নিয়মীয়া বাৰ্তা ২ আগষ্টঃ মিকিৰভেটা আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া মৃদুল হাজৰিকাৰ ৰ নেতৃত্বত আৰক্ষীৰ দলে গ্ৰেপ্তাৰ কৰিছে ডিমাপুৰৰ পৰা অসমলৈ ড্ৰাগছ সৰবৰাহ কৰা দুৰ্ধৰ্ষ ড্ৰাগছ হৰ বৰাহ কাৰী দিলদাৰ হুছেইন। তেওঁৰ পৰা উদ্ধাৰ হৈছে 1 লাখ টকাৰ হেৰইন। গ্ৰেপ্তাৰ আন দুজন সাদ্দাম আৰু সহাবুদ্দিন । উল্লেখ্য শেহতীয়াকৈ মৰিগাঁও জিলাৰ আৰক্ষী অধীক্ষক ডঃ নন্দ সিং বৰকলাই ড্ৰাগছৰ বিৰুদ্ধে মৰিগাঁও আৰক্ষী প্ৰশাসনে শূণ্য সহণশীলতাৰ নীতিৰে কঠোৰ অভিযান চলাব বুলি ঘোষণা কৰাৰ পিছতে নিচাযুক্ত দ্ৰৱ্য ৰ অবৈধ ব্যৱসায়ৰ বিৰুদ্ধে আৰক্ষী ৰ ব্যাপক অভিযান চলিছে। মিকিৰভেটা আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া মৃদুল হাজৰিকাই দক্ষতাৰে কেবাটাও অভিযান চলাই বৃহৎ পৰিমাণৰ ড্ৰাগছ আৰু কেবাটাও ড্ৰাগছ সৰ্বৰাহকাৰী গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে।
Prev Post
নাহৰকটীয়াত ৰাজ্যিক বিজেপিৰ যুৱ নেতা তৰংগ গগৈৰ নেতৃত্বত আঢ়ৈ শতাধিক কংগ্ৰেছ সমৰ্থকে আঁৰিলে গেৰুৱা বসন
Next Post
You might also like