নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

চৰকাৰী অনুষ্ঠানতে জ্যেষ্ঠ সহায়কক প্রহাৰ বিধায়ক ৰাভাৰ

গোৱালপাৰাত জনপ্রতিনিধিৰ অভব্য আচৰণ

নিয়মীয়া বাৰ্তা ৮ আগষ্টঃ দুধনৈৰ বিধায়ক দীপক ৰাভাৰ আক্রমণত গোৱালপাৰাৰ মহকুমা কল্যাণ বিষয়াৰ কার্যালয়ৰ জ্যেষ্ঠ সহায়ক বিমল ৰাভা আহত হোৱাৰ ঘটনাই চাঞ্চল্য সৃষ্টি কৰিছে গোৱালপাৰাত৷ জানিব পৰা মতে, গোৱালপাৰাৰ মহকুমা কল্যাণ বিষয়াৰ কার্যালয়ৰ পৰা আজি অনুসূচিত জাতি আৰু অন্যান্য পিছপৰা শ্রেণীৰ দৰিদ্র শ্রেণীৰ লোকৰ মাজত টিনপাত বিতৰণ কৰে৷ টিনপাত বিতৰণ চলি থকাৰ মাজতে আজি আবেলি দুধনৈ সমষ্টিৰ বিধায়ক দীপক কুমাৰ ৰাভাই সাংগোপাংগসহ কার্যালয়ত উপস্থিত হৈ তেওঁ দিয়া তালিকাৰ লোকে কিয় টিনপাত নাপালে বুলি জ্যেষ্ঠ সহায়কগৰাকীক জবাবদিহি কৰি অনুসূচিত জাতি উন্নয়ন ব’ডৰ অধ্যক্ষ ৰঞ্জিত দাস আৰু অন্যান্য পিছপৰা শ্রেণী উন্নয়ন ব’ডৰ অধ্যক্ষ ভৱনাথ নাথৰ সন্মুখতে বিধায়কগৰাকীয়ে মাৰপিট কৰি গুৰুতৰভাৱে আহত কৰে৷ অৱশ্যে জিলা বিজেপিৰ সভাপতি আৰু ৰাভা হাছং স্বায়ত্তশাসিত পৰিষদৰ কার্যবাহী সদস্য সুচিত্রা নাথৰ হস্তক্ষেপত পৰিস্থিতি নিয়ন্ত্রণ হয়৷ আহত জ্যেষ্ঠ সহায়কগৰাকীয়ে জনোৱা মতে, টিনপাত হিতাধিকাৰীৰ আবেদন কৰাৰ সময়সীমা পাৰ হৈ যোৱাৰ পাছতহে বিধায়কগৰাকীয়ে হিতাধিকাৰীৰ তালিকা জমা দিছিল আৰু হিতাধিকাৰী বাছনিৰ ক্ষেত্রত তেওঁৰ কোনো ক্ষমতা নাই৷ জিলা উপায়ুক্তই হিতাধিকাৰী বাছনিৰ অধ্যক্ষ হোৱা বাবেই সকলো কাম জিলা উপায়ুক্তৰ কার্যালয়ৰ পৰাই হয়৷তেওঁলোকে কেৱল বিতৰণহে কৰে বুলি জ্যেষ্ঠ সহায়কগৰাকীয়ে কয়৷ উক্ত ঘটনা সন্দর্ভত গোৱালপাৰা সদৰ থানাত বিধায়কৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰিব বুলিও উল্লেখ কৰে জ্যেষ্ঠ সহায়কগৰাকীয়ে৷ ইপিনে শাসকীয় দলৰ এগৰাকী বিধায়ক হৈ কর্মৰত কর্মচাৰী এগৰাকীক মাৰপিট কৰা ঘটনাক তীব্র ভাষাৰে গৰিহণা দিয়ে অনুসূচিত জাতি উন্নয়ন ব’ডৰ অধ্যক্ষ ৰঞ্জিত দাস আৰু অন্যান্য পিছপৰা শ্রেণী উন্নয়ন ব’ডৰ অধ্যক্ষ ভৱনাথ নাথে৷ অৱশ্যে উপযুক্ত তদন্তৰ জৰিয়তে পোহৰলৈ আহিব ঘটনাটো প্রকৃততে কি হৈছিল৷

You might also like