নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

পত্নীসহ প্ৰাক্তন মন্ত্ৰী ৰকিবুল হুছেইন ক’ভিড-১৯ত আক্ৰান্ত

নিয়মীয়া বাৰ্তা ২ আগষ্টঃ প্ৰাক্তন মন্ত্ৰী তথা কংগ্ৰেছ বিধায়িনী দলৰ উপ দলপতি ৰকিবুল হুছেইন আৰু তেওঁৰ পত্নী নাজনীন হুছেইন ক’ভিড-১৯ ত আক্ৰান্ত হৈছে। আজি বিয়লি চ’ছিয়েল মিডিয়াৰ জৰিয়তে এই কথা নিজেই প্ৰকাশ কৰে হুছেইনে। লগতে যোৱা চাৰিটা দিনত তেওঁৰ সংস্পৰ্শলৈ অহা প্ৰতিজন লোককে স্বাস্থ্য পৰীক্ষা কৰাবলৈ প্ৰাক্তন মন্ত্ৰী হুছেইনে অনুৰোধ জনাইছে। আজি স্বাস্থ্য বিভাগৰ এটা দলে প্ৰাক্তন মন্ত্ৰী গৰাকীৰ নগাওঁ চহৰৰ ঢাকাইপট্টিৰ নিজা বাসভৱনত ক’ভিড-১৯ ৰ পৰীক্ষা কৰা হয়। ৰেপিড এন্টিজেন্ট টেষ্টৰ পিছত তেওঁৰ দেহত ক’ভিড-১৯ ৰ অৱস্থিতি ধৰা পৰে। লগতে তেওঁৰ পত্নী নাজনীন হুছেইনো ক’ভিড-১৯ ত আক্রান্ত হোৱাটো নিশ্চিত হৈছে। তেওঁলোক দুয়ো নিজা বাসগৃহতে কোৱাৰেন্টাইন হৈ থাকি প্ৰয়োজনীয় চিকিৎসা গ্ৰহণ কৰিব বুলি স্বাস্থ্য বিভাগৰ সূত্ৰত প্ৰকাশ। আজি মন্ত্ৰী হুছেইন ক’ভিড-১৯ ত আক্রান্ত হোৱাৰ খবৰ বিয়পি পৰাৰ লগে লগে এই বিষয়টোৱে নগাঁৱত ব্যাপক চৰ্চা লাভ কৰে। আৰু ইয়াকলৈ নগাওঁ কংগ্ৰেছ শিবিৰত সৰৱ চৰ্চা হোৱা পৰিলক্ষিত হয়।

You might also like