মননশীল কবি প্রশান্ত বিশ্ব শর্মাৰ পুণ্য তিথি পালন অসম সাহিত্য সভাৰ
নিয়মীয়া বাৰ্তা ৮ আগষ্টঃ অসম সাহিত্য সভাৰ গুৱাহাটী কার্যালয়ত অৱস্থিত প্রশান্ত বিশ্ব শর্মা স্মাৰক ভৱনত জাতীয় আদর্শ শিক্ষা সংসদৰ উদ্যোগত অন্তর্দৃষ্টি–নুভৱী মননশীল কবি প্রশান্ত বিশ্ব শর্মাৰ তৃতীয় পুণ্যতিথি পালন কৰা হয়৷ অসম সাহিত্য সভাৰ বিদায়ী সভাপতি তথা জাতীয় আদর্শ শিক্ষা সংসদৰ অধ্যক্ষ ড০ পৰমানন্দ ৰাজবংশীৰ উপস্থিতিত কবিগৰাকীৰ প্রতিচ্ছবিত বন্তি প্রজ্বলন কৰা হয়৷ ইয়াৰ পাছতে গুৱাহাটী কার্যালয়ৰ ড০ মহেন্দ্র নাথ বৰা সভাকক্ষত ড০ ৰাজবংশীৰ পৌৰোহিত্যত এখন স্মৃতিচাৰণ সভা অনুষ্টুপীয়াকৈ অনুষ্ঠিত কৰা হয়৷ জাতীয় শিক্ষা সংসদৰ সঞ্চালক ৰাণা বশিষ্ঠই উদ্দেশ্য ব্যাখ্যা আৰু আঁত ধৰা সভাখনৰ আৰম্ভণিতে কবিগৰাকীৰ স্মৃতিত এক মিনিট সময় মৌন প্রার্থনা কৰা হয়৷ অনন্য প্রতিভাধৰ কবিগৰাকীৰ কাব্যকীর্তি, নিষ্ঠা, সততাৰ বিষয়ে স্মৃতিচাৰণ কৰে অসম সাহিত্য সভাৰ মুখপাত্র ড০ সঞ্জীৱ কুমাৰ শর্মা, যুৱ সংসদৰ কার্যকৰী সভাপতি প্রফুল্ল বর্মন, প্রাক্তন ধনভঁৰালী কনক কুমাৰ বৰা, ৰামধেনুৰ আহ্বায়ক মাণিক আহমেদ, আভ্যন্তৰীণ হিচাপ পৰীক্ষক বিষ্ণু ডেকা, কবি ৰুমা ভট্টাচার্য আৰু সুবোদ তালুকদাৰ আদি ব্যক্তিসকলে৷ সভাৰ সভাপতিৰ ভাষণত ড০ ৰাজবংশীয়ে কয় যে অসম সাহিত্য সভাৰ বর্তমানৰ উপ–সভাপতি মৃণালিনী দেৱীৰ একক প্রচেষ্টা আৰু তেওঁৰ পৰিয়ালবর্গৰ বদান্যতাত প্রশান্ত বিশ্ব শর্মা স্মাৰক ভৱনটি নির্মাণ কৰা হয়৷ ভৱনটি নির্মাণৰ কাৰিকৰী ক্ষেত্রত সহায় আগবঢ়োৱা প্রাইড ইষ্ট এণ্টাৰটেইনমেণ্টৰ সঞ্চালক ৰিণিকি শর্মা ভূঞা আৰু অসমৰ সুদক্ষ মন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাৰ বিশেষভাৱে শলাগ জ্ঞাপন কৰে৷ প্রশান্ত বিশ্ব শর্মাৰ কাব্যিক প্রতিভাৰ গুণানুকীর্তন কৰি তেওঁ কয়– এই স্মাৰক ভৱনৰ জৰিয়তে দক্ষ প্রতিভাধৰ অভিযন্তাগৰাকীৰ নাম চিৰদিন–চিৰকাল অমৰ হৈ থাকিব৷ স্মৃতিচাৰণ সভাত মংগলাচাৰণ আৰু ‘নীলা নীলা কবিতা ৰচিব লাগিব’ শীর্ষক কবিগৰাকীৰ জনপ্রিয় কবিতাটো আবৃত্তি কৰে বিশিষ্ট কবি ৰুমা ভট্টাচার্যই৷