তিনিচুকীয়াৰ সাংবাদিক হত্যাঃ ‘আপকু’ৰ জিলা সমিতিৰ গৰিহণা দুষ্কৃতিকাৰীক গ্ৰেপ্তাৰ কৰি নিদৰ্শনমূলক শাস্তিৰ দাবী
নিয়মীয়া বাৰ্তা, ৮ আগষ্টঃ আজি তিনিচুকীয়াৰ ন- পুখুৰীস্থিত ভাড়াঘৰ তথা ‘দিন প্ৰতিদিন নৰ্থ- ইষ্ট’ নামৰ নিউজ প’ৰ্টেলটোৰ কাৰ্যালয়ত প’ৰ্টেলটোৰ লগতে নিউজ টাইম, আসামৰ তিনিচুকীয়াৰ সাংবাদিক বিজেন দ্বীপৰ মৃতদেহ উদ্ধাৰ হোৱাৰ ঘটনাটোৱে আসাম প্ৰেছ ক’ৰেছপ’ণ্ডেণ্টছ ইউনিয়ন, (আপকু)ৰ তিনিচুকীয়া জিলা সমিতিৰ সকলো সদস্যকে মৰ্মাহত কৰি তুলিছে বুলি সংগঠনটোৰ সভাপতি আৰু সম্পাদক ক্ৰমে ৰবীন মৰাণ আৰু মনোৰঞ্জন নেওগে এক প্ৰেছ বিজ্ঞপ্তি যোগে জানিবলৈ দিছে। ৰাজ্যখনত দিনকদিনে বৃদ্ধি পাই অহা সাংবাদিক নিৰ্যাতন আৰু হত্যাকাণ্ডই এক অশুভ সংকেত কঢ়িয়াই অনা বুলি মন্তব্য কৰিছে সাংবাদিক সংগঠনটোৱে। বিজেন দ্বীপৰ নৃশংস হত্যাকাণ্ডই হওক শেষৰটো সাংবাদিক হত্যাৰ ঘটনা।সংগঠনটোৰ দাবী – সংশ্লিষ্ট কৰ্তৃপক্ষই সাংবাদিক হত্যাৰ দৰে ঘৃণনীয়, বৰ্বৰোচিত তথা বেদনাদায়ক ঘটনাটোৰ ক্ষীপ্ৰ তদন্ত চলাই ঘটনাৰে জড়িত পক্ষটোক অতি শীঘ্ৰে গ্ৰেপ্তাৰ কৰি নিদৰ্শনমূলক শাস্তি বিহাৰ ব্যৱস্থা কৰক। সংগঠনটোৱে লগতে সাংবাদিকৰ নিৰাপত্তা সুনিশ্চিত কৰিবলৈকো অসম চৰকাৰৰ প্ৰতি আহ্বান জনাইছে। অন্যথা গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভ সংবাদ মাধ্যমৰে জড়িত সাংবাদিকসকলৰ প্ৰতি প্ৰাণৰ ভাবুকি আহিয়েই থাকিব। লগতে অসমত কাঠফুলাৰ দৰে বৃদ্ধি পাবলৈ ধৰা নীতি বহিৰ্ভূত নিউজ প’ৰ্টেলসমূহৰ ওপৰত নাকী লগাবলৈকো অসম চৰকাৰৰ প্ৰতি আহ্বান জনাইছে সাংবাদিক সংগঠনটোৱে। সম্প্ৰতি অসমত প্ৰতিষ্ঠিত সংবাদ গোষ্ঠীসমূহৰ প্ৰতিনিধিতকৈও এখোপ ওপৰত থাকি অখ্যাত আৰু পঞ্জীয়নবিহীন প’ৰ্টেলৰ সাংবাদিক নামধাৰী একাংশই হকে- বিহকে সংবাদৰ নামত বিষবাস্প বিয়পাই সাংবাদিকতাৰ ক্ষেত্ৰখনৰ লগতে বৃত্তিটোকেই কলুষিত কৰি পেলোৱা দেখা গৈছে। এই ক্ষেত্ৰত সুনিৰ্দিষ্ট নীতি নিৰ্ধাৰণ কৰি ভুৱা সাংবাদিকৰ অতপালি নিয়ন্ত্ৰণ কৰিবলৈকো অসম চৰকাৰৰ প্ৰতি আহ্বান জনাইছে ‘আপকু’ৰ তিনিচুকীয়া জিলা সমিতিয়ে।