নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বোকাজানৰ বিধায়ক ডাঃ নোমল মমিনলৈ জম্মু-কাশ্মীৰৰ পৰা ভাৰতীয় সেনাৰ  ২৯৯ মেডিয়াম ৰেজিমেন্টৰ কৰ্ণেলৰ ধন্যবাদ সূচক পত্ৰ 

 নিয়মীয়া বাৰ্তা, ২৬ জুলাইঃ বোকাজান মহকুমাৰ খটখটি আৰক্ষী থানাৰ অন্তৰ্গত খটখটিৰ বাসিন্দা সঞ্জয় ৰংপিৰ পুত্ৰ শ্বেমুৱেল ৰংপি (১২) আজি প্ৰায় সুদীৰ্ঘ ১০ বছৰ ধৰি Tubercular Meningitis Sequelae Stage -IV নামৰ এক বিশেষ ৰোগত ভুগি আছে। বিশেষভাৱে সক্ষম এই শিশুটিৰ দেউতাক চাকৰি সূত্ৰে জম্মু কাশ্মীৰত ভাৰতীয় সেনাৰ ২৯৯ মেডিয়াম ৰেজিমেণ্টত কৰ্মৰত হৈ আছে ।

ইপিনে বিশ্ব মহামাৰী কোভিড -১৯ৰ সংক্ৰমন প্ৰতিৰোধৰ বাবে কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰে ঘোষণা কৰা এই দীঘলীয়া লক ডাউনৰ  সময়ছোবাট বিশেষ ভাবে সক্ষম শিশু টিৰ ঔশধ পাতি শেষ হৈ যোৱাত বোকাজানৰ খটখটিত থকা সঞ্জয় ৰংপিৰ পৰিয়ালটো অসহায় হৈ পৰে। এনে ক্ষেত্ৰত সঞ্জয় ৰংপি কৰ্মৰত হৈ থকা ৰেজিমেণ্টৰ কৰ্ণেল গৰাকীএ বোকাজান বিধানসভা সমষ্টিৰ বিধায়ক ডাঃ নোমল মমিনৰ লগত টেলিফোনে যোগে বাৰ্তালাপ কৰি  অসহায় পৰিয়ালটোৰ বিশেষভাৱে সক্ষম শিশুটিক প্ৰয়োজনীয় দৰব পাতি যোগান ধৰিবলৈ অনুৰোধ জনায়। বিধায়ক মমিনেও তেওঁৰ অনুৰোধ ৰক্ষা কৰি খটখটি আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া মবলিক ব্ৰহ্মৰ লগত যোগাযোগ কৰি শিশু টিৰ প্ৰয়োজনীয় দৰৱ পাতিৰ যোগান ধৰে।

বিধায়ক গৰাকীয়ে অতি তৎপৰতাৰে বিশেষভাৱে সক্ষম শিশুটিৰ লগতে অসহায় পৰিয়ালটোক কৰা সহায়ৰ বাবে ২৯৯ মেডিয়াম ৰেজিমেন্টৰ কৰ্ণেল গৰাকীয়ে নিজৰ পেডট বিধায়ক গৰাকীক কৃতজ্ঞতা জ্ঞাপন কৰে। অৱশ্যে বিধায়ক গৰাকীয়ে কয় যে এয়া তেওঁৰ দায়িত্ব আৰু এই কামৰ বাবে খটখটি আৰক্ষী বিষয়া গৰাকীকহে বিশেষভাৱে ধন্যবাদ জনাব লাগে।

You might also like