বোকাজান বিলাতী মাটি কাৰখানাৰ খালী পদত থলুৱা নিযুক্তিৰ দাবীঃ ভাৰতীয় চিমেন্ট উদ্যোগ নিগম লিমিটেডৰ মহাপ্ৰৱন্ধকলৈ যুৱ-ছাত্ৰ পৰিষদৰ স্মাৰকপত্ৰ
নিয়মীয়া বাৰ্তা, ৩০ জুলাইঃ ৰাজহুৱা খণ্ডৰ উদ্যোগ বোকাজান বিলাতী মাটি কাৰখানাত থকা খালী পদ সমূহৰ বিপৰীতে থলুৱা যুৱক-যুৱতীক নিযুক্তিৰ দাবীৰে ভাৰতীয় চিমেন্ট উদ্যোগ নিগম লিমিটেডৰ মহাপ্ৰৱন্ধকলৈ বুধবাৰে এক স্মাৰকপত্ৰ প্ৰেৰণ কৰিছে অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদ কাৰ্বি আংলং জিলা সমিতিয়ে।
বোকাজান বিলাতী মাটি কাৰখানাৰ প্ৰৱন্ধকৰ জৰিয়তে সংগঠনটোৰ কাৰ্বি আংলং জিলা সমিতিৰ সভাপতি-সম্পাদক ক্ৰমে জিতু ফুকন আৰু অপূৰ্ব দাস স্বাক্ষৰিত স্মাৰকপত্ৰখনত উল্লেখ কৰা অনুসৰি থলুৱা নিৱনুৱাক বঞ্চিত কৰি ৰাজহুৱা খণ্ডৰ উদ্যোগটোত কোনো বহিঃৰাজ্যৰ যুৱকক সংস্থাপন দিয়াৰ চক্ৰান্তৰ সংগঠনটোৱে তীব্ৰ বিৰোধিতা কৰে। পূৰ্বৰে পৰা কাৰখানাটোত থলুৱা যুৱক-যুৱতীসকল নিযুক্তি লাভৰ পৰা বঞ্চিত হোৱাৰ সময়তে ক’ৰোনা মহামাৰীৰ আতংকৰ মাজতে বহিৰাগত প্ৰাৰ্থী আনি বোকাজান বিলাতী মাটি কাৰখানাত নিযুক্তি প্ৰদান কৰাৰ বাবে দিল্লী লবীয়ে ষড়যন্ত্ৰ ৰচনা কৰাৰ অভিযোগ কৰে। সেয়েহে অনতিপলমে এই নিযুক্তি বাতিল কৰি উক্ত পদত থলুৱা নিৱনুৱা যুৱক-যুৱতীক নিযুক্তি প্ৰদান কৰাৰ বাবে ছাত্ৰ সংগঠনটোৱে দাবী জনায়।
ইয়াৰ অন্যথা বোকাজান অঞ্চলৰ সমূহ ৰাইজৰ সহযোগিতাৰে এই থলুৱা বিৰোধী ষড়যন্ত্ৰৰ বিৰুদ্ধে বৃহৎ গণতান্ত্ৰিক আন্দোলন গঢ়ি তোলা হ’ব বুলিও স্মাৰকপত্ৰত উল্লেখ কৰা হয়।