নগাঁৱৰ ননৈত আচিনাক্ত মৃতদেহ উদ্ধাৰ
নিয়মীয়া বার্তা ১০ আগষ্ট : নগাওঁ সদৰ থানাৰ অন্তৰ্গত ননৈ আৰক্ষী চকীৰ এলেকাধীন চাৰিলেন যুক্ত ৩৬ নং ৰাষ্ট্ৰীয় ঘাই পথৰ ঘূৰঘূৰি কালভাৰ্টৰ তলত আজি দুপৰীয়া এটা মৃতদেহ উদ্ধাৰক লৈ চাঞ্চল্যৰ সৃষ্টি হৈছে।
জানিব পৰা মতে আজি দুপৰীয়া কালভাৰ্টটোৰ তলৰ পানীৰ যুৱলিত এটা মৃতদেহ কিছু লোকে প্ৰত্যক্ষ কৰি ননৈ আৰক্ষী চকীক খবৰ দিয়ে। খবৰ পোৱাৰ লগে লগে ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ মৃতদেহটো উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে ভোগেশ্বৰী ফুকননী অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰে। প্ৰায় ৬৫ বছৰীয়া লোকজনৰ মৃতদেহ কালভাৰ্টটোৰ তলত কি পৰিস্থিতিত কেনেকৈ উদ্ধাৰ হল সেয়া জানিব পৰা হোৱা নাই। আৰক্ষীৰ তদন্তত হে সকলো কথা পোহৰলৈ অহাৰ সম্ভাৱনা আছে। বাতৰি লিখা সময়লৈকে মৃতদেহটো চিনাক্ত কৰিব পৰা হোৱা নাই। সম্প্ৰতি মৃতদেহটো চিকিৎসালয় খনৰ মৰ্গতে আছে।