নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

শিশুৱে মাতৃভাষাৰ মাধ্যমেৰে অতি সোনকালে শিক্ষা আহৰণ কৰে। – প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী

নিয়মীয়া বাৰ্তা, ৭ আগষ্টঃ শিশুৱে নিজ মাতৃভাষাৰ মাধ্যমেৰে অতি সোনকালে শিক্ষা আহৰণ কৰে। -এই মন্তব্য প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীৰ।

ৰাষ্ট্ৰীয় শিক্ষা নীতিৰ আধাৰত মানৱসম্পদ উন্নয়ন মন্ত্ৰালয় আৰু বিশ্ববিদ্যালয় মঞ্জুৰি আয়োগৰ উদ্যোগত আয়োজিত উচ্চ শিক্ষাৰ ৰূপান্তৰমূলক সংস্কাৰ বিষয়ক সন্মিলনত ভাষণ আগবঢ়ায় এইদৰে কয় মোদীয়ে।

প্ৰধানমন্ত্ৰী মোদীয়ে কয়- ‘এইক্ষেত্ৰত কোনো বিবাদ নাই যে শিশুৱে স্কুলত শিক্ষাগ্ৰহণ কৰা ভাষা যদি শিশুটোৰ ঘৰত ব্যৱহাৰ কৰা ভাষা হয়, তেন্তে শিশুটিৰ বাবে শিক্ষাগ্ৰহণ অতি সহজ হৈ উঠে। নতুন ৰাষ্ট্ৰীয় শিক্ষানীতি মতে পঞ্চম শ্ৰেণীলৈ প্ৰত্যেক শিশুকে মাতৃভাষাত পঢ়োৱাৰ ব্যৱস্থা কৰাৰ কাৰণো এইটোৱে।’

প্ৰধান মন্ত্ৰীগৰাকীয়ে লগতে কয় যে ৰাষ্ট্ৰীয় শিক্ষানীতি প্ৰকাশ হোৱাৰ পিছত দেশৰ কোনো অঞ্চল, কোনো বিভাগৰ পৰা ইয়াক লৈ পক্ষপাতিত্ব কৰাৰ অভিযোগ নুঠাটো এটা আনন্দৰ কথা।

You might also like