জাগুনত নৈত গা ধুবলৈ গৈ দুগৰাকী কণমানি সন্ধানহীন
নিয়মীয়া বাৰ্ত, ১১আগষ্টঃ তিনিচুকীয়া জিলাৰ মাৰ্ঘেৰিটা মহকুমাৰ জাগুন আৰক্ষী চকী অন্তৰ্গত বুঢ়ীদিহিং নদীৰ অৰুনাচল ঘাটত অঘটন। নদীত গা ধুবলৈ গৈ নদীৰ বুকুত সন্ধান হীন দুগৰাকী কণমানি। ৰাণী পাটিৰ (৮) আৰু জেৰীনা ময়ং(৬) নামৰ এই দুগৰাকী কণমানিৰ সন্ধানহীন ঘটনাই সমগ্ৰ অঞ্চলটোত চাঞ্চল্যৰ সৃষ্টি হৈছে। জাগুনৰ কাৰপংপুলি গাঁৱত নিবাসী এই দুই কণমানিয়ে বুঢ়ীদিহিং নৈ আজি পুৱা ৯ মান বজাত গা ধুবলৈ গৈছিল বুলি জানিব পৰা গৈছে। ঘটনাস্থলীত এচ দি আৰ এফ বাহিনী লোক উপস্থিত হৈ উদ্ধাৰ অভিযান অব্যাহত ৰাখিছে যদিও বাতৰি লেখা সময়লৈকে সন্ধান পোৱা নাই কণমানি দুগৰাকীৰ।