নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

দুগৰাকী চিআৰপি জোৱানসহ, চিৰাঙত আজি ৬ গৰাকী ক’ৰোনা আক্ৰান্ত

নিয়মীয়া বাৰ্তা , ২৬ জুলাই : বিগত কেইটামানদিনৰ পৰা চিৰাং জিলাত ক’ভিড-১৯ত আক্ৰান্তৰ সংখ্যা বৃদ্ধি পাবলৈ ধৰিছে। জিলাখনত আজিও দুজন চি আৰ পি এফ জোৱান সহ ছয়জনৰ দেহত কোভিড-১৯ পজিটিভ ধৰা পৰিছে। জিলা স্বাস্থ্য বিভাগৰ পৰা পোৱা তথ্য অনুসৰি আজি ক’ভিড-১৯ সংক্ৰমণ হোৱা ব্যক্তিসকলক ক্ৰমে খামাৰপাৰা খাগ্ৰাবাৰীৰ সঞ্জিত নাৰ্জাৰী(২৮), বিজনীৰ প্ৰসেনজিৎ নেগী (১৪), মোজাবাৰীৰ ছমিৰ খান (৫০), আৰু বিজনী ভেটাগাঁৱৰ মিথুন বসুমতাৰী (২৭) বুলি চিনাক্ত কৰা হৈছে। আনহাতে কাজলগাঁও জেএছবি অসামৰিক চিকিৎসালয়ত চলি থকা ৰেপিড এন্টিজেন টেষ্টত শেহতীয়াভাবে পোৱা ফলাফলত দুজন চিআৰপিএফ জোৱানক ক’ভিড-১৯ আক্ৰান্ত বুলি নিশ্চিত হৈছে। আক্ৰান্ত জোৱান দুজন বাহিনীটোৰ ঢালিগাঁও থানাৰ অন্তৰ্গত কুকুৰমাৰী কেম্পৰ ৰাজুৰাম মালাকাৰ (৫৩) আৰু জয়সিং বড়ো (৩৩) বুলি চিনাক্ত কৰা হৈছে। বিশেষ কোনো ভ্ৰমণ ইতিহাস নথকা ব্যক্তিকেইগৰাকীক সম্প্ৰতি কাজলগাঁও জে এছ বি অসামৰিক সিকিৎসালয় আৰু কাশীকোত্ৰা মডেল হাস্পতালৰ ক’ভিড কেয়াৰ চেন্টাৰলৈ স্থানান্তৰ কৰা হৈছে। আজি ক’ৰোনা আক্ৰান্ত হোৱা ব্যক্তি ৬ জনকলৈ জিলাখনত মুঠ আক্ৰান্তৰ সংখ্যা হ’ল ১৭৬ গৰাকী । ৪০ গৰাকী বৰ্তমান চিকিৎসাধীন হৈ থকাৰ বিপৰীতে বাকী সকল আৰোগ্য লাভ কৰাত চিকিৎসালয়ৰ পৰা মুকলি কৰি দিয়া হয়। আজিয়ে জিলা খনৰ ১৬ গৰাকী ব্যক্তিক সুস্থ হোৱাৰ পিছত ঘৰলৈ পঠোৱা হৈছে বুলি জিলা স্বাস্থ্য বিভাগৰ সূত্ৰই প্ৰকাশ কৰিছে ।।

You might also like