নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ক’ভিড গণ সংক্ৰমণৰ কবলত দুলীয়াজানঃ একেদিনাই ২৪ জন ক’ভিড আক্ৰান্ত

টিংৰাই থানাৰ ৭ গৰাকী আৰক্ষী জোৱান ক'ভিড পজিটিভ

নিয়মীয়া বাৰ্তা, ২৯ জুলাইঃ দুলীয়াজানত ক্ৰমাগত বৃদ্ধি পাইছে ক’ভিড গণ সংক্ৰমণ । আজিৰ দিনটোত ৰেপিড টেষ্টৰ ফলাফলত ২৪ গৰাকী ব‍্যক্তিৰ দেহত ওলাল ক’ভিড পজিটিভ ।

দুলীয়াজান মহাবিদ্যালয় আই টি ভৱন কোৱাৰেন্টাইন কেন্দ্ৰত ৰেপিড টেষ্ট কৰা ৰোগীসকল ক্ৰমে দুলীয়াজান বৰাগাধৈ, নাওহলীয়া আৰু ১ নং দুলীয়াজান গাঁওৰ একোগৰাকীকৈ মুঠ ৩ গৰাকী, টিপলিং অঞ্চলৰ ৩ গৰাকী, কেন্দ্ৰীয় নামঘৰ সমীপৰ ১৪ গৰাকী, অইল অ’চিএছ-৫ ৰ ৪ গৰাকীকে ধৰি মুঠ ২৪ গৰাকী শৰীৰত ক’ভিড পজিটিভ লক্ষণ চিনাক্ত হৈছে ।

ইয়াৰে ১৫ গৰাকী ক’ভিড ৰোগীক দুলীয়াজান অইল হায়াৰ চেকেণ্ডাৰী স্কুলৰ ক’ভিড কেয়াৰ কেন্দ্ৰ আৰু ৯ গৰাকী ৰোগীক টেঙাখাট মহাত্মা গান্ধী আদৰ্শ চিকিৎসালয়ৰ ক’ভিড কেয়াৰ কেন্দ্ৰত ভৰ্ত্তি কৰা হৈছে ।

ইফালে কালি দুলীয়াজান আৰক্ষী থানাৰ অধীনৰ টিংৰাই আৰক্ষী চকীৰ প্ৰায় ১৮ গৰাকী জোৱানৰ ৰেপিড টেষ্টৰ ফলাফল অনুসৰি ৬ গৰাকী বেটেলিয়নৰ জোৱান আৰু ১ গৰাকী গৃহৰক্ষী জোৱানক ক’ভিড পজিটিভ ৰোগী হিচাপে চিনাক্ত কৰা হৈছে । এইসকল আৰক্ষী জোৱান ইতিমধ্যে দুলীয়াজান ক’ভিড কেয়াৰ কেন্দ্ৰত চিকিৎসাধীন অৱস্থাত আছে।

You might also like