নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

জোনাইৰ বানৰ বিভীষিকা বানৰ প্ৰলয়; বাঢ়িছে দুৰ্ভোগ বানাক্ৰান্তঃ খাদ্য আৰু চিকিৎসাৰ অভাৱত শ শ পশুধনৰ মৃত্যু

মহকুমা প্ৰশাসন আৰু পশুচিকিৎসকৰ নাই কাণসাৰ

নিয়মীয়া বাৰ্তা, ২৫ জুলাইঃ জোনাইত অপৰিবৰ্তিত বান পৰিস্থিতি চিয়াং-লালী , ব্ৰহ্মপুত্ৰৰ নদীয়ে তচনচ কৰা দুইশতাধিক পৰিয়ালে ককবকাইছে বানত ঘৰবাৰী হেৰুৱাই৷ বানৰ কবলত এতিয়া শ শ  পৰিয়ালে ঘৰ-দুৱাৰ এৰি আশ্ৰয় লৈছে ওখ মঠাউৰি আৰু চৰকাৰী আশ্ৰয় শিবিৰত৷ মঠাউৰিত আশ্ৰয় লোৱা  বানাক্ৰান্তৰ উপৰি জীৱ-জন্তু ভুগিছে খাদ্যৰ লগতে খোৱাপানীৰ সংকটত। আনহাতে জোনাই মহকুমা ৰাজহচক্ৰৰ তথ্য অনুসৰি মহকুমাটোত জলমগ্ন হৈছে মুঠ ২১১  খন গাঁও, ৭৭৯৪৯ হেজাৰ লোক বানাত আক্ৰান্ত আৰু ২৯৬৫ হেজাৰ হেক্টৰ, কৃষিভূমি বাঢ়নী পানীয়ে বুৰাই পেলাইছে৷
ব্ৰহ্মপুত্ৰ চিয়াং-লালী নদীৰ প্ৰলঙ্কাৰী বানে জোনাইৰ শ শ হেক্টৰ আলি খেতিয়ক ৰাইজৰ শালিধান খেতিবোৰ বিস্তৰ ক্ষতিগ্ৰস্ত কৰি পেলোৱাৰ উপৰি অধিকাংশ গাঁৱৰ খেতিপথাৰত পলস বালিয়ে পৰিপূৰ্ণ হৈ পৰে| আনহাতে বানাক্ৰান্ত অঞ্চল সমূহত বহুকেইটা কৃষক পৰিয়ালৰ হালোৱা, গাই গৰু মৃত্যু হোৱাৰ খবৰো জানিবলৈ দিছে |

উল্লেখ্য জোনাইত বানাক্ৰান্ত অঞ্চল সমূহত পশুধনসমূহৰ চিকিৎসা ব্যৱস্থা গ্ৰহণ নকৰাৰ ফলত জোনাইত ব্যাপক হাৰত মৃত্যু মুখত পৰিছে পশুধনৰ |  চিয়াং লালী নদীৰ বানৰ কবলত পৰা বেৰাচাপৰিত অঞ্চলতে প্ৰায় ৪০ টাৰো অধিক গৰু বিভিন্ন ৰোগত আক্ৰান্ত হৈ মৃত্যু মুখত পৰছে বুলি বানাক্ৰান্ত বেৰাচাপৰি ৰাইজে জানিব দিয়ে | আজি ডেৰ মাহে বানত জলবন্ধী হৈ থকা জোনাই মহকুমাতপশুধনৰ খাদ্য আৰু চিকিৎসা অভাৱত অচিন ৰোগত জোনাইৰ কবু চাপৰি, মুনমুনি চাপৰি, কুটুম গাৱকে ধৰি নৈপৰীয়া বিভিন্ন প্ৰান্তৰ বহু পৰিয়ালৰ শতাধিকৰো অধিক পশুধনৰ মৃত্যুত হাঁহাকাৰ অৱস্থা। চিকিৎসা টো দূৰৰ কথা আজি ডে মাহে এবাৰো পশুধনৰ যোগান ধৰা নাই মহকুমা প্ৰশাসনে৷ মহকুটোত খেতিয়ক ৰাইজৰ পহুধনৰ মাজত খাদ্যৰ অভাৱ আৰু বিভিন্ন ৰোগৰ প্ৰাদূৰ্ভাৱ ঘটিয়েই আছে যদিও জোনাই মহকুমা প্ৰশাসন আৰু পশুচিকিৎসকৰ কোনো কানসাৰ নাই দিয়া বুলি বানপীড়িত ৰাইজে অভিযোগ কৰিছে |

You might also like