মানাহ ব্যাঘ্র প্রকল্পত বাঢ়িছে বাঘৰ সংখ্যা
মানাহ ৰাষ্ট্রীয় উদ্যানত আন্তঃৰাষ্ট্রীয় ব্যাঘ্র দিৱস পালন
নিয়মীয়া বাৰ্তা ৩০ জুলাইঃ সমগ্র বিশ্ব তথা দেশৰ বিভিন্ন প্রান্তৰ সমান্তৰালকৈ বিশ্ব ঐতিহ্য ক্ষেত্র মানাহ ৰাষ্ট্রীয় উদ্যানতো আজি বিশ্ব ব্যাঘ্র দিৱস পালন কৰা হয়৷ ৰাষ্ট্রীয় উদ্যানখনৰ বাঁহ্বাৰী বনাঞ্চলিক কার্যালয়ৰ অতিথিশালাত সামাজিক দূৰত্ব বর্তাই ৰাখি পালন কৰা হয় বিশ্ব ব্যাঘ্র দিৱস৷ ব্যাঘ্র দিৱসৰ লগত সংগতি ৰাখি বিশিষ্ট ব্যক্তি, এন জি অ’ৰ কর্মকর্তা, আৰক্ষী প্রশাসনৰ উপস্থিতিত অনুষ্ঠিত কৰা এখন সজাগতামূলক সভাৰ৷ প্রাক্তন বন বিষয়া ধৰণীধৰ বডোৱে আঁত ধৰা সজাগতামূলক সভাখনত আদৰণী ভাষণ আগ্বঢ়ায় মানাহ ব্যাঘ্র প্রকল্পৰ ক্ষেত্র সঞ্চালক অমল চন্দ্র শর্মাই৷ ভূঞাপাৰা বন সংমণ্ডলৰ ভাৰপ্রাপ্ত বিষয়া কামেশ্বৰ বডোৱে আৰম্ভণী গীতেৰে শুভাৰম্ভ কৰা সজাগতামূলক সভাখনত বিশিষ্ট অতিথিৰ আসন অলংকৃত কৰি চি এইচ ডি আনিন্দ্য স্বর্গীয়াৰীয়ে বন আৰু বন্যপ্রানীৰ সংৰক্ষণৰ ক্ষেত্রত ল’ লগা সাৱধানতাৰ ওপৰত ভাষণ আগ্বঢ়ায়৷ সভাত লগতে বাগ্সা জিলাৰ উপায়ুক্ত ৰঞ্জন শর্মা, অতিৰিক্ত সঞ্চালক আৰ এন বডো, বন বিভাগৰ েব্রণ্ড এম্বাছাডৰ চন্দ্র কান্ত বসুমতাৰী, আনন্দ খাটনিয়াৰ, বাগ্সা জিলা আৰক্ষী অধীক্ষক বিজয় প্রতিক থুেবক, শাল্বাৰী মহকুমাৰ মহকুমাধিপতি নিত্য বিনোদ ওৱাৰী, বাঁহ্বাৰী, চিৰাং, ভূঞাপাৰা বনাঞ্চলৰ বিষয়াৰ লগতে কেইবাগৰাকী বিশিষ্ট ব্যক্তি উপস্থিত থাকি মানাহত বাঘকে ধৰি বন্যপ্রাণীবোৰক সুৰক্ষা প্রদানত গুৰুত্ব আৰোপ কৰাৰ কথা উল্লেখ কৰে৷ উল্লেখ্য যে মানাহ ব্যাঘ্র প্রকল্পত পূর্বৰ তুলনাত বাঘ যথেষ্ট বৃদ্ধি পাইছে৷ বর্তমান মানাহ ৰাষ্ট্রীয় উদ্যানত ৩০টাৰো অধিক বাঘ থকা বুলি সদৰী কৰে বাঁহ্বাৰী বনাঞ্চলৰ বন বিষয়া বাবুল ব্রহ্মই৷ ব্রহ্মই লগতে প্রথমে কাবিৰোধী আন্দোলন ইয়াৰ পিছত ক’ভিড–১৯ৰ আতংকই পর্যটন ক্ষেত্রত যথেষ্ট ক্ষতি কৰিছে বুলি উল্লেখ কৰি বিগত বর্ষবোৰৰ তুলনাত এইবাৰ মানাহৰ ৰাজহ যথেষ্ট হাৰত বৃদ্ধি পাইছিল যদিও মাত্র কেইটামান দিনহে পর্যটকৰ আগমন ঘটিছিল আৰু ১ কোটিৰ ওপৰত ৰাজহ পাবলৈ সক্ষম হৈছিল৷ ক’ভিড–১৯ৰ আতংকই দেখা নিদিয়া হ’লে এইবাৰ মানাহৰ ৰাজহে ৰেকর্ড কৰিলেহেঁতেন বুলি উল্লেখ কৰি ৩০–৪০ লাখ টকাৰ লোকচান হোৱা বুলি অনুমান কৰিব বুলি সাংবাদিকক জান্বিলৈ দিয়ে৷