ক’ৰোনাৰ অভিকেন্দ্ৰত পৰিণত হৈছে বঢ়মপুৰস্থ নৱম অসম পুলিচ বেটেলিয়ন কেম্প; আজি পৰ্যন্ত ২৩জোৱান কৰ’নাত আক্ৰান্ত
নিয়মীয়া বার্তা, ২৮ জুলাই : নগাঁও জিলাৰ বঢ়মপুৰস্থ নৱম অসম পুলিচ বেটেলিয়ন কেম্পটো কৰ’নাৰ অভিকেন্দ্ৰত পৰিণত হৈছে। বেটেলিয়ন কেম্পৰ ইজনৰ পাছত সিজনকৈ জোৱান কৰ’নাত আক্ৰান্ত হোৱাত কেম্পটোৰ আৰক্ষী বিষয়া আৰু জোৱান সকলৰ মাজত হাঁহাকাৰ সদৃশ পৰিস্থিতিৰ সৃষ্টি হৈছে।
আজিও বেটেলিয়ন কেম্পটোৰ মুঠ আঠ গৰাকী জোৱান কৰ’নাত আক্ৰান্ত হোৱা বুলি নিশ্চিত কৰা হৈছে। ৰেপিড এন্টিজেন টেষ্টৰ জৰিয়তে তেওঁ লোক ক’ভিড-১৯পজিটিভত আক্ৰান্ত হোৱা বুলি নিশ্চিত কৰা হৈছে।আজি কৰ’নাত আক্ৰান্ত হোৱা বুলি নিশ্চিত কৰা বেটেলিয়ন কেম্পৰ জোৱান কেইগৰাকী হ’ল-নিহাৰীকা দেৱী(১৯),ৰাজেন ডেকাৰজা(৩৫),নিউম নাৰ্জাৰী(২৫),বিৰাজ গগৈ(৪৪),পাপৰি মেধি(২১),মুকুন্দ ৰংপী(৩০),নয়ন ডেকা(৩৫) আৰু মনদ্বীপ বৰা(৩৬) ।
স্মৰ্তব্য যে,ইয়াৰ পূৰ্বেও বঢ়মপুৰস্থ নৱম অসম পুলিচ বেটেলিয়ন কেম্পত কৰ্মৰত মুঠ ১৫গৰাকী জোৱান কৰ’নাত আক্ৰান্ত হোৱা বুলি নিশ্চিত কৰা হৈছিল।আজি আক্ৰান্ত হোৱা আঠ গৰাকী জোৱানকেলৈ আজি পৰ্যন্ত বেটেলিয়ন কেম্পটোত কৰ’নাত আক্ৰান্তৰ সংখ্যা ২৩গৰাকীলৈ বৃদ্ধি পায়।