আজিৰ দিনটোৰ ৰাশিফল
মেষ- আকস্মিক কোনো অর্থ ক্ষতি হ’ব পাৰে৷ ব্যৱসায়ত শুভ যদিও সৰুসুৰা কথাত মতান্তৰ ঘটিব পাৰে৷ পাৰিবাৰিক শুভ বুলিব পাৰি৷ কর্মক্ষেত্রত আনৰ প্রিয়পাত্র হ’ব পাৰিব৷ পঢ়া–শুনাত শুভ৷ প্রেমত সফলতা৷ শুভ ৰং গেৰুৱা৷ শুভ সংখ্যা ২৷
বৃষ- কর্মক্ষেত্রত নতুন যোগাযোগ ঘটিব পাৰে৷ সৰুসুৰা অসুখে বিব্রত কৰিব৷ সন্তানৰ স্বাস্থ্যৰ প্রতি নজৰ দিব৷ বিবাহত আকস্মিক বাধা আহিব৷ ব্যৱসায়ত সফলতা প্রবল৷ প্রেমৰ প্রস্তাৱ আহিব পাৰে৷ শুভ ৰং মেৰুণ৷ শুভ সংখ্যা ১৷
মিথুন- আর্থিকত চিন্তাৰ কাৰণ নাই৷ ব্যৱসায়–বাণিজ্যত পাব লগা ধন পোৱাৰ সম্ভাৱনা৷ পাৰিবাৰিক অশান্তি দূৰ হ’ব৷ কিন্তু যিকোনো সিদ্ধান্ত হঠাতে গ্রহণ নকৰিব৷ সন্তানৰ উন্নতিয়ে মনত আনন্দ৷ প্রেম বিবাহ হ’ব পাৰে৷ শুভ ৰং কমলা৷ শুভ সংখ্যা ৫৷
কর্কট- মনৰ অস্থিৰতাৰ বাবে কর্মত বাধাগ্রস্ত হ’ব পাৰে৷ আর্থিক ক্ষেত্রত যথেষ্ট শুভ যদিও অনাহকত অর্থ হানি হ’ব পাৰে৷ বন্ধু–বান্ধৱৰ দ্বাৰা ক্ষতিৰ আশংকা আছে৷ ব্যৱসায়ত মধ্যম৷ প্রেম–প্রীতিত শুভ দেখা যায়৷ শুভ ৰং সেউজীয়া৷ শুভ সংখ্যা ৬৷
সিংহ- আজি পুৰণি বন্ধুৰ লগত যোগাযোগ হ’ব পাৰে৷ ব্যৱসায়ত সফলতা ভবা মতে নাপাব৷ ঘৰুৱাত উন্নত পৰিৱেশ গঢ়িব৷ বিদ্যাত বেয়া নহ’ব৷ প্রেম–প্রণয়ত নতুন যোগাযোগ ঘটিব পাৰে৷ শুভ ৰং হালধীয়া৷ শুভ সংখ্যা ৯৷
কন্যা- কর্মক্ষেত্রত উন্নত ফল৷ দৃঢ়তা বৃদ্ধি পাব৷ কোনো সংবাদ বা সংযোগত চিন্তিত হ’লেও প্রতিকূল বুলি ক’ব নোৱাৰি৷ আর্থিকত বেয়া নহয়৷ নতুন কিবা পৰিকল্পনা থাকিলে আজি চিন্তা কৰক৷ শুভ ৰং গেৰুৱা৷ শুভ সংখ্যা ৮৷
তুলা- যোৱা দিনৰ তুলনাত আজি উন্নত৷ শৰীৰ সম্পর্কে অৱশ্যে সাধাৰণ চিন্তা থাকিব৷ উৎকণ্ঠাও থাকিব৷ আশা কৰা কোনো বিষয়ত সাধাৰণ প্রগতি৷ দাম্পত্যত মধ্যম৷ কর্মব্যস্ততা বৃদ্ধি৷ ভ্রমণ হ’ব পাৰে৷ শুভ ৰং ৰঙা৷ শুভ সংখ্যা ১৷
বৃশ্চিক- আর্থিক সম্পর্কীয় দিশত বৰ নিশ্চিত নহ’ব৷ কোনো আপোন মানুহৰ যোগাযোগৰ লগত অন্যান্যৰো সংগ লাভ ঘটিব পাৰে৷ ভ্রমণত শুভ ফল৷ প্রেমত প্রতাৰিত হ’ব পাৰে৷ শুভ ৰং সোণালী৷ শুভ সংখ্যা ৬৷
ধনু- বন্ধুবর্গক লগ পাব পাৰে বা তেনে যোগাযোগৰ আশা আছে৷ শৰীৰ–মনৰ ওপৰত আছুতীয়া অশুভ প্রভাৱ নাই৷ সন্তান সম্পর্কে থকা চিন্তাও পাতলিব৷ কন্যা সন্তানৰ সুকীর্তি দেখা যায়৷ শুভ ৰং বগা৷ শুভ সংখ্যা ২৷
মকৰ- অনাৱশ্যক সমস্যাৰ মাজত পৰিবও পাৰে৷ গতিকে পূর্বৰ পৰাই তেনে বিষয়ৰ পৰা সতর্ক হওক৷ বিদ্যাত জটিলতা কম৷ কর্ম তৎপৰ হোৱাৰ যত্ন কৰক৷ দাম্পত্যত মধ্যম৷ ভ্রমণত কষ্ট৷ শুভ ৰং ৰঙা৷ শুভ সংখ্যা ৪৷
কুম্ভ- আর্থিক আৰু শাৰীৰিক এই দুয়োটাই আপোনাৰ কিছু সহায়ক হ’ব৷ কোনোৱে বিপদৰ পৰা উদ্ধাৰ হোৱাৰ বাবে মনোবলেই যথেষ্ট৷ বিদ্যার্থীৰ বেয়া নহ’ব৷ কর্মস্থানত বাধা দেখি চিন্তিত নহ’ব৷ শুভ ৰং হালধীয়া৷ শুভ সংখ্যা ২৷
মীন- শৰীৰ আৰু পাৰিপার্শ্বিকৰ উন্নতি হ’ব৷ মনোবলো বাঢ়িব৷ কিন্তু মাত্রাধিকলৈ নোযোৱাই ভাল৷ কর্মক্ষমতাৰ বাবে আনে প্রশংসা কৰিব৷ বিদ্যাত যোগ্যতা দেখা যায়৷ ভ্রমণত বিশেষ বাধা নাই৷ শুভ ৰং ৰঙা৷ শুভ সংখ্যা ৮৷