নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

‘কা’–বিৰোধ, লকডাউন, বানপানীত বিধ্বস্ত ৰাজ্যৰ অর্থনীতি; পর্যটন খণ্ডত ২০০০ কোটিৰ লোকচান

নিয়মীয়া বাৰ্তা,২৯ জুলাই: ক’ৰোনা মহামাৰীৰ দ্রুত সংক্রমণ প্রতিৰোধৰ লক্ষ্যৰে ঘোষণা কৰা লকডাউন বিভিন্ন পর্যায়ত শিথিল কৰা হৈছে৷ দেশজুৰি আৰম্ভ হৈছে আনলক প্রক্রিয়া৷ তৎসত্ত্বেও ৰাজ্যৰ অর্থনৈতিক ক্ষেত্রখনত হ্রাস পোৱা নাই লকডাউনৰ বিৰূপ কু–প্রভাৱ৷ যোৱা বছৰৰ ডিচেম্বৰত নাগৰিকত্ব সংশোধনী আইন (কা)বিৰোধী আন্দোলনে ৰাজ্যজুৰি তীব্রতৰ ৰূপ ধাৰণ কৰাৰ পিছত একপ্রকাৰ অচলাৱস্থা সৃষ্টি হোৱা ৰাজ্যৰ পৰিস্থিতি সামান্য উন্নতি হোৱাৰ সময়তে ক’ভিডৰ সংক্রমণে পুনৰ সৃষ্টি কৰিছিল জটিলতা৷ ৰাজ্যৰ অর্থনীতিত ক’ভিডৰ বিৰূপ প্রভাৱ অব্যাহত থকাৰ সমান্তৰালভাৱে চলিত বাৰিষাত তিনিটাকৈ বানপানীয়ে কোঙা কৰি তুলিছে ৰাজ্যৰ জনজীৱন৷ ‘কা’বিৰোধী আন্দোলনৰ পৰা ক’ভিডৰ সংক্রমণ আৰু বানৰ প্রভাৱলৈ উপর্যুপৰি অনাকাংক্ষিত জটিল পৰিস্থিতিত বিপর্যস্ত হৈ পৰিছে ৰাজ্যৰ অর্থনীতি৷

  যাৰ পৰিপ্রেক্ষিতত বন্ধ হৈছে বহু ব্যৱসায়, কর্মহীন হৈ পৰিছে হাজাৰ হাজাৰ লোক৷ শিক্ষা, কৃষি, ব্যৱসায়, ৰিয়েল ইষ্টেট সকলো ক্ষেত্রতে লকডাউনৰ প্রভাৱ এতিয়াও বিদ্যমান৷ তীব্র অর্থনৈতিক সংকটে জুৰুলা কৰিছে প্রায় প্রতিটো খণ্ডকে৷ ইয়াৰ ভিতৰত অন্যতম হ’ল পর্যটন আৰু পৰিবহণ৷ দীর্ঘদিনীয়া লকডাউনৰ বাবে ব্যাপক লোকচানৰ সন্মুখীন হৈছে ৰাজ্যৰ ট্যুৰ অপাৰেটৰসকল৷ ক’ভিড–১৯ৰ সংক্রমণৰ প্রতি যাতায়াত ব্যৱস্থাত সম্পূর্ণ নিষেধাজ্ঞা আৰোপ কৰাৰ লগে লগে ৰাজ্যলৈ পর্যটকৰ আগমন বাধাগ্রস্ত হৈ পৰে৷ মার্চ মাহৰ পৰা পর্যটকৰ আগমন সম্পূর্ণৰূপে বন্ধ হৈ পৰাৰ ফলত প্রায় দুহেজাৰ কোটি টকা লোকচানৰ সন্মুখীন হৈছে ৰাজ্যৰ ট্যুৰ অপাৰেটৰসকল৷ ট্যুৰ অপাৰেটৰ সংস্থা, অসমৰ সভাপতি ৰঞ্জিত কুমাৰ দাসে সদৰী কৰা অনুসৰি, যোৱা ডিচেম্বৰৰ পৰা ৰাজ্যৰ পর্যটন খণ্ডই অতি দুর্যোগপূর্ণ সময় পাৰ কৰিবলগীয়া হৈছে৷ ডিচেম্বৰত আৰম্ভ হোৱা নাগৰিকত্ব সংশোধনবিৰোধী আন্দোলনে সম্পূর্ণ স্থবিৰ কৰি তুলিছিল পর্যটন খণ্ড৷ সেই সময়ত বাহিৰৰ পৰা পর্যটক অসম তথা উত্তৰ–পূর্বাঞ্চললৈ আহিবলৈ সংকোচ কৰিছিল৷ পৰৱর্তী সময়ত ফেব্রুৱাৰী মাহত পুনৰ ৰাজ্যলৈ পর্যটকৰ আগমন ঘটিবলৈ আৰম্ভ কৰিছিল যদিও সেই সময়ত মেঘালয়ত ইনাৰলাইন পার্মিটক লৈ আৰম্ভ হোৱা বিতর্কয়ো পর্যটন খণ্ডত প্রভাৱ পেলাইছিল৷

  ইয়াৰ পিছত মার্চৰ পৰা ক’ভিডৰ সংক্রমণ আৰম্ভ হোৱাৰ লগে লগে এই খণ্ডটো পুনৰ অত্যধিক লোকচানৰ সন্মুখীন হ’বলগীয়া হয়৷ এই প্রসংগত দাসে কয়– ‘অক্টোবৰ মাহৰ পৰা এপ্রিল–মে’লৈ অসম তথা উত্তৰ–পূর্বাঞ্চললৈ পর্যটকৰ আগমন ঘটে৷ ইয়াৰ বাবে যথেষ্ট পূর্বৰে পৰা আগতীয়া বুকিং আৰম্ভ হয়৷ কিন্তু বিগত বর্ষত পর্যটকৰ আগমন ঘটা এই সময়ছোৱাত এইবাৰ ট্যুৰ অপাৰেটৰসকল ব্যাপক লোকচানৰ সন্মুখীন হ’বলগীয়া হয়৷ সমান্তৰালভাৱে অহা অক্টোবৰৰ পৰা আৰম্ভ হ’বলগীয়া ছিজনৰ বাবেও এতিয়ালৈ পর্যটকৰ পৰা আগতীয়া বুকিং লাভ কৰা নাই ট্যুৰ অপাৰেটৰসকলে৷ অর্থাৎ ২০২০–২১ বর্ষটো ট্যুৰ অপাৰেটৰসকলৰ উপার্জনশূন্য হৈ থকাৰ সম্ভাৱনাই অধিক৷ কিয়নো ভ্রমণ কৰিলে পর্যটকসকল কোৱাৰেণ্টাইনৰ সন্মুখীন হ’ব লাগিব৷ তদুপৰি কেতবোৰ নীতি–নির্দেশনা অনুসৰণ কৰিহে পর্যটকসকলে ভ্রমণ কৰিব পাৰিব৷ গতিকে সম্পূর্ণ ব্যৱস্থা সুচল হৈ নপৰালৈকে মানুহে ভ্রমণ কৰিবলৈ আগ্রহ প্রকাশ কৰিব বুলি ভাবিব নোৱাৰি৷’ উল্লেখ্য যে সংস্থাৰ অধীনত ৯৮টা সদস্য–সংস্থা আছে যদিও দাসে সদৰী কৰা অনুসৰি পর্যটন খণ্ডৰ সৈতে দুই লাখ লোক প্রত্যক্ষভাৱে জড়িত হৈ আছে৷

আনহাতে পৰোক্ষভাৱে এই খণ্ডটোৰ সৈতে জড়িত প্রায় ৫ লাখ লোক৷ সেয়েহে এই খণ্ডটো পুনৰ উজ্জীৱিত নকৰিলে নতুনকৈ পর্যটনৰ ব্যৱসায়ৰ সৈতে জড়িত হৈ পৰা ব্যৱসায়ীসকলৰ জীৱনলৈ দুর্যোগ নামি আহিব বুলি আশংকা কৰি তেওঁ কয় যে এতিয়াও চৰকাৰীভাৱে তেওঁলোকৰ বাবে কোনোধৰণৰ পেকেজ ঘোষণা কৰা হোৱা নাই৷ এনে অৱস্থা অব্যাহত থাকিলে বহু লোক সম্পূর্ণৰূপে কর্মহীন হৈ পৰিব৷ উল্লেখ্য যে গুজৰাট, দক্ষিণ ভাৰত, মহাৰাষ্ট্র আদিৰ পৰা অসমলৈ সৰহসংখ্যক পর্যটকৰ আগমন ঘটে৷ সেইদৰে ইউৰোপ, আমেৰিকা আৰু ব্রিটেইনৰ পৰা অসম তথা উত্তৰ–পূর্বাঞ্চললৈ অহা পর্যটকৰ সংখ্যা যথেষ্ট বেছি৷

ইপিনে, ক’ৰোনাৰ বাবে সৃষ্টি হোৱা সামগ্রিক পৰিস্থিতিত ব্যাপক ক্ষতিৰ সন্মুখীন হৈছে ৰাজ্যৰ ক্ষুদ্র আৰু মজলীয়া ব্যৱসায়ীসকল৷ লকডাউনৰ বাবে বিগত প্রায় ৫ মাহে দোকান–পোহাৰ বন্ধ ৰাখিবলগীয়া হোৱাত এতিয়া মূৰে–কপালে হাত দিবলগীয়া হৈছে ক্ষুদ্র আৰু মজলীয়া ব্যৱসায়ীসকলে৷ সদৌ অসম ব্যৱসায়ী সন্থাৰ মুখ্য আহ্বায়ক প্রাণতোষ ৰয়ে এই সন্দর্ভত ‘নিয়মীয়া বার্তা’ক কয় যে ৰাজ্যত বর্তমান প্রায় ৫ লাখ ৫০ হাজাৰ ক্ষুদ্র আৰু মজলীয়া ব্যৱসায়ী আছে৷ এই ব্যৱসায়ীসকলৰ ৯৯ শতাংশই লকডাউনৰ বিধি মানি চলি আহিছে৷ ৰাজ্যত স্থায়ী দোকান থকা এই ব্যৱসায়ীসকলে চৰকাৰৰ অনুৰোধমর্মে কর্মচাৰীসকলক বর্খাস্ত কৰা নাই৷ তেওঁলোকক দৰমহা আদায় দি আহিছে৷ তদুপৰি এই ব্যৱসায়ীসকলে ঘৰ ভাৰা, দোকান ভাৰা, গুদামৰ ভাৰা আদিও ভৰিবলগীয়া হৈছে৷ ব্যাপক লোকচানৰ সন্মুখীন হোৱা সত্ত্বেও ব্যৱসায়ীসকলক সহায় কৰিবলৈ চৰকাৰ আগবাঢ়ি অহা নাই বুলি উল্লেখ কৰি তেওঁ কয়– ‘কেন্দ্রীয় চৰকাৰে ২০ লাখ কোটি টকাৰ পেকেজ ঘোষণা কৰিছে৷ ক্ষুদ্র, মজলীয়া উদ্যোগী, কৃষক সকলোকে সামৰি লোৱা হ’ল৷ কিন্তু ক্ষুদ্র আৰু মজলীয়া ব্যৱসায়ীসকলক এই পেকেজৰ অধীনত সামৰি লোৱা নহ’ল৷ কেন্দ্র অথবা ৰাজ্য চৰকাৰৰ পৰা এই ব্যৱসায়ীসকলে এটা টকাও লাভ নকৰিলে৷

 তদুপৰি ক্ষুদ্র আৰু মজলীয়া ব্যৱসায়ীসকলৰ নাই ৰেচন কার্ডো৷ যাৰ পৰিপ্রেক্ষিতত কেন্দ্রীয় চৰকাৰে বিনামূলীয়া ৰেচন যোগান ধৰা ৮০ কোটি পৰিয়ালৰ মাজত নাই এই ব্যৱসায়ীসকল৷’ সেয়েহে লকডাউনৰ প্রভাৱত ৰাজ্যৰ ২০ৰ পৰা ৩০ শতাংশ দোকান চিৰদিনৰ বাবে বন্ধ হৈ পৰিব বুলি তেওঁ সদৰী কৰে৷ এই প্রসংগত ৰয়ে কয় যে বিগত ৫ মাহে এই ব্যৱসায়ীসকলে সাঁচতীয়া ধনেৰে পৰিয়াল পোহপাল দিবলগীয়া হৈছে৷ এতিয়া লকডাউন শিথিল হ’লেও তেওঁলোকৰ হাতত মূলধন বুলিবলৈ এটকাও নাই৷ যাৰ বাবে এক লাখতকৈও অধিক দোকান সম্পূর্ণৰূপে চিৰদিনৰ বাবে বন্ধ হৈ পৰিব৷ এই লোকসকল স্ব–নিয়োজিত৷ তদুপৰি তেওঁলোকে আন ১০জনকো নিয়োগৰ সুবিধা দি আহিছে৷ এনে পৰিপ্রেক্ষিতত দোকানসমূহ বন্ধ হ’লে কর্মসংস্থাপনহীন হৈ পৰিব লাখ লাখ লোক৷ একে সময়তে শেহতীয়াকৈ ক’ৰোনা ভাইৰাছৰ বাবে সৃষ্টি হোৱা দুর্যোগৰ মাজতো পৌৰ নিগম আৰু পৌৰসভাসমূহে ট্রেড লাইচেঞ্চ নবীকৰণৰ নামত ব্যৱসায়ীসকলক হাৰাশাস্তি কৰি অহা বুলি তেওঁ অভিযোগ কৰিছে৷ ৰয়ে এই প্রসংগত কয়– ‘১৭০০ টকা দি ট্রেড লাইচেঞ্চ লাভ কৰা ব্যৱসায়ীসকলক নবীকৰণৰ নামত একাংশ পৰিদর্শকে ৮ সহস্রাধিক টকা বিচাৰিছে৷ তদুপৰি জিএছটি আদায় নিদিয়াৰ বাবেও ভৰিবলগীয়া হৈছে জৰিমনা৷ এই সন্দর্ভত মুখ্যমন্ত্রীলৈ আমি স্মাৰক–পত্র প্রেৰণ কৰিছোঁ, যাতে ব্যৱসায়ীসকলক অন্ততঃ এবছৰৰ বাবে হ’লেও ট্রেড লাইচেঞ্চ নবীকৰণৰ পৰা ৰেহাই দিয়ে৷’

ইফালে লকডাউনৰ পৰিপ্রেক্ষিতত ব্যাপকভাৱে ক্ষতিগ্রস্ত হৈছে জীমৰ সৈতে জড়িত ব্যৱসায়ীসকল৷ ক’ৰোনা ভাইৰাছৰ সংক্রমণৰ প্রতি লক্ষ্য ৰাখি যোৱা মার্চ মাহৰ পৰা ৰাজ্যৰ জীমসমূহ সম্পূর্ণ বন্ধ হৈ পৰিছে৷ যাৰ ফলত কর্মসংস্থাপনহীন হোৱাৰ দিশে আগবাঢ়িছে ৫০ সহস্রাধিক জীমৰ প্রশিক্ষক৷ আনকি বহু জীমৰ প্রশিক্ষকে এতিয়া বিকল্প জীৱিকাৰ সন্ধান কৰিবলগীয়া হৈছে৷ মিষ্টাৰ ৱর্ল্ডকে ধৰি কেইবাটাও খিতাপ দখলেৰে ৰাজ্যলৈ সুনাম কঢ়িয়াই অনা শৰীৰ চর্চাবিদ গোলাপ ৰাভাই এই সন্দর্ভত প্রতিক্রিয়া প্রকাশ কৰি কয় যে ৰাজ্যত বর্তমান প্রায় ১০ হাজাৰ জীম আছে৷ এই জীমসমূহত প্রায় ৫০ হাজাৰ লোক প্রশিক্ষক হিচাপে প্রত্যক্ষভাৱে জড়িত৷ ৫ মাহে জীম বন্ধ হৈ পৰাৰ ফলত এই প্রশিক্ষকসকলে এটকাও উপার্জন নকৰাকৈ জীৱন নির্বাহ কৰিবলগীয়া হৈছে৷ যাৰ বাবে বহুতে মাছ, শাক–পাচলি বিক্রী কৰি পোহপাল দিবলগীয়া হৈছে পৰিয়াল৷ তেওঁ কয়– ‘আমি চৰকাৰে বান্ধি দিয়া যিকোনোধৰণৰ নীতি–নির্দেশনা পালন কৰিবলৈ সাজু৷ প্রতিঘণ্টাত যদি জীমত এজন ব্যক্তিৰ বাবেও অনুমতি প্রদান কৰে, সেয়াও মানি ল’ম৷ যিকোনো উপায়েৰে জীমসমূহ খোলাৰ ব্যৱস্থা কৰিব লাগে৷ বহুতে জীমসমূহৰ ভাৰা আদায় দিব পৰা নাই৷ তদুপৰি দীর্ঘদিনে অব্যৱহূত হৈ থকাৰ ফলত জীমৰ সৰঞ্জামসমূহো নষ্ট হৈ পৰাৰ উপক্রম ঘটিছে৷ ফলত পুনৰ জীম খোলাৰ অনুমতি লাভ কৰিলেও আন এক সমস্যাৰ সন্মুখীন হ’ব জীমৰ স্বত্বাধিকাৰীসকল৷ পর্যায়ক্রমে জীম খোলাৰ অনুমতি দিলেও এই উদ্যোগটো পুনৰ উজ্জীৱিত কৰাৰ বাবে অতিকমেও ৫ বছৰৰ সময় লাগিব৷’ সেয়েহে চৰকাৰক জীমসমূহত স্ব–নিয়োজিত হৈ থকা লোকসকলৰ সহায়ৰ বাবে আগবাঢ়ি আহিবলৈ ৰাভাই আহ্বান জনাইছে৷ সমান্তৰালভাৱে ৰাজ্যত আটাইতকৈ ক্ষতিগ্রস্ত হোৱা খণ্ডসমূহৰ ভিতৰত অন্যতম হৈছে ৰিয়েল ইষ্টেত খণ্ড৷ নাগৰিকত্ব সংশোধনী আইন (কা)বিৰোধী আন্দোলনৰ সময়ৰে পৰা ক’ৰোনাৰ সংক্রমণলৈকে শেহতীয়া সময়ছোৱাত সৃষ্টি হোৱা পৰিস্থিতিত প্রায় স্তব্ধ হৈ পৰিছে ৰিয়েল ইষ্টেট খণ্ড৷ কোটি কোটি টকা বিনিয়োগ কৰা বহু প্রকল্পৰ কাম ইতিমধ্যে প্রায় বন্ধ হৈ পৰিছে৷ তদুপৰি সম্পূর্ণ হোৱা ফ্লেট কিনিবলৈও এতিয়া গ্রাহকৰ অভাৱ৷ ফলত ৰিয়েল ইষ্টেট খণ্ডত বিনিয়োগ কৰা লোকসকল অত্যধিক সমস্যাৰ সন্মুখীন হ’বলগীয়া হৈছে৷ মূলতঃ লকডাউনৰ বাবে শ্রমিকৰ অভাৱত প্রকল্পৰ কাম আগুৱাই নিয়াত বাধাৰ সৃষ্টি হৈছে৷ তদুপৰি বিগত সময়ছোৱাত নির্মাণ সামগ্রীৰো মূল্য যথেষ্ট বৃদ্ধি পাইছে৷ যাৰ ফলত ৩০ শতাংশ পর্যন্ত বিক্রী হ্রাস পাইছে এই খণ্ডটোত৷ একেদৰে লকডাউনৰ ফলত হাহাকাৰৰ সৃষ্টি হৈ গাড়ী বিক্রী প্রতিষ্ঠানসমূহৰ৷ দীর্ঘদিন ধৰি বন্ধ হৈ পৰাৰ ফলত গাড়ীৰ ৪৩ শতাংশ পর্যন্ত বিক্রী হ্রাস পাইছে বুলি জানিব পৰা গৈছে৷

গাড়ীৰ উৎপাদনৰ লগতে পৰিবহণত সৃষ্টি হোৱা সমস্যাৰ ফলত ৰাজ্যৰ ডীলাৰসমূহত গ্রাহকে বিচাৰিলেও গাড়ী দিবলৈ সক্ষম হোৱা নাই একাংশ ব্যৱসায়ীয়ে৷ সমান্তৰালভাৱে ‘কা’বিৰোধী আন্দোলনৰ লগতে ক’ভিডৰ সংক্রমণৰ বাবে সৃষ্টি হোৱা পৰিস্থিতিত ক্ষতিগ্রস্ত হৈছে ৰাজ্যৰ হোটেল, ৰেষ্টুৰেণ্টৰ ব্যৱসায়ীসকল৷ শেহতীয়াকৈ ৰেষ্টুৰেণ্টসমূহ নির্দিষ্ট নীতি–নিয়মৰ মাজেৰে খুলিবলৈ ৰাজ্য চৰকাৰে অনুমতি দিছে৷ ৰেষ্টুৰেণ্টসমূহত গ্রাহকে বহি খাদ্য গ্রহণ কৰিব নোৱাৰিব৷ ইয়াৰ বিপৰীতে গ্রাহকসকলক ৰেষ্টুৰেণ্টসমূহৰ পৰা খাদ্য লৈ যোৱাৰহে অনুমতি প্রদান কৰা হৈছে৷ চৰকাৰৰ নির্দেশনা মানি ৰাজ্যৰ ৰেষ্টুৰেণ্টসমূহ খুলিবলৈ আৰম্ভ কৰিছে যদিও এতিয়াও অহা নাই গ্রাহক৷ একাংশ ৰেষ্টুৰেণ্টৰ স্বত্বাধিকাৰীয়ে সদৰী কৰা অনুসৰি ৰেষ্টুৰেণ্টসমূহ খুলিবলৈ অনুমতি দিলেও ৰাইজৰ মাজত ক’ভিডৰ আতংক এতিয়াও শেষ হোৱা নাই৷ যাৰ পৰিপ্রেক্ষিতত ৰেষ্টুৰেণ্টৰ পৰা খাদ্য অর্ডাৰ কৰিবলৈ গ্রাহকসকলে আগ্রহ প্রকাশ কৰা দেখা নাযায়৷ জ’মেটো, ছুইগী আদিৰ জৰিয়তে খাদ্য বিতৰণৰ অনুমতি প্রদান কৰা হৈছে৷ তৎসত্ত্বেও গ্রাহকৰ সঁহাৰি অত্যন্ত কম৷

You might also like