এশ শতাংশ কর্মচাৰীৰে চলিল চৰকাৰী কার্যালয়ঃ যাত্রীৰ অভাৱত যাত্রা বাতিল বাছৰ
গুৱাহাটীত আৰম্ভ আনলক জনতা ভৱনত স্বাস্থ্য বিধি মানি আহিল কর্মচাৰী
নিয়মীয়া বাৰ্তা ৪ আগষ্টঃ মাৰাত্মক ক’ৰোনা ভাইৰাছ (ক’ভিড–১৯)ৰ সংক্রমণ প্রতিৰোধৰ বাবে ঘোষণা কৰা লকডাউনৰ শিথিলতাৰ পিছত আজিৰে পৰা পুনৰ ব্যস্ত হৈ পৰিছে গুৱাহাটী মহানগৰীৰ জনজীৱন৷
চৰকাৰে ঘোষণা কৰা আনলকৰ অধীনত গুৱাহাটীস্থিত চৰকাৰী কার্যালয়সমূহত ১০০ শতাংশ কর্মচাৰীৰ উপস্থিতিৰে আৰম্ভ হৈছে কাম–কাজ৷ সামাজিক দূৰত্ব আৰু স্বাস্থ্য বিধি অনুসৰণ কৰি চৰকাৰী–বেচৰকাৰী কার্যালয়সমূহৰ কর্মচাৰী পুৱা নির্দিষ্ট সময়ত উপস্থিত হয়৷ ৰাজ্য প্রশাসনৰ হূৎপিণ্ডস্বৰূপ জনতা ভৱনতো সোমবাৰে পুনৰ দেখা গ’ল ব্যস্ততা৷ সোমবাৰে জনতা ভৱনলৈ আহিল ১০০ শতাংশ কর্মচাৰী৷ পুৱা ৯ বজাৰ লগে লগে জনতা ভৱনত বিভিন্ন স্থানৰ পৰা অহা কর্মচাৰীসকলে প্রৱেশ কৰিবলৈ আৰম্ভ কৰে৷ জনতা ভৱনত প্রৱেশৰ সময়ত সকলো ধৰণৰ স্বাস্থ্য বিধি অনুসৰণ কৰা, ছেনিটাইজ কৰাৰ ব্যৱস্থা কৰা হয়৷ তদুপৰি প্রতিগৰাকী কর্মচাৰীৰ শৰীৰৰ উষ্ণতা জোখা হয় থার্মেল স্কেনাৰেৰে৷ সদৌ অসম কর্মচাৰী পৰিষদৰ যুটীয়া সম্পাদক তথা অসম সচিবালয় সেৱা সন্থাৰ সাধাৰণ সম্পাদক পার্থ হাজৰিকাই সদৰী কৰা অনুসৰি, সোমবাৰ আৰু মঙলবাৰে আন্তঃজিলা যাতায়াতৰ অনুমতি দিয়াৰ বাবে কর্মচাৰীসকল অহাত কোনোধৰণৰ অসুবিধা হোৱা নাই৷ কামৰূপ মহানগৰ, কামৰূপ জিলা, মৰিগাঁৱৰ পৰা কর্মচাৰীসকল আহিছে৷ কিন্তু বুধবাৰৰ পৰা এই কর্মচাৰীসকল কিদৰে আহিব সেয়া এক প্রশ্ণ৷ আনহাতে, এইবাৰ চৰকাৰে ঘোষণা কৰা আনলকৰ অধীনত কেৱল গর্ভৱতী মহিলাকহে ৰেহাই দিয়া হৈছে৷ এই প্রসংগত হাজৰিকাই কয়– ‘১০ বছৰ বয়সৰ শিশু থকা মাতৃসকলক এইবাৰ ৰেহাই দিয়া হোৱা নাই৷ যাৰ বাবে কিছু সমস্যাৰ সৃষ্টি হৈছে৷ কিয়নো শিশুসকলক থোৱাৰ বাবে শিশু পৰিচর্যা কেন্দ্রসমূহ বন্ধ আছে৷ একেদৰে ঘৰুৱা সহায়ক ৰখাৰ ক্ষেত্রতো সমস্যাৰ সন্মুখীন হৈছে৷’ অৱশ্যে জনতা ভৱনৰ কাম–কাজ ১০০ শতাংশ কর্মচাৰীৰে আৰম্ভ হ’লেও দর্শনার্থীৰ অনুমতি প্রদান কৰা হোৱা নাই৷
ইপিনে, জনতা ভৱনৰ কর্মচাৰীসকলৰ বাবে সোমবাৰে এণ্টিজেন পৰীক্ষাৰ ব্যৱস্থা কৰা হয়৷ জনতা ভৱন চৌহদত স্বাস্থ্য বিভাগৰ এটা দলে কর্মচাৰীসকলৰ বাবে এই পৰীক্ষাৰ সুবিধাৰ ব্যৱস্থা কৰে৷ অৱশ্যে কর্মচাৰীসকলৰ বাবে পৰীক্ষা কৰোটো বাধ্যতামূলক নাছিল বুলি হাজৰিকাই সদৰী কৰিছে৷ জনতা ভৱনৰ উপৰি মহানগৰীৰ আন চৰকাৰী–বেচৰকাৰী কার্যালয়সমূহতো দেখা গ’ল ১০০ শতাংশ কর্মচাৰীৰ উপস্থিতি৷ ৰাজহুৱা পৰিবহণ ব্যৱস্থা বন্ধ হৈ থকাৰ ফলত ব্যক্তিগত বাহনেৰে কর্মচাৰী, ব্যৱসায়ী আৰু আন লোকসকল নিত্য–নৈমিত্তিক কামৰ বাবে ওলাই অহাত ৰাজপথত ব্যাপক ভিৰ পৰিলক্ষিত হয়৷
ইফালে, প্রশাসনৰ নির্দেশনা মানি আজি প্রায় ৪ মাহৰ বিৰতিৰ অন্তত খোল খালে মহানগৰীৰ জীম আৰু যোগকেন্দ্রসমূহ৷ স্বাস্থ্য বিধি অনুসৰণ কৰি আজি পুৱাৰে পৰা জীম আৰু যোগকেন্দ্রসমূহত শাৰীৰিক অনুশীলনৰ বাবে লোকসকল ওলাই অহা দেখা যায়৷ গুৱাহাটীত দোকান আৰু ব্যৱসায়িক প্রতিষ্ঠানসমূহ খোলাৰ বাবে কামৰূপ মহানগৰ জিলা প্রশাসনে বান্ধি দিয়া সোঁ–বাঁওফালৰ নিয়ম জীম আৰু যোগকেন্দ্রসমূহৰ ক্ষেত্রত প্রযোজ্য হ’ব৷ অৱশ্যে ৰাজ্যৰ আন প্রান্তত অৱস্থিত জীম আৰু যোগকেন্দ্রসমূহত এই নীতি প্রযোজ্য নহ’ব৷ অর্থাৎ সোমবাৰৰ পৰা শুকুৰবাৰলৈ মহানগৰীৰ বাহিৰে আন জিলাসমূহত সকলো জীম আৰু যোগকেন্দ্রসমূহ খুলিব পাৰিব৷ সমান্তৰালভাৱে আজি শ্বপিং মলসমূহ খুলিবলৈ আৰম্ভ কৰিছে৷ প্রশাসনৰ নির্দেশৰ পিছতে দোকান আৰু ব্যৱসায়িক প্রতিষ্ঠানৰ ক্ষেত্রত বান্ধি দিয়া নিয়ম অনুসৰণ কৰি শ্বপিং মলসমূহ খোলা হৈছে৷ উল্লেখ্য যে ক’ৰোনা ভাইৰাছৰ সংক্রমণৰ প্রতি লক্ষ্য ৰাখি গুৱাহাটীত ২১ দিনৰ বাবে সম্পূর্ণ লকডাউন ঘোষণা কৰা হৈছে৷ এই লকডাউন যোৱা ১৯ জুলাইত অন্ত পৰাৰ পিছত কিছু শিথিলতা প্রদান কৰিছে ৰাজ্য চৰকাৰে৷ প্রাথমিকভাৱে চৰকাৰী কার্যালয়সমূহত ৩০ শতাংশ কর্মচাৰীৰ উপস্থিতিৰহে অনুমতি প্রদান কৰা হৈছিল৷ একেদৰে আন্তঃজিলা যাতায়াত সম্পূর্ণৰূপে বন্ধ কৰা হৈছিল৷ নতুন আনলকৰ অধীনত সপ্তাহৰ সোমবাৰ আৰু মঙলবাৰে আন্তঃজিলা যাতায়াতৰ বাবে অনুমতি প্রদান কৰা হৈছে৷ এই অনুসৰি সোমবাৰে গুৱাহাটীৰ পৰা বাছ চলাচল কৰা দেখা যায়৷ অৱশ্যে সাম্প্রতিক পৰিস্থিতিৰ বাবে বাছসমূহত যাত্রী নথকাত বহু বাছে যাত্রা বাতিল কৰিব লগা হয়৷ আনলকৰ অধীনত কিছু ৰেহাই দিলেও সপ্তাহৰ শেষৰ দুদিন অর্থাৎ শনি আৰু দেওবাৰে মহানগৰীত সম্পূর্ণ লকডাউন অব্যাহত থাকিব৷ একেদৰে পৰৱর্তী নির্দেশনা নিদিয়ালৈকে নিশাৰ ভাগত বলৱৎ হৈ থাকিব সান্ধ্য আইন৷
৬ ফুটৰ দূৰত্ব মানিব লাগিব জীম যোগ কেন্দ্রত
আনলক ৩.০ৰ অধীনত কেন্দ্রীয় চৰকাৰে অহা ৫ আগষ্টৰ পৰা মুকলি কৰিবলৈ অনুমতি প্রদান কৰা জীম আৰু যোগকেন্দ্রসমূহৰ ক্ষেত্রত আজি নতুন নিয়মাৱলী ঘোষণা কৰিছে৷ কেন্দ্রীয় চৰকাৰৰ গৃহ মন্ত্রালয়ে জাৰি কৰা এই নিয়মাৱলী অনুসৰি কণ্টেইনমেণ্ট জ’নৰ বাহিৰত থকা যোগকেন্দ্র আৰু জীমসমূহহে খুলিব পাৰিব৷ জীম খোলাৰ ক্ষেত্রত নিশ্চিত কৰিব লাগিব সামাজিক দূৰত্ব৷ নতুন নিয়মাৱলী অনুসৰি জীম আৰু যোগকেন্দ্রসমূহত প্রতি দুগৰাকী ব্যক্তিৰ মাজত নূ্যনতম ৬ ফুট দূৰত্ব বজাই ৰাখিব লাগিব৷ ইয়াৰ বাবে জীমৰ সা–সৰঞ্জামসমূহ ৬ ফুট দূৰে দূৰে স্থাপন কৰিবলৈ কেন্দ্রই নির্দেশনা দিছে৷ সেইদৰে যোগকেন্দ্র আৰু জীমসমূহত প্রতিগৰাকী ব্যক্তিৰ বাবে ৪ বর্গমিটাৰ স্থান নির্ধাৰণ কৰিব লাগিব৷ চৌহদত থকাৰ সময়ত লোকসকলে মাস্ক পৰিধান কৰাটো বাধ্যতামূলক৷ জীম আৰু যোগকেন্দ্রসমূহত যোৱা লোকসকলে আৰোগ্য সেতু এপ ব্যৱহাৰ কৰিবলৈ নির্দেশ দিছে কেন্দ্রীয় চৰকাৰে৷ তদুপৰি ৬৫ বছৰ ঊর্ধ্বৰ আৰু ১০ বছৰ অনূর্ধ্বৰ শিশুক জীমলৈ নাযাবলৈ পৰামর্শ প্রদান কৰা হৈছে৷ জীমসমূহত পৰাপক্ষত কার্ডৰ জৰিয়তে মাচুল আদায় কৰাৰো পোষকতা কৰা হৈছে৷ এই নতুন নিয়মাৱলীৰ অধীনত জীমৰ ভিতৰত কর্মচাৰীৰ সংখ্যা সীমিত কৰাৰ বাবে নির্দেশ দিছে কেন্দ্রীয় চৰকাৰে৷ সামাজিক দূৰত্ব মানিহে জীমৰ লকাৰ ৰুমসমূহ ব্যৱহাৰ কৰিব পাৰিব৷ সমান্তৰালভাৱে জীম আৰু যোগকেন্দ্রত থকা ডাষ্টবিনসমূহ ঢ়াকনিযুক্ত হোৱাটো বাধ্যতামূলক৷ স্পা, ষ্টীম বাথ আৰু ছুইমিংপুল বন্ধ ৰাখিব লাগিব৷