নিয়মীয়া বাৰ্তা ৪ আগষ্টঃ নাগৰিকত্ব (সংশোধনী) আইন, ২০১৯ বাতিলৰ দাবীত পুনৰ প্রতিবাদত নামিছে ৭০ সংগঠন৷ দিনৰ ১১ বজাত গুৱাহাটীৰ চচলত ‘কা’ বাতিল আৰু অখিল গগৈৰ মুক্তিৰ দাবীত বৃহৎ মানৱ–শৃংখল গঢ়ি তোলে সংগঠনটোৱে৷ হাতে হাতে অখিল গগৈৰ ফটোসম্বলিত বেনাৰ–ফেষ্টুন লৈ অখিল গগৈক মুক্তি দিয়ক আৰু ‘কা’ বাতিল কৰক আদি শ্লোগানেৰে আজি প্রতিবাদস্থলী উত্তাল হৈ পৰে৷ প্রতিবাদকাৰীসকলে কার্যসূচীত ক’ভিড–১৯ৰ সকলো স্বাস্থ্যবিধি আৰু সমাজিক দূৰত্ব মানি প্রতিবাদত অংশগ্রহণ কৰে৷ গুৱাহাটীৰ চচলস্থিত ভিআইপি ৰোডৰ ওপৰত বৃহৎ মানৱ–শৃংখল গঢ়ি সম্পূর্ণ গণতান্ত্রিকভাৱে এই প্রতিবাদী কার্যসূচী ৰূপায়ণ কৰে৷ প্রতিবাদকাৰীসকলে ‘অখিল গগৈক মুক্তি দিয়ক’, ‘কা’ আমি নামানো’, ‘কা’ বাতিল কৰিব লাগিবই’ ইত্যাদি শ্লোগানেৰে ৰাজপথ উত্তাল কৰি ৰাখে৷ দিনৰ ১১ বজাত আৰম্ভ হোৱা এই কার্যসূচী ১২ বজালৈকে ৰূপায়ণ কৰে৷ তাৎপর্যপূর্ণভাৱে এই কার্যসূচীৰ ৰূপায়ণ স্থলীৰ পৰা কামৰূপ (মহানগৰ) জিলা সমিতিৰ সাধাৰণ সম্পাদক আকাশ দলেক অসম আৰক্ষীয়ে আটক কৰি দিছপুৰ থানালৈ লৈ যায়৷