নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ছয়গাঁৱৰ বালাসিদ্ধিত পথৰ দুৰাৱস্থাঃ শতাধিক পুৰুষ-মহিলাই কৰিলে পথত ভূই ৰুই প্ৰতিবাদ

নিয়মীয়া বাৰ্তা, ২৫ জুলাই : শোচনীয় বাট পথৰ বাবে জীয়াতু ভুগিবলগীয়া হৈছে ছয়গাঁও সমষ্টিৰ বৃহত্তৰ বালাসিদ্ধি গাঁৱৰ গঞা ৰাইজে ৷ যাৰ বাবে ক্ষোভিত ৰাইজে আজি শোচনীয় পথৰ ওপৰত ভূঁই ৰুই তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে চৰকাৰৰ বিৰুদ্ধে ৷ স্থানীয় শতাধিক পুৰুষ মহিলা আজি ৰাজপথলৈ ওলাই আহি বালাসিদ্ধি গাঁৱৰ দুটা শোচনীয় পথৰ ওপৰত ভূঁই ৰুই চৰকাৰৰ বিৰুদ্ধে তীব্ৰ ক্ষোভ প্ৰকাশ কৰে ৷ উল্লেখযোগ্য যে ছয়গাঁও সমষ্টিৰ এখন বৃহৎ গাঁও হ’ল ২ নং বালাসিদ্ধি গাঁও ৷ গাঁওখনৰ সোমাজেৰে গৈছে গড়কাপ্তানি বিভাগৰ পকী পথটো ৷ কিন্ত গাঁও খনৰ অৰ্থাৎ পকী পথৰ সোফালে বাস কৰে গাঁও খনৰ অধিক সংখ্যক লোক ৷ বৃহত্তৰ গাঁওখনৰ ভিতৰত বাস কৰা লোক সকল আহ যাহ কৰা বাবে তিনিটা দীঘলীয়া পথ আছে ৷ কিন্ত এই তিনিওটা পথৰ বিগত বছৰ বছৰ ধৰি কোনো মেৰামতি বা পকীকৰণৰ ব্যৱস্থা নকৰাৰ ফলত পথ কেইটা একেবাৰে শোচনীয় হৈ পৰিছে ৷ বিশেষকৈ বাৰিষা কালত পথ কেইটাৰে আহ যাহ কৰাৰ বাবে একেবাৰে দুৰূহ হৈ পৰে ৷ বাৰিষা সময়ত পথকেইটাৰে গাড়ী,মটৰ বা চাইকেল বাদেই মানুহ খোজকাঢ়িও যাব নোৱাৰ অৱস্থাৰ সৃষ্টি হয় ৷ যাৰ ফলত এতিয়া অঞ্চলটোৰ সহস্ৰাধিক লোকে পথ তিনিটাৰ নামত যমৰ যাতনা ভোগ কৰি আহিছে। উক্ত পথকেইটা যাতায়তৰ বাবে সুচল কৰাৰ বাবে কোনো এখন চৰকাৰৰ প্ৰতিনিধিয়েই ব্যবস্থা গ্ৰহণ কৰা নাই বুলি ৰাইজে অভিযোগ কৰিছে ৷ ছয়গাঁও গাঁও পঞায়তৰ প্ৰতিনিধিৰ ওচৰত কেইবাববৰো আবেদন নিবেদন জনোৱাৰ পিচতে পঞায়তৰ তৰফৰ পৰাও একো ব্যৱস্থা গ্ৰহণ কৰা নাই বুলি ৰাইজে জানিবলৈ দিছে ৷ ৰাইজে জানিবলৈ দিয়া মতে উক্ত পথ তিনিটাৰে বৃহত্তৰ বালাসিদ্ধি সাতপাৰা ৰাইজৰ কৃষক সকলে খেতি পথাৰলৈ যোৱাৰ লগতে গৰু ছাগলিও এৰাল দিবলৈ যায় ৷ স্থানীয় ৰাইজে অভিযোগ কৰামতে প্ৰতিনিধি সকলে নিৰ্বাচনৰ সময়ত অঞ্চলটোলৈ ভোট খুজিব যায় কিন্ত নিৰ্বাচনৰ পিচত ৰাইজলৈ পিঠি দিয়ে ৷ উল্লেখযোগ্য যে উক্ত স্থানত বালাসিদ্ধি সাতপাৰা ৰাইজৰ হানাআতা গোঁসাইঘৰ,কালী মন্দিৰকে ধৰি কেইবাটাও ধৰ্মীয় অনুষ্ঠান আছে যদিও পথছোৱাৰ বাবে ৰাইজে ধৰ্মীয় অনুষ্ঠানলৈ যাব নোৱাৰে ৷ আনহাতে তাত এটি অংগনবাড়ী কেন্দ্ৰও আছে যদিও বাৰিষাৰ সময়ত পথৰ দুৰৱস্থাৰ বাবে শিশু সকল অংগনবাড়ী কেন্দ্ৰলৈ যাব নোৱাৰে ৷ আনকি উক্ত পথটোৰে আহ যাহ কৰাৰ সময়ত এটি শিশু পৰি হাত এখন ভঙা বুলি ৰাইজে জানিবলৈ দিয়ে ৷ সেয়েহে স্থানীয় ৰাইজে অতিশীঘ্ৰে উক্ত পথ তিনিটা নিৰ্মাণৰ ব্যৱস্থা কৰি ৰাইজৰ বাবে যাতায়ত সুচল কৰি তোলাৰ বাবে চৰকাৰ তথা পঞ্চায়ত প্ৰতিনিধি সকলক অনুৰোধ জনাইছে ৷

You might also like