নিয়মীয়া বাৰ্তা ২৪ জুলাই : ২০১৭ চনৰ প্ৰয়লংকৰী বানত ঘৰ দুৱাৰ, সা সম্পত্তি হেৰুৱাই কঙাল হোৱা নগাঁও জিলাৰ কলিয়াবৰ ৰাজহ চক্ৰৰ অন্তৰ্গত কেইবাখনো ৰাজহ গাঁৱৰ ৪,৯৪৮গৰাকী বানাক্ৰান্তই আজিও নাপালে বান সাহাৰ্যৰ ধন। উল্লেখ্য, বিগত ২০১৮ বৰ্ষৰ আগষ্ট মাহতেই এই বানাক্ৰান্ত লোক সকলৰ মাজত বান সাহাৰ্যৰ ধন অনুমোদনৰ চৰকাৰী পত্ৰ প্ৰদানৰ প্ৰক্ৰিয়া আৰম্ভ কৰা হৈছিল যদিও হিতাধিকাৰীৰ তালিকাত ব্যাপক বিসংগতি থকা হেতুকে বানাক্ৰান্ত ৰাইজৰ প্ৰচণ্ড প্ৰতিবাদত চৰকাৰে সেই প্ৰক্ৰিয়া বন্ধ কৰিবলৈ বাধ্য হয়। তেতিয়াৰ পৰা আজি পৰ্যন্ত সাহাৰ্য প্ৰদানৰ সমগ্ৰ বিষয়টো গেথেলা মাৰি থাকে।ইয়াকেলৈ বানাক্ৰান্ত ৰাইজৰ মাজত তীব্ৰ অসন্টুষ্টিয়ে বিৰাজ কৰা পৰিলক্ষিত হৈছে।
জলসম্পদ বিভাগৰ দুৰ্নীতি-অনিয়মৰ বাবেই বিগত ২০১৭ বৰ্ষৰ ১৩ আগষ্টত কলিয়াবৰৰ হাতীমূৰা বান্ধটো চিঙিছিল। এই বান্ধটো চিগাত সমগ্ৰ কলিয়াবৰ মহকুমাতেই বানৰ মহা প্ৰলয় হৈছিল। বহু লোকে বানত নিজা ঘৰ দুৱাৰ পৰ্যন্ত হেৰুৱাই সৰ্বস্বান্ত হ’ব লগীয়া হৈছিল। সেই বানত ক্ষতিগ্ৰস্ত নগাঁও জিলাৰ কলিয়াবৰ ৰাজহ চক্ৰৰ ৪,৯৪৮গৰাকী ক্ষতিগ্ৰস্ত লোকৰ বাবে চৰকাৰে ৮ কোটি ৮৬ লাখ ৭২ হেজাৰ ১০০ টকা অনুমোদন জনাইছিল। কলিয়াবৰ ৰাজহ চক্ৰৰ জৰীপৰ ভিৰ্তিত বান ক্ষতিগ্ৰস্তৰ তালিকা প্ৰস্তত কৰা হৈছিল। কিন্তু প্ৰচণ্ড ৰাজনৈতিক হস্তক্ষেপত সেই হিতাধিকাৰীৰ তালিকা খন প্ৰস্তত কৰাত বহু বান ক্ষতিগ্ৰস্তৰ নাম সেই তালিকাত সন্নিবিষ্ট হোৱা নাছিল। লগতে তালিকাত বহু ৰাজনৈতিক নেতা-পালিনেতাৰ অঙহি বঙহী, বহু অযোগ্য লোকৰ নাম সন্নিবিষ্ট হৈছিল। ইয়াৰ ফলত ৰাজহ চক্ৰটোৰ পাঁচজন গাঁওবুঢ়াকো চাকৰিৰ পৰা নিলম্বিত কৰা হৈছিল। অৱশ্যে পিছত তেওঁলোকৰ নিলম্বন প্ৰত্যাহাৰ কৰা হয়। ৰাজনৈতিক হস্তক্ষেপত প্ৰস্তুত কৰা বানত ক্ষতিগ্ৰস্তৰ হিতাধিকাৰীৰ তালিকা খনৰ মতেই ২০১৮ বৰ্ষৰ ৮ আগষ্টত একাংশ লোকক বান সাহাৰ্যৰ ধন অনূমোদনৰ পত্ৰ আনুষ্ঠানিক ভাৱে বিতৰণ কৰা হৈছিল। কিন্তু বহু প্ৰকৃত ক্ষতিগ্ৰস্তৰ নাম সেই তালিকা খনত নথকাত বঞ্চিত ৰাইজে কলিয়াবৰ মহকুমাধিপতি, ৰাজহ চক্ৰৰ চক্ৰ বিষয়াৰ কাৰ্যালয় ঘেৰাও কৰি ধৰ্ণা দি প্ৰতিবাদ সাব্যস্ত কৰি কলিয়াবৰ উত্তাল কৰি তুলিছিল। তদুপৰি,২০১৮ বৰ্ষৰ ৯ আগষ্টত বঞ্চিত বানাক্ৰান্ত ৰাইজে কলিয়াবৰ সমষ্টিৰ বিধায়ক তথা জলসম্পদ মন্ত্ৰী কেশৱ মহন্তৰ কলিয়াবৰৰ বাসভৱন ঘেৰাও কৰি প্ৰতিবাদ সাব্যস্ত কৰিছিল।সেই সময়তেই তেতিয়াৰ নগাঁও জিলাৰ উপায়ুক্ত বিশ্বজিৎ পেগুৱে সমগ্ৰ বিষয়টোৰ ওপৰত এক তদন্তৰ নিৰ্দেশ দিছিল। তদন্ত আৰম্ভ হোৱা দুবছৰ ওকলিল যদিও ইয়াৰ প্ৰতিবেদন আজি পৰ্যন্ত নোলাল।
ইপিনে, বিগত লোকসভা নিৰ্বাচনৰ সময়ত কলিয়াবৰত অনুষ্ঠিত এক নিৰ্বাচনী সভাত স্থানীয় বিধায়ক তথা জলসম্পদ মন্ত্ৰী কেশৱ মহন্তই ঘোষণা কৰিছিল যে, নিৰ্বাচনৰ ফলাফল ঘোষণাৰ এমাহৰ ভিতৰতেই কলিয়াবৰৰ বান ক্ষতিগ্ৰস্তক সাহাৰ্যৰ ধন বিতৰণ কৰা হ’ব। কিন্তু কলিয়াবৰত হোৱা প্ৰলংকাৰী বানৰ আজি প্ৰায় ৩ বছৰ সম্পূৰ্ণ হোৱাৰ প্ৰাক মুহূৰ্তটো কলিয়াবৰৰ বানাক্ৰান্তই ক্ষতিপূৰণ নাপালে। জলসম্পদ মন্ত্ৰী কেশৱ মহন্তৰ গৃহ সমষ্টি কলিয়াবৰত বানাক্ৰান্তই ক্ষতি পূৰণ নোপোৱাত ৰাইজৰ মাজত ক্ষোভৰ সৃষ্টি হৈছে।