নিয়মীয়া বার্তা, ৭ আগষ্টঃ দেশৰ ১০খন গ্রীষ্ম চহৰৰ তালিকাত স্থান পাইছে উত্তৰ–পূর্বাঞ্চলৰ দুৱাৰমুখস্বৰূপ গুৱাহাটী মহানগৰে৷
ভাৰতীয় বতৰ বিজ্ঞান বিভাগ আৰু স্কাইমেটৰ তথ্য অনুসৰি ৫ আগষ্টৰ দিনটোত গুৱাহাটীৰ পাৰাস্তম্ভৰ ঊর্ধ্বগামী গতিয়ে সর্বকালৰ অভিলেখ ভংগ কৰিছে৷ ৫ আগষ্টত গুৱাহাটীৰ তাপমাত্রা আছিল ৩৮.৬ ডিগ্রী চেলছিয়াছ৷
গুৱাহাটী বৰঝাৰস্থিত আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্রই সদৰী কৰা তথ্য অনুসৰি ৫ আগষ্টৰ ৩৮.৬ ডিগ্রী চেলছিয়াছ তাপমাত্রাই কেইবাটাও অভিলেখ ভংগ কৰিছে৷ পূর্বতে গুৱাহাটীত কোনোদিনে আগষ্ট মাহত ৩৮ ডিগ্রী চেলছিয়াছ অতিক্রম কৰা নাছিল৷
ভাৰতীয় বতৰ বিজ্ঞান বিভাগৰ ৰাষ্ট্রীয় তথ্য অনুসৰি ৫ আগষ্টত দেশৰ ১০খন গ্রীষ্ম চহৰৰ তালিকাত প্রথমবাৰৰ বাবে গুৱাহাটী অন্তর্ভুক্ত হৈছে৷ দেশৰ ১০খন গ্রীষ্ম চহৰৰ ৮খনেই ৰাজস্থানৰ আৰু এখন গুজৰাটৰ৷ দেশৰ ভিতৰতে ৰাজস্থানৰ জয়চালমেৰ চহৰৰ তাপমাত্রা আছিল সর্বোচ্চ ৪৩.১ ডিগ্রী চেলছিয়াছ৷