বৰহোলা আৰক্ষীৰ অভিযানত বৃহৎ ভাটি উচ্ছেদ : ক’ৰোণাতংকৰ সুযোগত সুৰাৰ অবৈধ ব্যৱসায়
নিয়মীয়া বাৰ্তা, ২৫ জুলাইঃ দেশজুৰি ক’ৰোণাৰ আতংকই বিৰাজ কৰি থকাৰ সময়তে তিতাবৰ মহকুমাৰ অসম-নাগালণ্ড সীমান্তৱৰ্তী বিভিন্ন গ্ৰামাঞ্চলত একাংশ অসাধু লোকে অবৈধ দেশী-বিদেশী সুৰাৰ ৰমৰমীয়া ব্যৱসায় চলাই অহাৰ গুৰুত্বৰ অভিযোগ উঠিছে। সেই অভিযোগৰ ভিত্তিতে আজি বৰহোলা আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া ৰাজীৱ দাসৰ নেতৃত্বত আৰক্ষীৰ এটা দলে অভিযান চলাই ইকৰাণিৰ নাওপেটাত এটা বৃহৎ চুলাইৰ ভাটি উচ্ছেদ কৰিবলৈ সক্ষম হয়।
আৰক্ষীৰ দলটোৱে ভাটিটোত গোপনে মজুত থকা কেইবা হাজাৰ লিটাৰ দেশীয় সুৰা উদ্ধাৰ কৰি নষ্ট কৰে। উল্লেখ্য যে ৰাজ্য জোকাৰি যোৱা চুলাই কাণ্ডত বৰহোলাৰ শতাধিক লোকৰ মৃত্যু হোৱা দুটা বছৰ পাৰ নহওতেই গ্ৰামাঞ্চলৰ একাংশ অসাধু লোকে পুনৰ এনেদৰে চুলাইৰ অবৈধ ভাটি নিৰ্মাণ কৰা কাৰ্যই বৰহোলাৰ সচেতন মহলৰ চকু থৰ কৰিছে। একাংশ লোকে তিতাবৰ আৰু বৰহোলা নগৰত থকা সুৰাৰ বিপনী সমূহৰ পৰা সুৰা ক্ৰয় কৰি আনি গাঁৱৰ য’তে ত’তে অবৈধ বেহা পাতি সামাজিক আৰু শৈক্ষিক পৰিবেশ বিনষ্ট কৰাৰো গুৰুত্বৰ অভিযোগ উঠিছে। বৰহোলা আৰক্ষী থানাত শেষতীয়াকৈ যোগাদান কৰা অ’ চি ৰাজীৱ দাসৰ নেতৃত্বত নেওপেটাত এনেদৰে অবৈধ সুৰাৰ বিৰুদ্ধে চলা অভিযানত বৰহোলাৰ সচেতন ৰাইজে সন্তোষ প্ৰকাশ কৰি সুৰা বিৰোধী এই অভিযান অধিক তীব্ৰতৰ কৰি তুলিবলৈ আহ্বান জনাইছে।
ইফালে বেকাজান আৰক্ষী চকীৰ অন্তৰ্গত ভেল’গুৰি মিছিং গাঁও, ছয়ত্ৰিছ ঘৰীয়া গাঁৱকে ধৰি আৰক্ষী চকীৰ আশে-পাশে থকা কেইবাটাও স্থানত দীৰ্ঘদিনে অবৈধ সুৰাৰ ৰমৰমীয়া ব্যৱসায় চলি থকাৰ ৰাজহুৱা অভিযোগ উঠিছে। লকডাউনৰ সময়তো ভেল’গুৰি মিছিং গাঁৱত বাহিৰৰ পৰা আহি নিচাত ডুব যোৱা একাংশ অধঃপতিত যুৱকে তীব্ৰ বেগত বাইক চলাই একপ্ৰকাৰ সন্ত্ৰাস চলোৱাৰো স্থানীয় ৰাইজে অভিযোগ কৰিছে। এইক্ষেত্ৰত বেকাজান আৰক্ষীয়ে আজিকোপতি কোনো ব্যৱস্থা নোলোৱাত অঞ্চলটোৰ সচেতন ৰাইজ সন্দিহান হৈ পৰিছে।