নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

১২ কৃতী শিক্ষাৰ্থীক ৰজাবাহৰ ৰূপালীম সাংস্কৃতিক সন্থাৰ সম্বৰ্ধনা

নিয়মীয়া বাৰ্তা, ২৬ জুলাইঃ তিতাবৰ মহকুমাৰ ৰজাবাহৰৰ ৰূপালীম সাংস্কৃতিক সন্থাই শুক্ৰবাৰে অঞ্চলটোৰ প্ৰায় ১২ গৰাকী কৃতী ছাত্ৰ-ছাত্ৰীক সম্বৰ্ধনা জনায়। অৱসৰপ্ৰাপ্ত শিক্ষয়িত্ৰী কুঞ্জলতা ৰাজখোৱা গগৈৰ সভাপতিত্বত অনুষ্ঠিত সম্বৰ্ধনা অনুষ্ঠানত ৰূপালীম সাংস্কৃতিক সন্থাৰ সম্পাদক দীপক ৰাজখোৱাই উদ্দেশ্য ব্যাখ্যা কৰাৰ পিছতে উচ্চতৰ মাধ্যমিক পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হোৱা ভবেন্দ্ৰ নাৰায়ন শইকীয়া, তনয়া ভাগৱতী, ৰিংকুমনি গগৈ, অনন্যা সন্দিকৈ, ইন্দিৰা বৰগোঁহাই, অংকণজ্যোতি ৰাজখোৱা, অংশুমান গগৈ, ৰিংকি গগৈ, চাহিদুৰ ৰহমান, নিৰু দাস, নিহা চুতীয়া আৰু টিনা শইকীয়াক একোখনকৈ সম্বৰ্ধনা পত্ৰ, ফাইল, কলম, বহী আদিৰে সম্বৰ্ধনা জ্ঞাপন কৰে। অনুষ্ঠানত ৰজাবাহৰৰ সচেতন যুৱকৰ্মী যদুমনি চুতীয়াকো অঞ্চলটোৰ দুগৰাকী দৰিদ্ৰ শিক্ষাৰ্থীৰ দুবছৰৰ শিক্ষাৰ দায়িত্ব লোৱাৰ বাবে বিশেষভাৱে সম্বৰ্ধনা জনায়।

অনুষ্ঠানত ৰূপালীম সাংস্কৃতিক সন্থাৰ সভাপতি তৰুণ গগৈ, সমাজকৰ্মী প্ৰবীণ কুৰ্মি, সংবাদদাতা তীৰ্থ শইকীয়া, শিক্ষক গ্লাদবিন খুদি, গোবিন্দ বৰা, দেবেন বৰা, সাংস্কৃতিক কৰ্মী প্ৰদীপ বুঢ়াগোঁহইৰ লগতে বহুসংখ্যক স্থানীয় ৰাইজ আৰু অভিভাৱক উপস্থিত থাকে।

You might also like