্ডিং লগোৱা বুলি মন্তব্য কৰিছে৷ তদুপৰি ৰাষ্ট্রীয় স্বাস্থ্য অভিযান (এনএইচএম)ৰ ৭১ কোটিটকীয়া ছিণ্ডিকেটত জড়িত থকা বুলি উল্লেখ কৰিছে৷ কিন্তু এয়া সম্পূর্ণ মিছা অভিযোগ৷
বর্তমানৰ মুখ্যমন্ত্রী সর্বানন্দ সোণোৱালক মই ছাত্র অৱস্থাৰ পৰাই জানো আৰু তেওঁৰ প্রতি মোৰ যথেষ্ট সন্মান আছে৷ মুখ্যমন্ত্রীৰ বিৰুদ্ধে হ’র্ডিং দূৰৰে কথা, মই এখন পোষ্টাৰ বা এটা সামান্য ষ্টিকাৰো ক’তো লগোৱা নাই৷ একেদৰে ৭১ কোটি টকাৰ এন এইচ এমৰ ঠিকাত মই ছিণ্ডিকেট গঢ়ি তোলা বুলি শর্মাই অভিযোগ কৰিছে৷ কিন্তু এন এইচ এমৰ এই ৭১ কোটিটকীয়া ঠিকাত ছিণ্ডিকেটতো বাদেই, মই নিবিদাই দাখিল কৰা নাই৷ এই অভিযোগসমূহ শর্মাই এসপ্তাহৰ ভিতৰত প্রমাণ কৰি দেখুৱাওক৷ যদি নোৱাৰে তেওঁ ক্ষমা খোজক৷ আৰু যদি তেওঁ প্রমাণ কৰি দেখুৱাবলৈ সক্ষম হয়, তেনেহ’লে মই ক্ষমা খুজিম৷’ ইপিনে, বিগত সময়ছোৱাত এ পি ডব্লিউৱে অসমীয়া ব্যৱসায়ীসকলক বিভিন্ন সময়ত হাৰাশাস্তি কৰি আহিছে বুলি উল্লেখ কৰি ৰাজীৱ বৰাই এইবুলিও কয় যে অসমত বর্তমান মূল ব্যৱসায়িক খণ্ডত মাত্র ১৪ শতাংশ অসমীয়া মানুহে কাম কৰি আছে৷ এইসকলক হাৰাশাস্তি কৰা বন্ধ কৰক৷ শান্তিৰে ব্যৱসায় কৰিবলৈ সুযোগ দিয়ক৷ অন্যথা এই ১৪ শতাংশ অসমীয়া ব্যৱসায়ী নোহোৱা হৈ যাব৷
একে সময়তে অসমত ঠিকাৰ বাবে নিবিদা প্রক্রিয়াত অংশগ্রহণ কৰাটো ভুল নেকি বুলি প্রশ্ণ উত্থাপন কৰি বৰাই কয়– ‘আমিও অসমীয়া ল’ৰা৷ অসমীয়া জাতিৰ হকে আমিও চিন্তা কৰি আহিছোঁ৷ কিন্তু সেয়া আমি প্রকাশ নকৰোঁ৷ কেৱল কাম কৰি যাওঁ৷ মোৰ অধীনতো আঢ়ৈশজন অসমীয়া ল’ৰাই কাম কৰি আছে৷ অসমত যিকোনো কামৰ বাবে নিবিদা দাখিল কৰাটো আমাৰ দোষ নেকি? অসমত কাম নকৰি আমি পশ্চিমবংগ বা বিহাৰত কাম কৰিবলৈ যাব লাগিব নেকি? সেয়েহে পুনৰ কৈছোঁ, অসমীয়া লোকসকলক হাৰাশাস্তি কৰা বন্ধ কৰক আৰু শান্তিৰে কাম কৰিবলৈ সুযোগ দিয়ক৷ নহ’লে অসমীয়া জাতি নিঃশেষ হৈ যাব৷ কেৱল অভিযোগ নহয়, নথি–পত্রৰে প্রমাণ দিয়ক৷’ ইপিনে, ক’ভিডৰ সংক্রমণৰ মাজত এটা বিতর্কৰ সৃষ্টি কৰিবলৈ এ পি ডব্লিউৱে চেষ্টা কৰিছে বুলি অভিযোগ কৰি তেওঁ কয় যে ৰাজ্য চৰকাৰখনে ভাল কাম কৰি আছে৷ মুখ্যমন্ত্রী–স্বাস্থ্যম্ এ পি ডব্লিউৱে শ’লঠেকত পেলাব বিচাৰিছে৷ ভাল কাম কৰি থকাৰ বাবে ৰাজ্য চৰকাৰখনকে শর্মাই শ’লঠেকত পেলাব বিচাৰিছে৷ একে সময়তে আজি পর্যন্ত বিজেপি দল অথবা বর্তমানৰ চৰকাৰৰ বিৰুদ্ধে কোনো কাম কৰা নাই বুলিও সংবাদ মেলত স্পষ্ট কৰি দিয়ে ৰাজীৱ বৰাই৷