নিয়মীয়া বাৰ্তা, ২ আগষ্টঃ এজন লোকে নদীৰ বুকুলৈ আঙুলি টোৱাঁই কলে ইয়াত যোৱাটো বছৰলৈ এখন গাওঁ আছিল৷ হুমুনিয়াহ কাঢ়ি ব্যক্তিজন নৈ কাষতে বহি পৰিল৷ মুখত কোনো কথা নাই দৃষ্টি মাথো নদীৰ বুকুলৈ৷ যেন নদীৰ বুকুত তেওঁ বিছাৰি পাইছে নিজা ঘৰখন৷ পান তামোলেৰে ভৰপূৰ বাৰীখনৰ ছবি তেওঁ বৈ থকা নদীত দেখা পাইছে৷ বহুপৰলৈ লোকজন এনেদৰে বহি থাকিল নৈখনৰ কাষত৷ লাহে লাহে লোকজন নৈখনে পেলায় দিয়া পলসৰ ওপৰদে খোজকাঢ়ি আগুৱাই গল মথাউৰিৰ ওপৰত তিৰ্পাল দি বনোৱা বৰ্তমানলৈ ঠিকনালৈ৷ এইয়া কোনো গল্প বা উপন্যাসৰ চৰিত্ৰ নহয়৷ বান আৰু খহনীয়াই সৰ্বস্ব কাঢ়ি নিয়া জোনাইৰ বেৰাচাপৰি অঞ্চলৰ ৰাইজৰ জীয়া কথা৷ জোনাই মহকুমাৰ এক বৃহত্তৰ অঞ্চল বেৰাচাপৰি৷ একেলগে কেবাখনো গাওঁ লগ হৈ জনা যায় বেৰাচাপৰি হিচাপে৷ প্ৰতিবছৰে চিয়াং আৰু লালী নৈ দুখনে চকুলো আনে এই বেৰাচাপৰি ৰাইজৰ বাবে৷ এসময়ত পাচ সহ্ৰাধিক ৰাইজে বসবাস কৰা এই বেৰাচাপৰি অঞ্চল আজি এমুঠি মান লোকৰ বাসস্থান৷ বিগত ১৫- ২০ বছৰ ধৰি চিয়াং আৰু লালী নৈৰ বান আৰু খহনীয়া এই অঞ্চলৰ ৰাইজৰ আপোন ঘৰ – বাৰী সকলো কাঢ়ি নিয়াৰ লগতে বহুলোকক গৃহ হাৰা কৰিলে৷ বৰ্তমানে এই অঞ্চল বহুলোকৰ ঠিকনা মথাউৰি৷ আনহাতে কেবাটাও পৰিয়ালে সকলো সামৰি আন ঠাইলৈ গুচি গল নতুনৰ সন্ধানত আন কিছুমান নিজৰ আত্মীয় কুটুমৰ গাওঁতে আশ্ৰয় ললেগৈ৷ এনেকে এই বৃহত্তৰ বেৰাচাপৰি আজি নদীৰ বুকুত বিলীনহোবাৰ পথত৷ যোৱা দহবছৰৰো অধিক সময় বান আৰু গৰাখহনীয়া জুৰুলা কাৰাৰ পিছতো কিন্ত এই অঞ্চলৰ সুৰক্ষাৰ বাবে কোনো চৰকাৰ বা জনপ্ৰতিনিধিক বলিষ্ঠ পদক্ষেপ লোবা দেখা পোৱা নলগ৷ আনৰ কথা বাদেই বৰ্তমান অসমৰ মুখমন্ত্ৰী সৰ্বানন্দ সোনোবাল যেতিয়া ১৪নং লখিমপুৰ লোকসভাৰ পৰা সাংসদ হিচাপে নিৰ্বাচনত নামিছিল তেতিয়া বেৰাচাপৰিত উপস্থিত হয় নৈৰ কাষতে ৰাইজক প্ৰতিশ্ৰুতি দিছিল অঞ্চলটোৰ বান আৰু খহনীয়া প্ৰতিৰোধৰ বাবে পদক্ষেপ লোৱা হব বুলি৷ কিন্ত তেওঁ সাংসদো হ’ল কেন্দ্ৰীয় মন্ত্ৰী হৈছিল আৰু আজি অসমৰ মুখ্যমন্ত্ৰী৷ তথাপিও এই বেৰাচাপৰি অঞ্চলৰ কোনো পৰিবৰ্তন পিছে নহল৷ এই বেৰাচাপৰি অঞ্চল বহুতৰ বাবে হয় পৰিল খীৰতী গাই৷ বহু বিভাগৰ পৰা বহু আচঁনি ললে কিন্ত সকলোবোৰ মাথো লুন্ঠণৰ মেলা পাতিবলৈ৷ পঞ্চায়ত, জলসম্পদ, এম এ চি আদি বিভাগৰ পৰা লাখ লাখ টকাৰ আচঁনি হাতত ললে কিন্ত সকলোবোৰ ফুটুকাৰ ফেনত পৰিণত হ’ল৷ বাৰিষাৰ বতৰ আহিলেহে এই জনপ্ৰতিনিধি সকল সাৰ পাই৷ মথাউৰি, পাৰ্কুপাইন, গাইড বান্ধ এই আচঁনি বোৰ গ্ৰহণ কৰে৷ বাৰিষাও আহি পায় আচঁনিও আৰম্ভ হয়৷ নামমাত্ৰ কাম কৰি আচঁনিৰ সিংহভাগ টকা লুন্ঠণ কৰে জনপ্ৰতিনিধি আৰু বিভাগীয় বিষয়া সকলে মিলি৷ ব্ৰহ্মপুত্ৰৰ মুলসঁতি চিয়াং আৰু লালী নৈৰ বান আৰু খহনীয়াৰ পৰা সুৰক্ষা দিবলৈ বালিৰে বন্ধা মথাউৰি আৰু গাইড বান্ধ, সৰু সৰু পকা পষ্টৰ পাৰ্কুপাইনেৰে জানো খৰস্ৰোতা চিয়াং আৰু লালী নৈক ভেটা দিব পাৰি৷ এইবাৰ অহা বানে বেৰাচাপৰি অঞ্চলৰ সকলো শেষ কৰি দিলে৷ পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগে নিৰ্মাণ কৰা বালিৰ মথাউৰি চিঙি চিয়াং আৰু লালী নৈ দুখনৰ এটা সুঁতি গাওঁখনলৈ সোমাই অহাত বৃহত্তৰ বেৰা চাপৰি অঞ্চল পানীৰ তলত বুৰ যায়৷ ঘৰ- বাৰী, ৰাস্তা ঘাট, বিদ্যালয় সকলো পানীয়ে বুৰাই পেলোৱাৰ লগতে নৈ দুখনে কঢ়িয়াই অনা পলসে সকলো পুতি পেলালে৷ এই বৃহত্তৰ অঞ্চলত এতিয়া পানী আৰু পলস৷ তাত যে এখন গাওঁ আছিল কোনো চিনচাব নাই ৷ আৰু কাহানিও হয়তু এই অঞ্চলত মানুহৰ বসতিৰ বাবে উপযুক্ত নহব৷ খেতিপথাৰত আজি ১০-১৫ ফুট ওপৰলৈ বালি আৰু বালি৷ সকলো শেষ৷ এনেকৈয়ে শেষ হ’ল এখন অঞ্চলৰ পৰিচয়৷ অঘৰী হ’ল বহু পৰিয়াল৷
তথাপিও কিন্ত নিৰ্বিকাৰ চৰকাৰ আৰু প্ৰতিনিধি৷ তেওঁলোকৰ বাবে এইয়া মাথো প্ৰকৃতিৰ ধ্বংস লীলা৷ কিন্তু বেৰাচাপৰি অঞ্চল ধ্বংসৰ মূলত অপৰিকল্পিতভাৱে নিৰ্মাণ কৰা বালিৰ মথাউৰি সমূহ৷ বিজ্ঞানসন্মত বাবে নিৰ্মাণ নকাৰ গাইড বান্ধ আৰু পাৰ্কুপাইৰ বাবে আজি এখন অঞ্চল ধ্বংস পথত৷ চৰকাৰৰ কাম মাথো আচঁনি ঘোষণা কৰা৷ কোটি কোটি টকাৰ আচঁনি ঘোষনা কৰাই যেন ৰজাঘৰীয়াৰ কাম৷
এনেকৈ প্ৰতিবছৰে শ শ হেক্টৰ মাটি নদীয়া বুকুত জাহ যাব৷ এখনৰ পিছত এখন গাঁও উচন যাব৷ আৰু কিমান লোক অঘৰী হ’ব আৰু কিমান পৰিয়ালে হুমুনিয়াহ কাঢ়িব৷