নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

জোনাই প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ সৌজন্যত বানপীড়িত অঞ্চলত ভ্ৰাম্যমাণ চিকিৎসা সেৱাৰ দল

নিয়মীয়া বাৰ্তা, ২৪ জুলাইঃ জোনাই মহকুমাত যোৱা ডেৰ মাহ ধৰি বানৰ কৱলত৷ চিয়াং- লালী , ব্ৰহ্মপুত্ৰৰ নৈ উপনৈসমূহৰ  পানী ফেনেফুটুকাৰে বাঢ়ি অহাৰ ফলত আৰু অৱনতি ঘটিছে জোনাইৰ বান পৰিস্থিতি৷ পূৰ্বৰ তুলনাত এইবাৰ জোনাইৰ নৈ উপনৈ সমূহৰ জলস্থৰ অধিক বৃদ্ধি পোৱাত মহকুমাটোত প্ৰায় তিনিশতাধিক গাৱঁৰ বান পৰিস্থিতি ক্ৰমান্বয়ে জটিল ৰূপ ধাৰণ কৰিছে৷ এতিয়া চাৰিওফালে কেৱল বৰ্নাত্যৰ অৱস্থা অবৰ্ণনীয় পৰিস্থিতি৷ বানৰ কবলত এতিয়া শ শ  পৰিয়ালে ঘৰ-দুৱাৰ এৰি আশ্ৰয় লৈছে ওখ মথাউৰিত আৰু চৰকাৰী আশ্ৰয় শিবিৰত৷ বানত জলবন্ধী হৈ থকা জোনাই ৰাজহচক্ৰৰ নৈপৰীয়া ৰাইজৰ কাষত থিয় দিছে জোনাই প্ৰাৰ্থমিক স্বাস্থ্য কেন্দ্ৰৰ সৌজন্যত ভ্ৰাম্যমাণ চিকিৎসা সেৱাৰ দল৷ আজি এমাহ ধৰি বিপদসংকুল যাত্ৰাৰে জোনাই প্ৰাৰ্থমিক স্বাস্থ্য কেন্দ্ৰৰ সৌজন্যত জোনাইত বানপীড়িত অঞ্চলত ভ্ৰাম্যমাণ চিকিৎসা সেৱা দলে বিনামূলীয়া স্বাস্থ্যৰ পৰীক্ষা আৰু ঔষধ যোগান ধৰা শিবিৰ অনুস্থিত কৰি আছে । মহকুমা স্বাস্থ্য বিষয়া ডঃ কিশোৰ কামানৰ নেতৃত্বত চিকিৎসা সেৱা আগবঢ়োৱা শিবিৰ সমূহত সমগ্ৰ জোনাই মহকুমা শ শ বয়োজ্যেষ্ঠ, শিশু, পুৰুষ মহিলাক স্বাস্থ্যৰ পৰীক্ষা আৰু ঔষধ যোগান ধৰা হয় । জোনাইত বানত জলবন্ধী হৈ থকা অঞ্চল সমূহত ওখ ঠাই ৰাজহুৱা মৃৰং ঘৰ , কিছুমানক নাঁওৰ বা পঁচলাৰ বুৰৰ ওপৰতে চিকিৎসা সেৱা প্ৰদান কৰিছে চিকিৎসাকৰ দলটোৱে। জোনাই মহকুমাৰ বৃহত্তৰ বেৰাচাপৰি, লুহিজান, গালীঘাট, জীয়াঢল, মুদৈ, দেবেৰ, মুনমুনি, গালী চাপৰি আদি বিভিন্ন বানপীড়িত অঞ্চলত জোনাই প্ৰাৰ্থমিক স্বাস্থ্য কেন্দ্ৰৰ সৌজন্যত যোৱা ভ্ৰাম্যমাণ চিকিৎসা সেৱাৰ দলটোৱে চিকিৎসা আগবঢ়ায় । এই চিকিৎসা সেৱাত মহকুমা স্বাস্থ্য বিষয়া ডঃ কিশোৰ কামানৰ উপৰিও ডাঃ দেবজিৎ পেগু, ডাঃ শশীকান্ত পাঞাং, ব্লক প্ৰগ্ৰেম মেনেজাৰ ৰ’জ বৰুৱাৰ লগতে নাৰ্চ আৰু আশাকৰ্মীয়ে অংশগ্ৰহণ কৰি বানপীড়িত ৰাইজৰ কাষত থিয় দিয়া ভ্ৰাম্যমাণ চিকিৎসা সেৱাৰ পদক্ষেপক আদৰণি জনাইছে বানপীড়িত ৰাইজে।

You might also like