প্রতি ছেকেণ্ডত ৩ হাজাৰ ঘন মিটাৰকৈ পানী এৰিছে নীপকোৱে
নিয়মীয়া বাৰ্তা,২৯ জুলাই: লখিমপুৰত জলপ্রলয়ৰ সৃষ্টি কৰিছে নীপকোৱে৷ ৰঙানদী প্রকল্পৰ পৰা অবিৰাম গতিত ৰঙানদীৰ পানী এৰি দিয়াৰ ফলত বলিয়া হৈ পৰা নদীখনে নদীপৰীয়া অঞ্চলসমূহত তাণ্ডৱ সৃষ্টি কৰে৷ পুৱতিনিশা নীপকোৱে প্রকল্পৰ জলাধাৰত অত্যধিক পানীৰ চাপ বৃদ্ধি পোৱা আৰু ইয়াৰ বাবে অতিৰিক্ত পানী এৰি দিয়া হ’ব পাৰে বুলি লখিমপুৰ জিলা প্রশাসনলৈ এক সতর্ক বার্তা প্রেৰণ কৰে৷ এই বার্তা প্রেৰণৰ পিছত পুৱা ৮ বজাৰ পৰা নীপকোৱে পানী এৰিবলৈ লয়৷ দুপৰীয়াৰ ভাগলৈ প্রতি ছেকেণ্ডত ৩ হাজাৰ ঘন মিটাৰ পর্যন্ত পানী এৰি দিয়ে৷ ফলত নদীখন ওফন্দি উঠে৷ ৰঙানদীত সৃষ্টি হয় ভয়ংকৰ সোঁত৷ ক্রমাৎ নদীৰ জলস্তৰ বৃদ্ধি হৈ নদীপৰীয়া অঞ্চলসমূহ বুৰাই পেলায়৷
নদীখনে এনে ভয়ংকৰ বিপর্যয়ৰ সূচনা কৰাৰ সময়তে বাজি উঠে নদীপৰীয়া এলেকাত স্থাপন কৰা চাইৰেনসমূহ৷ লগে লগে নৈপৰীয়া লোকে বয়–বস্তু সামৰি ওখ ঠাইত আশ্রয় ল’বলগীয়া হয়৷ বিশেষকৈ পাভ নৈ এলেকাৰ দহখন মান গাঁওসহ সমগ্র অঞ্চলটো বানত বুৰ যায়৷ অঞ্চলটো সংযোগী একমাত্র কাঠ–বাঁহৰ দলংখনৰ ব্যাপক ক্ষতি কৰে কোবাল সোঁতে৷ থৰথৰকৈ কঁপি থকা বিধ্বস্ত দলংখন যিকোনো মুহূর্ততে উটি যোৱাৰ সম্ভাৱনা আছে৷ জিলাখনত বিশেষকৈ নদীপৰীয়া অঞ্চলত জলপ্রলয়ৰ সূচনা কৰি নীপকোৱে সন্ধিয়া পর্যন্ত পানী এৰিয়েই আছে৷ নিশাৰ ভাগত অত্যধিক পানী এৰিব লাগিলে জিলাখনত অবর্ণনীয় পৰিস্থিতিৰ সৃষ্টি হ’ব৷