নিয়মীয়া বাৰ্তা ২৪ জুলাইঃ জাগীৰোড সমষ্টিৰ বানাক্ৰান্তৰ খবৰ স্থানীয় বিধায়ক তথা ৰাজ্যিক স্বাস্থ্য মন্ত্ৰী পীযুষ হাজৰিকাই প্ৰতি মুহূৰ্ততে লৈ থকাৰ সমান্তৰালভাৱে অসমীয়া বোলছবি জগতৰ জনপ্ৰিয় অভিনেত্ৰী তথা মন্ত্ৰীগৰাকীৰ সহধৰ্মীনি আইমী বৰুৱায়ো প্ৰতিকূল বতৰকো নেওচি শুক্ৰবাৰে উপস্থিত হয় জাগীৰোডৰ বানাক্ৰান্তৰ মাজত। অভিনেত্ৰীগৰাকীয়ে কাৰ্বি লাংপি জলবিদ্যুৎ প্ৰকল্পই এৰি দিয়া পানীয়ে প্লাৱিত কৰা নেলী অঞ্চলৰ পলাহগুৰি, কুমাৰগুৰিৰ বানপীড়িতৰ দুখ-দুৰ্দশাৰ বুজ লয় । লগতে আইমী বৰুৱাই নিজাববীয়াকৈ বন্যাৰ্তসকলক অত্যাৱশ্যকীয় সামগ্ৰীও বিতৰণ কৰা পৰিলক্ষিত হয়।সাংবাদিকৰে হোৱা মতবিনিময়ত কৰোনা মহামাৰীৰ লগতে এই বানপানীৰ জটিল সমস্যা যাতে সোনকালে অন্ত পৰে, ভাল দিন সোনকালে ঘুৰি আহে তাকেই কামনা কৰে অভিনেত্ৰী গৰাকীয়ে।