নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

জোনাইত ৰেপিড টেষ্টত পুনৰ ৫ জনৰ দেহত ক’ভিড-১৯ পজিটিভ

জোনাই বজাৰত চেনিটাইজ আৰু এটা অংশ কন্টেইনমেইন জন হিচাপে ঘোষণা কৰিছে মহকুমা প্ৰশাসনে

নিয়মীয়া বাৰ্তা ৩১ জুলাইঃ জোনাই মহকুমাত দ্বিতীয় দিনা ৰেপিড টেষ্টত পুনৰ ৫ জনৰ দেহত ধৰা পৰিল ক’ভিড–১৯ পজিটিভ৷ ৰোগীসকল হ’ল জোনাইৰ ৰায়াং গাঁৱৰ টুহি লাহন(৪১), ধন কোৱৰ(৪১), বালিজান গাঁৱৰ দিপক শইকীয়া(৩৪), গোপাল নেৱাৰ (৫২), গুৱাহাটীৰ খনিন্দ্ৰ কলিতা(৬১) ৷ আজি ৰ পজিটিভ ৰোগী পাঁচজন ৰায়াং আৰ্মি কেম্পত শ্ৰমিক হিচাপে কৰ্মৰত আছিল জানিব পৰা গৈছে৷ ইফালে প্ৰথম দিনাই ৰেপিড টেষ্টত ৬ জন যুৱকৰ দেহত ক’ভিড–১৯ৰ পজিটিভ পোৱাৰ ঘটনাই জোনাইত শংকাৰ সৃষ্টি কৰি থকাৰ সময়তে৷ আজি পুনৰ ৫ জনৰ দেহত কভিড -১৯ ৰোগী ধৰা পৰাত পুনৰ জোনাইত আতংকিত হৈ পৰিছে ৰাইজ৷ আজি দুদিনত জোনাই স্বাস্থ্য বিভাগে মুঠ ২৯৭ জনক ৰেপিড টৈষ্ট কৰি ১১ জনৰ দেহত কভিড-১৯ পজিটিভ ধৰা পৰিছে বুলি মহকুমা স্বাস্থ্য বিষয়া ডাঃ কিশোৰ কামানে জানিব দিয়ে ৷ ৰোগীক সকলক ধেমাজি ইনজিনিয়াৰিং কলেজ ক’ভিড কেয়াৰ কেন্দ্ৰত ভৰ্ত্তি কৰা হৈছে। উল্লেখযোগ্য যে জোনাইত দুদিন ধৰি কভিড-১৯ পজিটিভ পোৱাত জোনাই বজাৰত আজি মহকুমা প্ৰশাসনৰ তৰফৰ পৰা চেনিটাইজ কৰিছে আৰু জোনাই বজাৰৰ এটা অংশ কন্টেইনমেইন জন হিচাপে ঘোষণা কৰিছে প্ৰশাসনে৷

You might also like