নিয়মীয়া বাৰ্তা, ৩১ জুলাইঃ আজি বি জি আৰ ৫ ৰ ব্ল’আউট নিয়ন্ত্ৰণৰ অন্তিম প্ৰচেষ্টা ব্যৰ্থ হোৱাৰ ঘটনাই অইল ইণ্ডিয়া লিমিটেডৰ চৰম গাফিলতিক পুনৰবাৰ উদঙাই দেখুৱালে। উল্লেখ্য যে ব্ল’ আউট প্ৰিভেণ্টাৰ চমুকৈ বি অ’ পি স্থাপনেৰে বিগত দুমাহে অব্যাহত থকা ব্ল’ আউট প্ৰতিৰোধৰ অন্তিম পৰ্যায়ত উপনীত হৈছিল বিদেশী কোম্পানী এলাৰ্টৰ প্ৰতিনিধিকে ধৰি অইল আৰু অ’ এন জি চিৰ বিশেষজ্ঞ সমন্বিতে অইলৰ বিষয়া কৰ্মচাৰী। কিন্তু অতি পৰিতাপৰ কথা যে ক্ৰেনৰ অংশ সংযোজন ঘটাই ৰূপান্তৰ ঘটোৱা ব’লডজাৰখনেৰে আজি লক্ষ কিলোগ্ৰাম ওজনৰ বি অ’ পি টো দাঙি ৱেল হেডত সংস্থাপনৰ চেষ্টা চলাওঁতেই ঘটিল ঘটনাটো। বি অ’ পিটো বি জি আৰ ৫ ৰ তেনেই কাষ পোৱাৰ সময়তে ম’ডিফাইড ক্ৰেনখনে ভাৰসাম্য হেৰুৱাই পেলায়। কিছুদিনৰ পূৰ্বে আজিৰ অভিযানত ব্যৱহৃত ক্ৰেনখনৰ হাতোৰাখন ৱেলডিং কৰি ঠিকঠাক কৰি লৈছিল যদিও ব’লডজাৰৰ পৰা ক্ৰেনৰ সমগ্ৰ হাতোৰাখন বিচ্ছিন্ন হোৱাৰ ফলত বি অ’ পি টো মাটিত সৰি পৰে। ব্ল’আউটৰ ফলত জ্বলন্ত অৱস্থাত থকা খাদটোৰ তেনেই কাষতে পৰি থকা বি অ’ পিটো নেৰানেপেৰা পানী ছটিওৱা তথা গাৰ্ড ৱাল দিয়াৰ ব্যৱস্থা নকৰিলে নষ্ট হৈ পৰাৰ সম্ভাৱনাও প্ৰৱল হৈ পৰিছে। উল্লেখ্য যে আজি ৱেল হেডত বি অ’ পি সংস্থাপনৰ পাছত ইতিমধ্যে ব্যৱস্থা কৰি ৰখা ফ্লেয়াৰ পাইপেৰে গেছ পৃথকীকৰণ কৰি তেনেই সামৰণি পৰ্যায়ৰ কৰ্ম সম্পাদন কৰাৰ কথা আছিল। কিন্তু কাৰ গাফিলতিৰ বাবে চিৰ প্ৰত্যাক্ষিত আশাত চেঁচাপানী পৰিল বুলিও এতিয়া চৰ্চা