নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

গহপুৰ চিকিৎসালয়ত অনিয়ম; ৰোগীক টিকট দিয়াৰ নামত কর্মচাৰীয়ে লয় টকা

নিয়মীয়া বাৰ্তা, ১ আগষ্টঃ  গহপুৰ মহকুমা অসামৰিক চিকিৎসালয়ত দাস উপাধিৰ এগৰাকী চতুর্থবর্গৰ স্বাস্থ্য কর্মচাৰীয়ে বিভিন্ন ৰোগীৰ পৰা প্রতিদিনে ছল–চাতুৰীৰে ১০০ৰ পৰা ২০০ টকাকৈ অসৎ উপায়েৰে সংগ্রহ কৰি বদনামী কৰি তুলিছে বিভাগটোৰ লগতে চিকিৎসালয়খনক৷ চিকিৎসালয়খনলৈ চিকিৎসা গ্রহণৰ বাবে অহা ৰোগীক টিকত দিয়াৰ দায়িত্বত থকা কর্মচাৰীজনে সেইগৰাকীয়ে বহু দিন ধৰি ৰোগীসকলৰ লগত এনে দুষ্কার্য কৰি আহিছিল৷ কিন্তু কালি জনৈক দাসৰ দিন বেয়া আছিল৷ গহপুৰৰ দক্ষিণাঞ্চলৰ লোহিতমুখৰ স্বপ্ণা দলে নামৰ এগৰাকী গর্ভৱতী মহিলাই আলড্রা ছাউণ্ড কৰাবলৈ আহোতে ১০০ টকা বিচৰাৰ পিছতেই দীর্ঘদিন ধৰি লোকজনে প্রতিগৰাকী ৰোগীৰ পৰা ১০০–২০০ টকাকৈ লৈ অহাৰ কথা পোহৰলৈ আহে৷ প্রথম অৱস্থাত মহিলাগৰাকীয়ে ১০০ টকা দিবলৈ অমান্তি হৈছিল যদিও সেইগৰাকী চিকিৎসালয়ৰ কর্মচাৰীয়ে এয়া চিকিৎসালয়খনৰ নিয়ম বুলি কোৱাত তেওঁৰ স্বামীয়ে ১০০ টকা আদায় দিয়ে৷ কিন্তু জনৈক দাসে উক্ত ধন অবৈধভাৱে লোৱা বুলি বিশ্বনাথ জিলা অনুসূচিত জাতি ছাত্র সন্থাৰ সাধাৰণ সম্পাদক বিপুল হীৰাৰ দৃষ্টিগোচৰ হোৱাত লগে লগে তেওঁ কর্মচাৰীগৰাকীৰ উক্ত কার্যৰ বিৰুদ্ধে প্রবল প্রতিবাদ সাব্যস্ত কৰে৷

ছাত্রনেতাগৰাকীৰ এনে তৎপৰতাৰ পিছতে উৰহী গছৰ ওৰ ওলাই পৰাৰ লগতে তেওঁ দীর্ঘদিনৰে পৰা এনেদৰে সহজ–সৰল ৰোগীৰ পৰা ১০০–২০০ টকাকৈ সংগ্রহ কৰি অহাটো পৰিষ্কাৰ হৈ পৰে৷ ইপিনে, সংবাদ মাধ্যমৰ আগত গর্ভৱতী মহিলাগৰাকীৰ লগতে তেওঁৰ স্বামীয়ে স্পষ্টকৈ চিকিৎসালয়ৰ দাস উপাধিৰ কর্মচাৰীগৰাকীয়ে ধন লোৱাৰ কথা উল্লেখ কৰাৰ লগতে কেইবাগৰাকী প্রত্যক্ষদর্শীয়েও দাসে ধন লোৱা প্রত্যক্ষ কৰা বুলি জানিবলৈ দিছে৷ এইক্ষেত্রত সংবাদ মাধ্যমে তেওঁৰ প্রতিক্রিয়া জানিব বিচৰাত ঘোচখোৰ কর্মচাৰী দাসে এতিয়া মোৰ ডিউটীৰ সময়৷বাতৰিৰ সময় নহয় বুলি কৈ গা বচোৱাৰ চেষ্টা কৰে৷ সাধাৰণ ৰোগীৰ ছাল টানি খাবলৈ কুণ্ঠাবোধ নকৰা এইগৰাকী ধুৰন্ধৰ কর্মচাৰী দাসক নাকী লগোৱাৰ ব্যৱস্থা কৰিবলৈ গহপুৰ মহকুমাৰ মহকুমাধিপতি নৰেন্দ্র কুমাৰ শ্বাহ আৰু গহপুৰ মহকুমা অসামৰিক চিকিৎসালয়ৰ মহকুমা স্বাস্থ্য বিষয়া অবনী ৰয়ৰ ওচৰত কঠোৰ দাবী জনাইছে অনুসূচিত জাতি ছাত্র সন্থাই৷

You might also like