নিয়মীয়া বাৰ্তা, ৩১ জুলাইঃ অন্তঃৰাষ্ট্ৰীয় মানৱাধিকাৰ আয়োগৰ ৰাষ্ট্ৰীয় সচিব বুলি পৰিচয় দিয়া এজন যুৱক নিজেই মানৱাধিকাৰ খৰ্ব কৰাৰ অপৰাধত ৰঙাঘৰৰ আলহী হ’ব লগা হোৱাৰ এক আজৱ ঘটনা সংঘটিত হৈছে তিনিচুকীয়াত। উল্লেখ্য যে তিনিচুকীয়া জিলাৰ ডিগবৈ বালিজান নিৱাসী তথা অইল ইণ্ডিয়া লিমিটেড, দুলীয়াজানৰ লগিং বিভাগৰ কৰ্মচাৰী কমলৰাজ চেত্ৰীক যোৱা ২৯ জুলাইৰ নিশা তিনিচুকীয়াৰ আৰক্ষীয়ে ব্লেক মেইলিঙত জড়িত থকাৰ অভিযোগত গ্ৰেপ্তাৰ কৰি জেল হাজোতলৈ প্ৰেৰণ কৰিছে। উচ্চ স্তৰীয় আৰক্ষী সুত্ৰ অনুসৰি কমল ৰাজ চেত্ৰীয়ে দীৰ্ঘ দিনৰ পৰা শিলচৰৰ চুপাৰি ছিণ্ডিকেটৰে জড়িত হৈ আছে। তেওঁ নিজকে আন্তঃৰাষ্ট্ৰীয় মানৱাধিকাৰ আয়োগৰ ৰাষ্ট্ৰীয় নেতাৰ দোহাই দি চুপাৰী ছিণ্ডিকেটৰে জড়িত ব্যৱসায়ীসকলক ধন দাবী কৰি আহিছে। শিলচৰ আৰক্ষীৰ পৰা অহা এক খবৰৰ ভিত্তিতেই ২৯ জুলাইৰ নিশা কমলক ডিগবৈৰ নিজ বাসগৃহৰ পৰা তিনিচুকীয়াৰ আৰক্ষীয়ে উঠাই নিয়ে। অভিযোগ সন্দৰ্ভত তিনিচুকীয়া সদৰ থানাত ভাৰতীয় দণ্ডবিধি আইনৰ একাধিক ধাৰাৰ অধীনত ৮৪৯/ ২০২০ নম্বৰত এক গোচৰ পঞ্জীভূক্ত কৰি কমলক গ্ৰেপ্তাৰ কৰা হয়। উল্লেখ্য যে এসময়ত ছালফাৰ পৰিচয়ৰে ভাৰতীয় সেনাৰ হৈ কাম কৰা কমলে এটা সময়ত সেনাৰ হাততেই শাস্তিৰ সন্মুখীন হৈ ৰাজহুৱাভাৱে অপদস্ত হোৱাৰ পৰৱৰ্ত্তী কালত সাংবাদিকতা বৃত্তিৰে জড়িত হৈ পৰে। গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভস্বৰূপ সাংবাদিকতাৰ ক্ষেত্ৰখনত প্ৰৱেশ কৰাৰ পাছত সতীৰ্থ সাংবাদিকৰে লগ লাগি ব্লেক মেইলিঙৰ কাণ্ডত নামি পৰে। অসমৰ এটা বৈদ্যুতিন চেনেলৰে জড়িত হৈ কমলে সংবাদ গোষ্ঠীটোৰ তদানীন্তন মুখ্য সম্পাদকৰ পৰামৰ্শ অনুসৰি জিলাখনত অব্যাহত থকা বিভিন্ন অবৈধ বেহাৰে জড়িত পক্ষসমূহৰ পৰা অবাধে ব্লেক মেইলিঙেৰে ধন ঘটিবলৈ আৰম্ভ কৰে। ইফালে জালিয়াতিৰে অইল ইণ্ডিয়াৰ চাকৰিৰ সাক্ষাৎকাৰত উত্তীৰ্ণ হোৱাৰ পাছত বিষয়টো পোহৰলৈ অহাত কোম্পানী কৰ্তৃপক্ষই গুৱাহাটী উচ্চ ন্যায়ালয়ত গোচৰ তৰাৰ পাছত দীৰ্ঘ কালে চাকৰিত মকৰল প্ৰাপ্তিৰ পৰা বঞ্চিত আছিল যদিও পৰৱৰ্ত্তী সময়ত গোচৰত জিকি কোম্পানীৰ চাকৰিত যোগ দিয়ে। তাৰ পাছতো হাতত প্ৰকাণ্ড কেমেৰা লৈ নিজকে সাংবাদিক বুলি চিনাকি দি ব্লেক মেইলিঙত উঠিপৰি লাগে। এই সন্দৰ্ভত জানিব বিচৰাত তিনিচুকীয়া সদৰ থানাৰ অ’ চি নিতুল দাসে এই প্ৰতিবেদকৰ সতে টেলিফোনৰ সংযোগ কাটি দিয়ে যদিও আৰক্ষী অধীক্ষক শিলাদিত্য চেতিয়াই ঘটনা সন্দৰ্ভত তদন্ত অব্যাহত থকাৰ কথা কৈ ধৃত কললৰাজ চেত্ৰীৰ সতে জিলাখনৰ কেইবাজন লোক জালত পৰাৰ সম্ভাৱনা থকাৰো ইঙ্গিত দিয়ে। আৰক্ষী সূত্ৰ অনুসৰি উক্ত মানৱাধিকাৰ আয়োগৰ তিনিচুকীয়া জিলা সমিতিৰ বিষয়ববীয়াৰ গতিবিধিও পৰ্যৱেক্ষন কৰি থকা হৈছে। উল্লেখ্য উক্ত আয়োগৰ মহিলা কোষৰ ৰাজ্যিক সভানেত্ৰী দুলীয়াজানৰ জনৈক বিতৰ্কিত মহিলাক মানৱাধিকাৰ খৰ্ব কৰাৰ কেতবোৰ অভিযোগৰ ভিত্তিত অপসাৰণ কৰা হ’ল বুলি এই প্ৰতিবেদকক জানিবলৈ দিছিল নিজকে আয়োগৰ ৰাষ্ট্ৰীয় সচিব ৰূপে পৰিচয় দি অহা কমলৰাজ চেত্ৰীয়ে। কিন্তু নিজকে নিকা বুলি জাহিৰ কৰা কমল ৰাজ চেত্ৰী সতীৰ্থ মহিলা নেত্ৰীক অপসাৰণ সন্দৰ্ভত অমাক জনোৱাৰ দুমাহৰ পাছতেই নিজে ৰঙাঘৰৰ আলহী হোৱাৰ ঘটনাই বিশেষ তাৎপৰ্য বহন কৰিছে। উল্লেখ্য যে অসম আৰক্ষীৰ শীৰ্ষ বিষয়াৰে সৌহাৰ্দ্যপূৰ্ণ সম্পৰ্ক থকা আৰু ইতিপূৰ্বে ‘সমাজ সেৱা ৰত্ন বঁটা’ লাভ কৰা কমলৰাজ চেত্ৰীয়ে ব্যৱহাৰ কৰা আই এইচ আৰ চি চি অ’/ ২০১৭/ এম এন/ ৬০১২২ নং পত্ৰখনৰ বৈধতা উকলি যায় ১৯ জানুৱাৰী, ২০১৯ তাৰিখেই।