নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ৰঙা গ্রহ মঙলত প্রথমবাৰৰ বাবে হেলিকপ্টাৰ উৰুৱাব নাছাই

নিয়মীয়া বাৰ্তা, ৩১ জুলাইঃ  চলিত বর্ষৰ জুলাই মাহটোত মহাকাশ খণ্ড অন্যতম হিচাপে চর্চিত হৈছে৷ বিশ্বৰ তিনিখন দেশে মঙল অভিযান আৰম্ভ কৰিছে৷ ইউনাইটেড আৰব এমিৰেটছ, চীন আৰু আমেৰিকা যুক্তৰাষ্ট্রই ৰঙা গ্রহ মঙলত জীৱৰ সন্ধানৰ লক্ষ্যৰে এই অভিযান আৰম্ভ কৰিছে৷ আমেৰিকা যুক্তৰাষ্ট্রৰ নাছাই শেহতীয়াভাৱে মঙল গ্রহৰ বায়ুকে ধৰি গ্রহটোত থকা জীৱ–জন্তুৰ অস্তিত্বৰ সন্ধানত মহাকাশযান প্রেৰণ কৰিছে৷ এই মহাকাশযানত মঙলত অৱতৰণ কৰিবলগীয়া ৰ’ভাৰ ‘পার্ছেভাৰেঞ্চ’ আছে৷ এই ৰ’ভাৰত সৰু বাকচ আর্হিত এখন হেলিকপ্টাৰ আছে৷ এই হেলিকপ্টাৰখন মঙল গ্রহত উৰুওৱাৰ লক্ষ্যৰে প্রেৰণ কৰিছে নাছাই৷

সকলো ঠিকে–ঠাকে থাকিলে নাছাৰ হেলিকপ্টাৰখন প্রথমবাৰৰ বাবে মঙলত উৰিব৷ মানৱসৃষ্ট যান প্রথমবাৰৰ বাবে আন এটা গ্রহত উৰিব, যিয়ে ভৱিষ্যতে আমি বাস কৰা গ্রহটোৰ সৌৰজগতৰ নতুন নতুন সন্ধানৰ পথ মুকলি কৰিব৷ নাছাৰ হেলিকপ্ঢাৰখনৰ নাম হৈছে ‘ইনজেনুইটি’৷ উল্লেখ্য যে মঙল গ্রহৰ বায়ুমণ্ডলত হেলিকপ্টাৰ উৰুওৱাতো অতিকে জটিল হ’ব৷ কিয়নো গ্রহটোত আৱৰি থকা বায়ুমণ্ডলৰ ঘনত্ব মাত্র পৃথিৱীৰ বায়ুমণ্ডলৰ ১ শতাংশ৷ গতিকে বায়ুৰ চলাচল অতি কম৷ যাৰ পৰিণতিত মঙল গ্রহত হেলিকপ্টাৰ উৰুওৱাটো জটিল হ’ব৷

অৱশ্যে গ্রহটিৰ নিম্ন মধ্যাকর্ষণে উৰুওৱাৰ ক্ষেত্রত সহায় কৰিব পাৰে৷ কিয়নো পৃথিৱীৰ মাধ্যাকর্ষণৰ প্রায় ৩৮ শতাংশ৷ পৃথিৱীত হেলিকপ্টাৰ উৰুওৱাৰ ক্ষেত্রত যি প্রযুক্তি ব্যৱহাৰ কৰা হয়, তেনে প্রযুক্তিয়েই মঙলতো প্রয়োগ কৰা হ’ব বুলি নাছাই প্রকাশ কৰিছে৷ লক্ষণীয় যে মঙললৈ পঠিওৱা হেলিকপ্ঢাৰখনৰ ওজন মাত্র ১.৮ কিলোগ্রাম৷ চাৰিখন কার্বন ফাইবাৰ ব্লেড থকা হেলিকপ্টাৰখন সৌৰ পেনেলৰ শক্তিৰে চলিব৷

You might also like