ধুবুৰীৰ সাংবাদিক ৰাজীৱ শর্মাক জামিন
নিয়মীয়া বাৰ্তা, ১ আগষ্টঃ ধুবুৰী আদালতে সাংবাদিক ৰাজীৱ শর্মাক পূর্ণাংগ জামিন প্রদান কৰে৷ ২২ জুলাইত আদালতে সাংবাদিকগৰাকীৰ অন্তর্ৱর্তীকালীন জামিন অহা ৩১ জুলাইলৈ বৃদ্ধি কৰিছিল৷
স্মর্তব্য যে ১৫ জুলাইৰ নিশা প্রায় ২ বজাত ধুবুৰীত কর্মৰত ৰাজ্যৰ এটি ছেটেলাইট চেনেলৰ সাংবাদিক ৰাজীৱ শর্মাক জিলাখনৰ গৌৰীপুৰৰ বাসগৃহৰ পৰা আৰক্ষীয়ে গ্রেপ্তাৰ কৰিছিল৷ ইফালে দুর্ভাগ্যজনকভাৱে ৰাজীৱ শর্মা ধুবুৰী সদৰ থানাৰ লকআপত থকাৰ সময়ত পিছদিনা অর্থাৎ যোৱা ১৬ জুলাইৰ দিনৰ ভাগত তেওঁৰ অসুস্থ পিতৃ সুধীন শর্মাই (৬৪) গৌৰীপুৰৰ বাসগৃহত প্রাণত্যাগ কৰে৷ উল্লেখ্য যে সদ্য–বদলি হোৱা তথা পূর্বৰ ধুবুৰী জিলা বন প্রাধিকৰণ বিষয়া বিশ্বজিৎ ৰায়ে ধন দাবী সন্দর্ভত দাখিল কৰা এখন এজাহাৰ মর্মে ধুবুৰী সদৰ থানাত ভাৰতীয় দণ্ডবিধিৰ ৩৮৯, ৩৮৪, ৩৮৫, ৩৫৪ আৰু ৫০৬ ধাৰাত ৯০৩/২০২০ নম্বৰত ধুবুৰী সদৰ থানাত এটা গোচৰ পঞ্জীয়ন কৰি উক্ত গোচৰ সংক্রান্তত সাংবাদিক শর্মাক আৰক্ষীয়ে গ্রেপ্তাৰ কৰিছিল যদিও ১৬ জুলাইৰ বিয়লিৰ ভাগত ধুবুৰী আদালতে তিনি দিনৰ বাবে অর্থাৎ ১৮ জুলাইলৈকে অন্তর্ৱর্তীকালীন জামিন দিছিল সাংবাদিকগৰাকীক৷
পিছত ১৮ জুলাইত আদালতে সাংবাদিকগৰাকীৰ অন্তর্ৱর্তীকালীন জামিনৰ ম্যাদ ২২ জুলাইলৈ বৃদ্ধি কৰিছিল৷ তাৰ পিছত ২২ জুলাইত আদালতে সাংবাদিকগৰাকীৰ অন্তর্ৱর্তীকালীন জামিন পুনৰ ৩১ জুলাইলৈকে বৃদ্ধি কৰিছিল আৰু অৱশেষত আজি ধুবুৰী আদালতে ৰাজীৱ শর্মাক পূর্ণাংগ জামিন দিয়ে৷