নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

নতুন ইউটিউৱাৰৰ উদ্যোগত বানপিড়িতৰ মাজত সাহাৰ্য- সামগ্ৰী বিতৰণ

নিয়মীয়া বাৰ্তা, ৩১ জুলাইঃ ছ’চিয়েল মিডিয়াৰ অন্যতম অংগ ইউটিউৱ । ইউটিউৱৰ যোগেদি নিজৰ প্ৰতিভা বিকাশ আৰু সমাজৰ হকে কাম কৰিব পাৰি। ইতিমধ্যে,অসমৰ বহুকেইজন ইউটিউৱাৰে অসমৰ জ্বলন্ত সমস্যা ৰূপে পৰিগণিত বানপানীত দুৰ্দশাৰ সন্মুখীন হোৱা আৰ্তজনলৈ আগবঢ়াইছে সহায়ৰ হাত।

নতুনকৈ ইউটিউৱ জগতত প্ৰৱেশ কৰা বনানী শৰ্মা ( celebrity’s insider), ৰূপম শৰ্মা(RUPAM SHARMA), ৰিয়ান জ্যোতি শৰ্মা,দ্বীপ জ্যোতি মাহাতু( kobitaa aru kobita),লক্ষ্য জ্যোতি শৰ্মা (axomiya vlogger, কুলদীপ গৌতম শৰ্মা( KULDIP GOUTAM SHARMA),প্ৰশান্ত চাহা( A to Z mystery),মিন্টু হাজৰিকা( Inspire creation),দশৰত দেৱ(Tholuwar Thol),ৰক্তিম উজ্জ্বল শইকীয়া(Axom Ujjal), বিশ্বজিৎ বৰদলৈ (GB SaptaSwar)ৰ প্ৰচেষ্টাত আৰু অসমবাসীৰ ৰাইজৰ সহযোগিতাত ওদালগুৰি জিলাৰ কলাইগাৱৰ অতি ভিতৰুৱা অঞ্চল গেৰুৱা গাঁৱত বানপীড়িত লোকলৈ সাহাৰ্য-সামগ্ৰী বিতৰণ কৰে। বানত ঘৰ-বাৰী, সম্পত্তি উটি যোৱা দুটাকৈ পৰিয়ালক নগদ এহেজাৰ টকাকৈ আগবঢ়োৱাৰ উপৰিও প্ৰায় অৰ্ধ শতাধিক পৰিয়ালৰ মাজত চাউল,দালি, নিমখ, মাস্ক ,চেনিটাইজাৰ, চাবোন,চিৰা,তেল, বিস্কুট,আলু আদি বিতৰণ কৰে।ইউটিউৱাৰসকলৰ এনে প্ৰচেষ্টাক গাঁওবাসীয়ে প্ৰশংসা কৰে।

You might also like