গেৰুকামুখ প্রকল্পত আছুৰ প্রতিবাদ
নিয়মীয়া বাৰ্তা, ২৪ জুলাইঃ গেৰুকামুখস্থিত নামনি সোৱণশিৰি জলবিদ্যুৎ প্রকল্পৰ নির্মাণকাৰী এন এইচ পি চিৰ গেৰুকামুখস্থিত কার্যালয়ৰ মুখ্য প্রৱেশদ্বাৰৰ সন্মুখত ধেমাজি জিলা ছাত্র সন্থা আৰু গোগামুখ আঞ্চলিক ছাত্র সন্থাই আজি উত্তাল প্রতিবাদ সাব্যস্ত কৰে৷ এন এইচ পি চি গ’ বেক, বৃহৎ নদীবান্ধ বন্ধ কৰক, বিজেপিৰ দাদাগিৰি নচলিব আদি শ্লোগানেৰে প্রতিবাদকাৰীসকলে পৰিৱেশ মুখৰ কৰি তোলে৷ প্রকল্পটোৰ গার্ডৱালৰ খহনীয়া, মূল বান্ধৰ ওপৰেৰে পানী বাগৰা এই সকলোবোৰ পর্যবেক্ষণ কৰিবলৈ আজি প্রকল্পস্থলীত উপস্থিত হয় এন এইচ পি চিৰ চি এম ডি অভয় কুমাৰ সিং৷
সেই সময়তে নামনি সোৱণশিৰি জলবিদ্যুৎ প্রকল্পৰ মূল প্রৱেশদ্বাৰত এন এইচ পি চিৰ প্রতিকৃতি দাহ কৰি আছুৱে প্রবল প্রতিবাদী কার্যসূচী ৰূপায়ণ কৰে৷ ছাত্র সন্থাৰ স্পষ্ট কথা– নামনিবাসী ৰাইজৰ নিৰাপত্তা যিদিনালৈকে নিশ্চিত নহয়, বিশেষজ্ঞ সমিতিৰ পৰামর্শ যদিহে এন এইচ পি চিয়ে মানি নলয় বা আখৰে আখৰে পালন নকৰে, তেতিয়ালৈকে নামনি সোৱণশিৰি জলবিদ্যুৎ প্রকল্পৰ নির্মাণ সম্পূর্ণ কৰিবলৈ দিয়া নহ’ব৷ ‘এন এইচ পি চিক বাৰে বাৰে সকীয়াই দি আহিছো যে গেৰুকামুখৰ দৰে থুনুকা পাহাৰত নদীবান্ধ নির্মাণ সম্ভৱ নহয়৷ বিশেষজ্ঞ সমিতিয়েও এই কথা কৈ আহিছে৷ কিন্তু কেন্দ্রীয় আৰু ৰাজ্য চৰকাৰৰ প্রত্যক্ষ নির্দেশত ৰাইজৰ স্বার্থক, অসমবাসীৰ স্বার্থক জলাঞ্জলি দি এন এইচ পি চিয়ে চৰম স্বেচ্ছাচাৰিতাৰে নামনি সোৱণশিৰি জলবিদ্যুৎ প্রকল্পৰ নির্মাণকার্য চলাই আহিছে৷’ এই বক্তব্য সদৌ অসম ছাত্র সন্থাৰ কেন্দ্রীয় কার্যনির্বাহক সদস্য গোপাল দাসৰ৷ প্রায় এঘণ্টাজোৰা প্রতিবাদৰ অন্তত ছাত্র সন্থাই এন এইচ পি চিৰ প্রতিকৃতি দাহ কৰে৷ প্রতিবাদকাৰীসকলে কেন্দ্রীয় আৰু ৰাজ্য চৰকাৰ, এন এইচ পি চি বিৰোধী বিভিন্ন শ্লোগান দি গেৰুকামুখ অঞ্চল উত্তাল কৰি তোলে৷