চিৰাঙত২৪ ঘন্টাত ১৬ গৰাকী ক’ৰোনা পজিটিভ; মুঠ আক্ৰান্ত ১৬৭ জনলৈ বৃদ্ধি
নিয়মীয়া বাৰ্তা, ২৪ জুলাই :ক্ৰমান্বয়ে চিৰাং জিলাত ক’ভিড ১৯ আক্ৰান্তৰ সংখ্যা বৃদ্ধি হবলৈ ধৰাত সৰ্ব সাধাৰণ ৰাইজে সামাজিক সংক্ৰমনৰ আশংকাত শংকিত হৈ পৰিছে। জিলাখনত যোৱা ২৪ ঘন্টাত নতুনকৈ ১৬ গৰাকী ব্যক্তি ক’ভিড-১৯ ত আক্ৰান্ত হোৱাৰ তথ্য জিলা স্বাস্থ্য বিভাগে সদৰি কৰিছে।
একাংশ লোকে টুলুঙা মন্তব্য কৰি সমাজক বিপথে পৰিচালিত কৰাৰ বিপৰীতে চিৰাঙত ডেৰ বছৰীয়া শিশু,যুৱক,যুৱতী,মহিলা, বৃদ্ধা,আৰক্ষী আৰু বেংক কৰ্মচাৰীকে ধৰি সমাজৰ সকলো শ্ৰেণীৰ লোক কোভিড-১৯ পজিটিভ হিচাপে চিনাক্ত হোৱাৰ পিছত সকলো পক্ষ চিন্তিত হৈ পৰিছে । আজি নতুনকৈ পজিটিভ চিনাক্ত হোৱা সকলৰ ভিতৰত বাসুগাঁৱৰ তপন সাহা(২৮), বিজনী মহকুমাৰ অন্তৰ্গত কাউৱাটিকা বন্ধন বেংকৰ ৰণদ্বীপৰাজ নাৰ্জাৰী(২৫),আমটেকা এলেংমাৰীৰ দীপক মধুৱা, বিজনী ভেটাপাৰা চিকিৎসালয়ৰ ইতিমধ্যে কোভিড -১৯ত আক্ৰান্ত চিকিৎসকৰ মাতৃ কুশেশ্বৰী বসুমতাৰী(৬২),চিদলী থানাৰ ৪জন আৰক্ষী ক্ৰমে-নিখিল ৰঞ্জন নাগ(৪৪),মহেন বৰ্মন (৩০),ৰাহুল ডেকা (৩০)আৰু মোকছেদ আলী (৩৭)।
আনফালে ৰুণিখাটা আৰক্ষী থানাৰ অন্তৰ্গত একাধিক চুবুৰীৰ ৮জন বিভিন্ন বয়সৰ আক্ৰান্ত লোকসকল হৈছে মেনকা অধিকাৰী (৬৫),আয়ুস অধিকাৰী(১৮),চন্দন অধিকাৰী (৩৭),ববিতা অধিকাৰী (২৫),আৰোহী অধিকাৰী (১বছৰ ৬ মাহ),গংগা পোখৰেল (৩৪) আৰোধ্য অধিকাৰী (৬),আৰু আধৰোশ অধিকাৰী (৩৮)। অৱশ্যে স্বাস্থ্য বিভাগৰ সূত্ৰই পজিটিভ হিচাপে চিনাক্ত কৰা ব্যক্তি সকলৰ ভ্ৰমণ বৃত্তান্ত সদৰি কৰা নাই ।কোভিড আক্ৰান্ত আটাইকে চিকিৎসা প্ৰদান কৰাৰ বাবে কাজলগাঁওস্থিত জেএছবি অসামৰিক চিকিৎসালয় আৰু কাশীকোত্ৰাৰ আদৰ্শ চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে বুলি একেটা সূত্ৰই প্ৰকাশ কৰিছে । জিলা খনত এই মূহুৰ্তত মুঠ ১৬৭ জন কোভিড আক্ৰান্ত হোৱাৰ বিপৰীতে ১১৭ জনে আৰোগ্য লাভ কৰিছে। জিলা প্ৰশাসনৰ লগতে সচেতন ৰাইজ,স্বেচ্ছাসেৱী সংগঠন সমূহেও সৰ্বসাধাৰণ ৰাইজক কোভিড-১৯’ সংক্ৰমন প্ৰতিৰোধৰ বাবে চৰকাৰী নীতি-নিৰ্দেশনা মানি চলিবলৈ আহ্বান জনাইছে ।।
(বিপুল কুমাৰ দাস, কাজলগাঁও।)