নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

জীৱন দিম কিন্তু মাটিও নিদিওঁ: বিধায়ক পদ্ম

নিয়মীয়া বাৰ্তা, ১ আগষ্টঃ  ‘তেজ দিম কিন্তু মাটি নিদিওঁ৷ অসমীয়া জাতি ৰক্ষাৰ স্বার্থত সন্দেহজনক নাগৰিকৰ বিৰুদ্ধে আমি যুঁজ দি যাম৷ আমি অংগীকাৰ কৰিছোঁ যে আমাৰ অধিকাৰৰ বিৰুদ্ধে গৈ সন্দেহজনক নাগৰিকে চকীঘাটত যি ঘৃণনীয় কাণ্ড সংঘটিত কৰিলে, তাৰ উচিত জবাব দিয়া হ’ব৷ নিজৰ জীৱন দিম, কিন্তু মাটি নিদিওঁ৷’– এই হুংকাৰ চতিয়া সমষ্টিৰ বিধায়ক পদ্ম হাজৰিকাৰ৷ কালি সন্দেহজনক নাগৰিকে খিলঞ্জীয়াৰ ওপৰত চলোৱা বর্বৰোচিত আক্রমণৰ পিছত জামুগুৰিহাটৰ চকীঘাটত আজি পুনৰ উপস্থিত হয় বিধায়ক হাজৰিকা৷

কালিৰ ঘটনা সন্দর্ভত প্রতিক্রিয়া ব্যক্ত কৰি তেওঁক সংবাদ মাধ্যমৰ আগত কয় যে চকীঘাটৰ এই ঘটনাই কেৱল চতিয়া সমষ্টিৰ বাবেই নহয়, সমগ্র অসম তথা অসমীয়া জাতিৰ প্রতি ঋণাত্মক বতৰা কঢ়িয়াই আনিছে৷ সময় থাকোঁতেই জাতিটোৰ স্বার্থত এই অপশক্তিক ওফৰাই পেলাবলৈ সকলোৱে একগোট হ’ব লাগিব৷ বিষয়টো দূৰদর্শিতাৰে আলোচনা কৰিবলৈ বিধায়ক হাজৰিকাই সকলোকে আহ্বান জনায়৷ চকীঘাটৰ মাটি যদি খিলঞ্জীয়াই এৰি থৈ যাব বুলি আক্রমণকাৰী দুষৃকতিকাৰীয়ে ভাবিছে, তেন্তে সেয়া ভুল বুলি উল্লেখ কৰি তেওঁ পুনৰ কয় যে দৰকাৰ হ’লে সন্দেহজনক লোকসকল যাব লাগিব৷ কিন্তু মাটি কোনো কাৰণতে এৰা নহ’ব৷ ইফালে, কালিৰ ঘটনাক লৈ চকীঘাটত আজিও চেপা উত্তেজনাই বিৰাজ কৰি আছে৷

ইয়াৰ মাজতে কালিৰ ঘটনা সন্দর্ভত জামুগুৰি আৰক্ষী চকীৰ আঘাতপ্রাপ্ত ভাৰপ্রাপ্ত আৰক্ষী বিষয়া প্রাঞ্জল কুমাৰ নাথে দাখিল কৰা এজাহাৰৰ ভিত্তিত ৪৬/২০২০ নম্বৰৰ এটা গোচৰ ৰুজু কৰি আৰক্ষীয়ে নুৰজামাল আলী (২৭) আৰু ছাদ্দাম হুছেইন (২০) নামৰ দুই সন্দেহযুক্ত নাগৰিকক গ্রেপ্তাৰ কৰিছে৷ লগতে ঘটনাত জড়িত দুর্বৃত্তৰ দলটোৰ অন্যসকলকো বিচাৰি অভিযান তীব্রতৰ কৰি তুলিছে আৰক্ষীয়ে৷ উল্লেখ্য যে যোৱা ফেব্রুৱাৰী মাহত চতিয়া সমষ্টিৰ অন্তর্গত চকীঘাট, দীঘলীচাপৰি, ননকে গোটাইমাৰী, গোটাইমাৰী, লালেটাপো আদি চৰ–চাপৰিৰ পৰা ৪৭৩টা সন্দেহজনক পৰিয়ালক শোণিতপুৰ জিলা প্রশাসনে উচ্ছেদ কৰিছিল৷ উচ্ছেদিত ভূমিৰ এহেজাৰ বিঘা অলপতে মুখ্যমন্ত্রী সর্বানন্দ সোণোৱালে স্থানীয় আত্মসহায়ক গোট, যুৱক–যুৱতী, কৃষক আদিক কৃষিকর্মৰ বাবে আবণ্টন দিয়াৰ কথা ঘোষণা কৰিছে৷ তদুপৰি চৰ–চাপৰিসমূহত শ শ বিঘা চৰকাৰী মাটি বেদখল কৰি থকা আন লোকসকলকো সেই স্থান পৰিত্যাগ কৰিবলৈ প্রশাসনে নির্দেশ দিছিল যদিও মাটি এৰিব নোখোজা একাংশ সন্দেহজনক লোকে পৰিকল্পিতভাৱে কালিৰ আক্রমণৰ ঘটনা সংঘটিত কৰা বুলি স্থানীয় ৰাইজে সন্দেহ প্রকাশ কৰিছে৷

You might also like