ডিজিটেল মিডিয়া
ডিজিটেল মাধ্যমবোৰৰ আগমনে পৰম্পৰাগত সংবাদ মাধ্যমক কিছু হ’লেও শংকিত কৰি তুলিছে৷ শংকিত কৰাৰ মূল কাৰণ সংবাদ প্রেৰণৰ ক্ষিপ্রতা নহয়, হ’ল বিশ্বাসযোগ্যতাৰ কথা৷ ছ’চিয়েল মিডিয়াত ইচ্ছা থকা প্রতিজনেই একোজন সাংবাদিক আৰু সম্পাদক৷ তেওঁৰ সংবাদ কিমান মানুহে পঢ়িব সেইটো নির্ভৰ কৰে তেওঁৰ একাগ্রতাৰ ওপৰত৷ মন কৰিলেই ছ’চিয়েল মিডিয়াত পাঠকৰ সংখ্যা বঢ়াব পাৰি৷ কামটো মনযোগেৰে লোৱাসকলে এখন সংবাদ–পত্রৰ সমান পাঠকক স্পর্শ কৰিব পাৰে৷ কিন্তু মূল কথা হ’ল সংবাদৰ বিশ্বাসযোগ্যতা৷ সংবাদ মাধ্যমৰ বিশ্বাসযোগ্যতা প্রসংগত আজিকালি নানান ধৰণৰ কথা ওলাই থাকে৷ বিভিন্ন সংবাদ মাধ্যমৰ বিভিন্ন সাংবাদিকৰ লগত ৰাজনৈতিক নেতাৰ বিশেষ হলিগলিৰ সংবাদে সংবাদ মাধ্যমৰ বিশ্বাসযোগ্যতাত আঘাত হানে বা হানি আহিছে৷ সংবাদৰ খাতিৰত বা প্রয়োজনত সাংবাদিকে ৰাজনৈতিক নেতাক লগ পাবই, লগ পাই থকাৰ পাছত ঘনিষ্ঠতাও হ’বই, এইবোৰ সাধাৰণ কথা৷ কিন্তু এই মিলামিছাই যদি সংবাদক প্রভাৱিত কৰে, তেতিয়া হ’লে সেই মিলামিছা সন্দেহজনক হৈ পৰে আৰু সি সংবাদ–পত্রৰ মর্যাদা হানি কৰে৷ কেইদিনমান আগতে দিল্লী বিশ্ববিদ্যালয়ৰ এখন ছেমিনাৰত দিল্লীৰ এগৰাকী পৰিচিত সাংবাদিক, আউটলুক আলোচনীৰ সম্পাদক ৰুবেন বেনার্জীয়ে কৈছিল যে ২০১৪ চনত নৰেন্দ্র মোদী প্রধানমন্ত্রী হোৱাটো খাটাং বুলি সকলোৱে জানিছিল, তথাপিতো তেওঁ এই কথাৰ সম্ভাৱনাই নাই বুলি লিখিছিল৷ কিন্তু ছেমিনাৰখনত তেওঁ কোৱা নাছিল কিয় এনেদৰে এটা বাগধাৰাৰ জন্ম দিবলৈ তেওঁ ব্যস্ত হৈছিল, কিন্তু কৈছিল যে সেই কাৰণটোতে সংবাদ–পত্রখনৰ বিশ্বাসযোগ্যতা কমি গৈছিল৷ মূল কথা হ’ল, সংবাদ মাধ্যমত কণ্টেণ্ট ইজ দ্য কিং৷ কণ্টেণ্টৰ বাবেই কাকত এখনৰ বিশ্বাসযোগ্যতা গঠন হয় আৰু সেই কণ্টেণ্ট যদি পাঠকে সম্পাদকে নিজৰ স্বার্থত ব্যৱহাৰ কৰা বুলি ভাবিব লগা অৱস্থাৰ সৃষ্টি হয়, সেয়া সংবাদ জগতৰ বাবেই দুখৰ কথা৷ এই বিশ্বাসযোগ্যতা পৰম্পৰাগত মাধ্যম বা নতুন মাধ্যম–সকলোৰে বাবে সমানেই প্রযোজ্য৷ এইটোও ঠিক যে একোটা বিশেষ সামাজিক পৰিৱেশত পাঠকে পঢ়ি ভালপোৱা ধৰণৰ সংবাদ প্রকাশ বা প্রচাৰৰ যোগেৰেও কিছুমান সংবাদ মাধ্যমে জনপ্রিয়তা গোটাব পাৰে, তেনে অৱস্থাত সংবাদৰ বিশ্বাসযোগ্যতাৰ লগত পাঠকৰ আৱেগৰ কথা জড়িত হৈ যায় আৰু পাঠকে যি ধৰণৰ সংবাদ পঢ়িবলৈ আগ্রহ প্রকাশ কৰি থাকে তেনে সংবাদকেই বিশ্বাসযোগ্য সংবাদ হিচাপে গ্রহণ কৰে৷ কিন্তু এনে ব্যৱসায়ৰ ফল এটা সময়ত ভুল বুলি প্রমাণিত হয়৷ এইবোৰ সাময়িক উত্তেজনা বা আৱেগ থাকিলেও আৰু সি সংবাদ মাধ্যমক প্রভাৱিত কৰিলেও বিশ্বাসযোগ্য সংবাদৰ মূল্য সদায়েই আছে আৰু ভৱিষ্যতেও থাকিব৷
ছ’চিয়েল মিডিয়াৰ বাতৰিবোৰ যিদৰে প্রচাৰ আৰু বিস্তৃতি লাভ কৰে তাৰ দ্বাৰা পৰম্পৰাগত সংবাদ মাধ্যমে প্রভাৱিত হৈছে আৰু সেইবাবেই দৈনিক কাকতেও খবৰ দিবলৈ পিছদিনা পুৱালৈ অপেক্ষা নকৰি ইণ্টাৰনেটৰ সহযোগত তাৎক্ষণিকভাৱে সংবাদ সৰবৰাহ কৰা কামটো কৰিবলৈ বাধ্য হৈছে৷ খবৰ তাৎক্ষণিকভাৱে পাবলৈ গ্রাহকে অতিৰিক্ত ধন ভৰিবলৈও সাজু হৈছে৷ হাতৰ মুঠিত থকা মোবাইলো এতিয়া বিভিন্ন সংবাদ মাধ্যমৰ সংবাদৰ ভঁৰাল৷ এই মোবাইল ফোনটোৱেই পৰম্পৰাগত সংবাদ মাধ্যমক শংকিত কৰি তুলিছে৷ কিন্তু কাগজত পুৱা সংবাদ পঢ়া যি অভ্যাস মানুহৰ আছে, ইমান বছৰে গঢ় লৈ উঠিছে, তাৰ প্রভাৱতেই মানুহে এতিয়াও দিনটোৰ খবৰ পোৱাৰ পাছত বাহী খবৰো হজম কৰিছে৷ ক’ৰোনা কালত অনলাইন শিক্ষাৰ যি ব্যৱস্থা চলিছে সেই ব্যৱস্থাই সেই অভ্যাসক তৰিৎ গতিত আগবঢ়াই নিছে৷ এই পৰিৱেশত সংবাদ–পত্রবোৰে এনেকুৱা বিশ্বাসযোগ্য সংবাদ আৰু অন্য পঠন সামগ্রী দিবই লাগিব যিবোৰ এই নতুন মিডিয়াই দিবলৈ সক্ষম হোৱা নাই বা নহয়৷ ডিজিটেল মিডিয়াৰ স’তে পৰম্পৰাগত সংবাদ মাধ্যমৰ যি প্রতিযোগিতা আৰম্ভ হৈছে তাত অকল সংবাদ বহন কৰা মাধ্যমৰ পৰিৱর্তনেই প্রথম কথা নহয়, ক’ৰোনাই সলনি কৰি দিয়া পাঠক–মানসিকতাৰ প্রভাৱো গুৰুত্বপূর্ণ কথা৷ অপ্রত্যাশিতভাৱে সলনি হোৱা পৃথিৱীখনত ৰাইজে পঠন সামগ্রীবোৰক কেনেদৰে বিচাৰ কৰিছে, কেনেদৰে পৰিৱর্তন আশা কৰিছে, সেইবোৰ কথা ক্ষেত্রভিত্তিক অনুসন্ধান আৰু গবেষণাৰ মাজেৰে বিচাৰ কৰাটো উচিত৷ এককভাৱে নোৱাৰিলে সংবাদ মাধ্যমসমূহ একত্রিত হৈ এই দিশৰ গবেষণা আৰু অধ্যয়নৰ বাবে উপযুক্ত ব্যক্তি বা প্রতিষ্ঠানক দায়িত্ব দিয়া উচিত৷