নিয়মীয়া বাৰ্তা ২৪ জুলাইঃ পুনৰবাৰ তিৱা স্বায়ত্ব শাসিত পৰিষদ জোকাৰি গৈছে দুৰ্নীতিৰ প্ৰসংগই। পৰিসদৰ মুখ্য কাৰ্যবাহী সদস্য পৱন মান্তা আৰু তেওঁ ৰ অনুগত ঠিকাদাৰ আৰু অভিযন্তা ৰ বিৰুদ্ধে উত্থাপিত হৈছে ৩কোটি২৫লাখ টকাৰ বিত্তীয় কেলেংকাৰীৰ অভিযোগ। মৰিগাঁও ৰ অনিল ফামজং নামৰ ব্যক্তিজনৰ অভিযোগৰ আধাৰত ইতিমধ্যে মৰিগাঁও আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে তিৱা পৰিসদৰ চি ই এম ৰ ঘনিষ্ঠ ঠিকাদাৰ বিদ্যুৎ ঠাকুৰক। উল্লেখ্য বিদ্যুৎ ঠাকুৰ নামৰ এই বিতৰ্কিত ঠিকাদাৰ জন চি ই এম পৱন মান্তাৰ অতি ঘনিষ্ঠ বুলি সৰ্ব জনবিদিত। উল্লেখ্য মৰিগাঁও সদৰ থানাত গোচৰ ৰুজু কৰা অনিল ফামজং নামৰ ব্যক্তিজনে অভিযোগ কৰিছে যে তিৱা স্বায়ত্ব শাসিত পৰিসদৰ ফালৰ পৰা দৰিদ্ৰ ৰাইজক দমকল সূতা আৰু টিনপাত যোগানৰ নামত চি ই এমৰ আশীৰ্বাদ পুষ্ট বিদ্যুৎ ঠাকুৰ নামৰ ঠিকাদাৰ জনে ব্যাপক কেলেংকাৰী সংঘটিত কৰিছে। অনিল ফামজং ৰ অভিযোগ এই লবি টোৱে ২০১৭-১৮আৰু১৮-১৯ বৰ্ষৰ বুলি দেখুৱাই পুৰণি কিছু সামগ্ৰী হিচাপ মিলাই সম্পূৰ্ণ ৰূপে কেলেংকাৰী সংঘটিত কৰিছে সামগ্ৰী যোগানৰ নামত। উল্লেখ্য তিৱা ৰাইজৰ সৰ্বাংগীন কল্যাণৰ বাবে গঠিত হোৱা তিৱা স্বায়ত্ব শাসিত পৰিসদৰ বৰ্তমানৰ মুখ্য কাৰ্যবাহী সদস্য জনৰ নেতৃত্বত চলি থকা পৰিসদ খনৰ একাংশ ই ব্যাপক অনিয়ম সংঘটিত কৰা বুলি অভিযোগ উত্থাপন হৈ আহিছে।