নিয়মীয়া বাৰ্তা ২৪জুলাই: সমগ্ৰ ৰাজ্যজুৰি মহামাৰী কৰ’ণা ভাইৰাছৰ লগতে শেহতীয়াকৈ প্ৰলয়ংকাৰী বানে ৰাজ্যৰ বিভিন্ন ঠাইত চলাইছে তাণ্ডৱ। সেইদৰে ৰহা সমষ্টিৰ বিভিন্ন পঞ্চায়তত কপিলী আৰু বৰপানী নদীৰ বাঢ়নি পানীয়ে জলমগ্ন কৰি সাধাৰণ লোকৰ জীৱন ব্যাহত কৰি তুলিছে। বানে ৰহা বিভিন্ন ঠাইত তাণ্ডব চলোৱাৰ পিচত এইবাৰ চাপৰমুখত আতংকৰ সৃষ্টি কৰিছে। চাপৰমুখ পঞ্চায়তৰ তিনি নং ৱাৰ্ডৰ মাৰোৱাৰীপট্টিত কপিলী নদীৰ মথাউৰি চিগো চিগো অৱস্থাই ৱাৰ্ডৰ বাসিন্দা সকলৰ টোপনি হৰণ কৰিছে। কপিলী নদীৰ জলপৃষ্ঠ ক্ৰমান্বয়ে বৃদ্ধি হৈ থকাত মথাউৰিটো চিঙি যোৱাৰ আশংকাত হাহাকাৰ লাগিছে অঞ্চলটোৰ বাসিন্দাসকল। স্থানীয় ৰাইজে মাটিৰ বস্তা দি বান প্ৰতিৰোধৰ চেষ্টা চলাই আছে যদিও যিকোনো মূহুৰ্তত্ব মথাউৰিটো ভাঙি যোৱাৰ শংকা কৰিছে। কিন্তু এই সময়তো জলসম্পদ বিভাগে তথা স্থানীয় প্ৰশাসনে নিৰৱ ভুমিকা পালন কৰি প্ৰতিৰোধৰ কোনো ব্যৱস্থা নকৰাৰ বুলি অভিযোগ উত্থাপন কৰিছে। অভিযোগ অনুসৰি তিনি নং ৱাৰ্ডৰ কপিলী নদীৰ কাষৰ তথা প্ৰায় বিশ/ত্ৰিশ মিটাৰ দৈৰ্ঘৰ মথাউৰিটোৱেদি কপিলী নদীৰ পানী সোমাই গ’লে সমগ্ৰ মাৰোৱাৰী পট্টী পানীৰ তলত বুৰ যাব। কিন্তু শেহতীয়া দুমাহৰ ভিতৰত পাঁচবাৰকৈ বানৰ সৃষ্টি হোৱাত সেই মথাউৰিয়েদি বানপানী সোমাবলৈ নদীৰ সোঁতে চেষ্টা চলাইছিল। প্ৰথমাৱস্থাত ৰহা ৰাজহ চক্ৰ বিষয়াই ঘটনাস্থলী পৰিদৰ্শন কৰি ৰহা খণ্ড উন্নয়ন বিষয়াক মেৰামতি কৰিবলৈ নিৰ্দেশ দিয়া ৰহা উন্নয়ন খণ্ডই ডেৰশ মান বস্তাত মাটি ভৰাই বান প্ৰতিৰোধৰ চেষ্টা কৰে। কিন্তু শেহতীয়াকৈ কপিলী নদীৰ জলপৃষ্ঠ বৃদ্ধি পোৱাত উক্ত মথাউৰিটোৱেদি পানী বাগৰিব ধৰাত বৃহস্পতিবাৰে স্থানীয় ৰাইজে নিজে শ্ৰমদান কৰি বস্তাত মাটি ভৰাই বানপানী প্ৰতিৰোধৰ বাবে চেষ্টা চলাই। উল্লেখ্য যে বাঢ়নি পানীয়ে মথাউৰিটো বুৰাই পেলোৱাৰ উপক্ৰম কৰিছে যদিও বৃহস্পতিবাৰৰ সন্ধিয়ালৈকে কোনো চৰকাৰী, বিভাগীয় লোক ঘটনাস্থলীত উপস্থিত নহ’ল বুলি স্থানীয় ৰাইজে অভিযোগ কৰিছে। এই ঘটনাৰ বিষয়ে সংবাদ মাধ্যমত বাতৰি প্ৰচাৰ হোৱাৰ পাছত অৱশ্যে শুক্ৰবাৰে কোনো বিভাগীয় লোকে ঘটনাস্থলী পৰিদৰ্শন কৰে। উল্লেখ্য যে কপিলীয়ে মথাউৰিটো চিঙি নিলে চাপৰমুখ চহৰৰ এটা অঞ্চল পানীত বুৰ যাব। পৰিতাপৰ বিষয় যে, মথাউৰি মেৰামতি বা নিৰ্মাণ কাম সাধাৰণতে জলসম্পদ বিভাগৰ দায়িত্ব যদিও জলসম্পদ বিভাগে অথবা স্থানীয় জনপ্ৰতিনিধিয়ে আজিলৈকে কোনো ব্যৱস্থা কৰা নাই বুলি স্থানীয় ৰাইজৰ অভিযোগ।তদুপৰি মথাউৰিটোৰ কাষতে এটা শিৱমন্দিৰ আৰু এডাল বৃহত আঁহত গছ গৰাখহীয়াৰ ফলত কপিলীৰ বুকুত জাহ গৈছে যদিও বৰ্তমানলৈকে জলসম্পদ বিভাগ কুম্ভকৰ্ণ নিদ্ৰাত আছে বুলি স্থানীয় লোকে অভিযোগ কৰিছে।
You might also like