নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বৰহোলাত জয়ন্ত বৰাৰ ন্যায়ৰ দাবীত উত্তাল প্ৰতিবাদ : ডেৰ মাহে ৰাজহুৱা নহ’ল তদন্তৰ প্ৰতিবেদন

চৰকাৰৰ অৱহেলা, বঞ্চনাৰ বিৰুদ্ধে নিৰবিচ্ছিন্নভাৱে প্ৰতিবাদৰ হুংকাৰ

নিয়মীয়া বাৰ্তা, ২৯ জুলাইঃ সেনা-আৰক্ষীৰ জিম্মাত মৃত্যু হোৱা যোৰহাট জিলা বালিজান ১৫ নং ব্লকৰ জয়ন্ত বৰাৰ ন্যায়ৰ দাবীত আজি পুণৰ কপি উঠিল বৰহোলা চহৰ। জয়ন্ত বৰা ন্যায় দাবী সমম্বয় সমিতিৰ কেইবাশতাধিক লোকে হাতে হাতে বেনাৰ, প’ষ্টাৰ লৈ ”জয়ন্ত বৰাৰ হত্যাকাৰীক গ্ৰেপ্তাৰ কৰক, গুপ্তহত্যাৰ পাতনি মেলা গৃহ বিভাগ মুৰ্দাবাদ, অসম চৰকাৰ গ’ বেক, অপৰাধীক ৰক্ষণাবেক্ষণ দিয়া বন্ধ কৰক” আদি শ্ল’গানেৰে বৰহোলা থানাৰ সন্মুখত উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে। কাৰ্যসূচীত অংশগ্ৰহণ কৰি সমম্বয় সমিতিৰ আহ্বায়ক তথা ছাত্র মুক্তি সংগ্ৰাম সমিতিৰ কেন্দ্ৰীয় সাধাৰণ সম্পাদক বিদ্যুৎ শইকীয়াই কয় যে এইখন চৰকাৰৰ দিনত অসমবাসী ৰাইজ এতিয়া সম্পূৰ্ণৰূপে জীৱনৰ নিৰাপত্তাহীনতাত ভুগিছে। অসম আৰক্ষীয়ে ভাৰতীয় সেনাৰ সহযোগত নিশা ১২ বজাত নিৰীহ অসমীয়া যুৱক জয়ন্ত বৰাক মাকৰ বুকুৰ পৰা আজুৰি আনি ২০ মিনিটৰ ভিতৰত হত্যা কৰিলে। তাৰ পিছত তথ্য সহকাৰে মাতৃয়ে অভিযুক্ত আৰক্ষী আৰু সেনা বিষয়াৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিলে, স্থানীয় দল-সংগঠন আৰু ৰাইজে তীব্ৰ আন্দোলন গঢ়ি তুলিলে। প্ৰতিবাদত বাধ্য হৈ ২৪ ঘণ্টাৰ ভিতৰত কেবিনেট মন্ত্ৰী অতুল বৰাৰ নেতৃত্বত এটা চৰকাৰী প্ৰতিনিধিৰ দল জয়ন্তৰ বাসগৃহত উপস্থিত হৈ ঘটনাৰ ৭ দিনৰ ভিতৰত তদন্ত কৰি দোষীক শাস্তি দিয়া হ’ব বুলি লিখিত প্ৰতিশ্ৰুতিও প্ৰদান কৰিলে। কিন্তু আজি ৪৫ টা দিন ওকলি গ’ল। হত্যাকাৰীক শাস্তি প্ৰদান কৰাটো দূৰৰে কথা তদন্ত কি হ’ল ? দোষীক চিনাক্ত কৰা হ’ল নে ? দুৰ্ভগীয়া মাতৃগৰাকীৰ লগতে পৰিয়াল আৰু স্থানীয় দল-সংগঠন তথা ৰাইজ এই সন্দৰ্ভত আজিও অৱগত নহ’ল। পুত্ৰ হত্যাৰ ন্যায় বিচাৰি বুকুত পুত্ৰৰ ফটো সাৱতি ৰাজপথলৈ ওলায় আহিব লগা হৈছে জয়ন্তৰ মাতৃ। তাতকৈ অাৰু কিবা প্ৰতিবাদৰ ভাষা থাকিব পাৰে নে ? ছাত্ৰ নেতাজনে লগতে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাললৈ প্ৰশ্ন কৰে যে এনেকৈয়ে আৰু কিমান দিন গৃহ বিভাগে নিৰীহ অসমীয়া তেজাল যুৱকক হত্যা কৰি তদন্ত নামত কেৱল ভেকুঁভাওনা চলাই থাকিব ? লীলা বৰাৰ দৰে আৰু কিমান মাতৃৰ বুকু শুদা কৰিব ? কেৱল ক্ষতিপূৰন দি তদন্ত ঘোষণা কৰিয়েই যদি আপোনাৰ দায়িত্ব শেষ হয়, ইয়াৰ পৰিনাম আপুনি নিশ্চয় ভোগ কৰিব। সময় বৰ নিষ্ঠুৰ। এই মাতৃৰ কান্দোনবোৰৰ প্ৰতি টোপাল চকুপানীৰ মূল্য সময়ে আপোনাৰ পৰা বিচাৰিব। প্ৰতিবাদস্থলীত উপস্থিত থকা যোৰহাটৰ জ্যেষ্ঠ অধিবক্তা হমেন বৰাই কয় যে আইনৰ চকুত সকলো সমান। জয়ন্ত বৰাৰ হত্যাকাণ্ডৰ লগত জড়িত সেনা-আৰক্ষী বিষয়া আৰু সকলো সাংগুপাংগুক শীঘ্ৰে তদন্তৰ আওতালৈ আনিব লাগে। এই ক্ষেত্ৰত যদি কিবা গাফিলতি হয় আৰু দহ দিনৰ ভিতৰত যদি জয়ন্ত বৰাৰ হত্যাকাণ্ডৰ তদন্তৰ প্ৰতিবেদন ৰাজহুৱা নকৰে তেনেহলে উক্ত সেনা আৰক্ষীৰ বিৰুদ্ধে আইনগত ব্যৱস্থা লবলৈ বাধ্য হ’ব। সমিতিৰ আহ্বায়ক তথা ছাত্ৰ মুক্তিৰ কেন্দ্ৰীয় সাধাৰণ সম্পাদক বিদ্যুৎ শইকীয়া, অন্যতম আহ্বায়ক নৰেন বৰা, অংশুমান শইকীয়া, অংকুৰ সোনোৱাল, সুপ্ৰতিম ৰাজখোৱাই নেতৃত্ব দিয়া প্ৰতিবাদী কাৰ্যসূচীত লেখক দিব্যজ্যোতি শৰ্মা, চুতীয়া ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সহকাৰী সম্পাদক ৰাজবাঢ়ৈ বৰা, যোৰহাট জিলা সম্পাদক জীৱন চুতীয়া, কৃষক মুক্তি সংগ্ৰাম সমিতিৰ যোৰহাট জিলাৰ সম্পাদক প্ৰমোদ গগৈ, সহকাৰী সম্পাদক ৰাজীৱ চুতীয়া, কাৰ্যকৰী সভাপতি নিতুল শইকীয়া, ঠেঙাল কছাৰী ছাত্ৰ সন্থাৰ উপ-সভাপতি প্ৰফুল্ল শইকীয়া, যুৱ ছাত্ৰৰ বিজু শইকীয়া আদি উপস্থিত থাকি কেইবাজনে ভাষণত চৰকাৰ তথা প্ৰশাসনৰ বিৰুদ্ধে সোচ্চাৰ হৈ পৰে। আজিৰ প্ৰতিবাদৰ জড়িয়তে জয়ন্ত বৰা হত্যাকাণ্ড ন্যায় দাবী সমন্বয় সমিতিয়ে স্পষ্ট কৰি দিয়ে যে হত্যাকাণ্ডৰ তদন্ত প্ৰক্ৰিয়া কি পৰ্য্যায়ত আছে, কিয় ক্ষমতাত মত্ত আৰক্ষী-সেনা বিষয়াক গ্ৰেপ্তাৰ কৰা নাই তাৰ উত্তৰ বিচাৰি ৰাইজে পুনৰাই আৰম্ভ কৰিছে ন্যায় দাবীৰ এই সংগ্ৰাম। যিদিনালৈকে দোষীক শাস্তি প্ৰদান কৰা নহ’ব সেইদিনালৈকে চৰকাৰৰ অৱহেলা, বঞ্চনাৰ বিৰুদ্ধে নিৰবিচ্ছিন্নভাৱে সংগ্ৰাম অব্যাহত থাকিব বুলি সকিয়াই দিয়ে সমিতিখনে। ৰাইজৰ উত্তাল প্ৰতিবাদৰ মাজতে অতিৰিক্ত আৰক্ষী অধীক্ষক প্ৰকাশ সোণোৱাল উপস্থিত প্ৰতিবাদকাৰী সকলৰ সৈতে প্ৰত্যক্ষভাৱে বাৰ্তালাপ কৰিছিল যদিও বিষয়াগৰাকীৰ মন্তব্যত তীব্ৰ অসন্তুষ্টি প্ৰকাশ কৰে ৰাইজে।

You might also like